--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোৱা হয় লোভেই পাপ..পাপেই মৃত্যু। যিকোনো বস্তু লোভ কৰাটো বৰ বেয়া কথা। এজন লুভীয়া দৰাৰ বৰ বিষম গতি হল। লোভৰ বাবেই কইনাঘৰৰ পৰা উৰাই-ঘূৰাই পিটন খালে দৰাই। দৰাজনৰ নাম মোজাম্মিল হুছেইন। মোজাম্মিল হুছেইনে বিয়া পাতিবৰ বাবে কইনাঘৰত ৰাখিছিল এটা চৰ্ত। সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যি ভিডিঅটোত দেখা গৈছে দৰাৰ সাজত এজন লোকে কইনা ঘৰৰ মানুহৰ পৰা উৰাই ঘূৰাই কোব খাইছে। পৰিস্থিতি ভয়ংকৰ দেখি দৰাক বিয়া মণ্ডপতে এৰি পলায়ন কৰিলে দৰা পৰিয়ালৰ অন্য লোকসকল। এই ঘটনা উত্তৰ প্ৰদেশ গাজিয়াবাদৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, দৰাই কইনা ঘৰত উপস্থিত হৈ বিয়াৰ সকলো নিয়ম সমাপন কৰে। কিন্তু অলপ পাছতে মণ্ডপত বহাৰ বাবে অমান্তি হয় দৰা মোজাম্মিল। হাতত নগদ ১০ লাখ টকা নিদিয়ালৈকে কইনাক বিয়া নকৰাও বুলি কয় মোজাম্মিল হুছেইনে। ইতিমধ্যে কইনাঘৰে বিয়াৰ পূৰ্বেই দৰাৰ দাবী অনুসৰি দৰাক ৩ লাখ টকা নগদ দিয়াৰ ওপৰিও ১ লাখ টকাৰো অধিক মূল্যৰ এটা হীৰাৰ আঙুঠি উপহাৰ দিছিল। কিন্তু সিমানতো মন নভৰিল লুভীয়া দৰা মোজাম্মিলৰ। লোভৰ কোবত পৰি বিবাহ মণ্ডপতে তেওঁ দাঙি ধৰে নিজৰ নতুন দাবী।

লগে লগে কইনা ঘৰৰ সকলো লোক খঙত জ্বলি পকি উঠে। টকাৰ বাবে কইনাক বিয়া নাপাতো বুলি কোৱা কাৰণে কইনাৰ পৰিয়ালৰ লোকে উত্তম-মাধ্যম শোধায় দৰাক। এই ঘটনাৰ বিষযে আৰক্ষীয়ে গম পোৱাত বিয়াথলীত উপস্থিত হৈ দৰাক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে আৰু থানালৈ আনে। কইনাৰ ভাতৃয়ে দৰা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। অভিযুক্ত দৰাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ৪২০ আৰু যৌতুক নিষিদ্ধকৰণ আইন, ১৯৬১-ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। পাছত গম পোৱা যায় যে মোজাম্মিল হুছেইনে পূৰ্বেও বহু কেইখন বিয়া পাতিছে আৰু যৌতুকৰ লোভত পত্নীক ত্যাগ কৰিছে।

আৰু পঢ়ক: জন্মদিনৰ উপহাৰ! ২ বছৰীয়া পুত্ৰক চন্দ্ৰৰ মাটি কিনি উপহাৰ দিলে পিতৃয়ে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান