--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোৱা হয় লোভেই পাপ..পাপেই মৃত্যু। যিকোনো বস্তু লোভ কৰাটো বৰ বেয়া কথা। এজন লুভীয়া দৰাৰ বৰ বিষম গতি হল। লোভৰ বাবেই কইনাঘৰৰ পৰা উৰাই-ঘূৰাই পিটন খালে দৰাই। দৰাজনৰ নাম মোজাম্মিল হুছেইন। মোজাম্মিল হুছেইনে বিয়া পাতিবৰ বাবে কইনাঘৰত ৰাখিছিল এটা চৰ্ত। সেই দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যি ভিডিঅটোত দেখা গৈছে দৰাৰ সাজত এজন লোকে কইনা ঘৰৰ মানুহৰ পৰা উৰাই ঘূৰাই কোব খাইছে। পৰিস্থিতি ভয়ংকৰ দেখি দৰাক বিয়া মণ্ডপতে এৰি পলায়ন কৰিলে দৰা পৰিয়ালৰ অন্য লোকসকল। এই ঘটনা উত্তৰ প্ৰদেশ গাজিয়াবাদৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, দৰাই কইনা ঘৰত উপস্থিত হৈ বিয়াৰ সকলো নিয়ম সমাপন কৰে। কিন্তু অলপ পাছতে মণ্ডপত বহাৰ বাবে অমান্তি হয় দৰা মোজাম্মিল। হাতত নগদ ১০ লাখ টকা নিদিয়ালৈকে কইনাক বিয়া নকৰাও বুলি কয় মোজাম্মিল হুছেইনে। ইতিমধ্যে কইনাঘৰে বিয়াৰ পূৰ্বেই দৰাৰ দাবী অনুসৰি দৰাক ৩ লাখ টকা নগদ দিয়াৰ ওপৰিও ১ লাখ টকাৰো অধিক মূল্যৰ এটা হীৰাৰ আঙুঠি উপহাৰ দিছিল। কিন্তু সিমানতো মন নভৰিল লুভীয়া দৰা মোজাম্মিলৰ। লোভৰ কোবত পৰি বিবাহ মণ্ডপতে তেওঁ দাঙি ধৰে নিজৰ নতুন দাবী।

লগে লগে কইনা ঘৰৰ সকলো লোক খঙত জ্বলি পকি উঠে। টকাৰ বাবে কইনাক বিয়া নাপাতো বুলি কোৱা কাৰণে কইনাৰ পৰিয়ালৰ লোকে উত্তম-মাধ্যম শোধায় দৰাক। এই ঘটনাৰ বিষযে আৰক্ষীয়ে গম পোৱাত বিয়াথলীত উপস্থিত হৈ দৰাক উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে আৰু থানালৈ আনে। কইনাৰ ভাতৃয়ে দৰা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। অভিযুক্ত দৰাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ৪২০ আৰু যৌতুক নিষিদ্ধকৰণ আইন, ১৯৬১-ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। পাছত গম পোৱা যায় যে মোজাম্মিল হুছেইনে পূৰ্বেও বহু কেইখন বিয়া পাতিছে আৰু যৌতুকৰ লোভত পত্নীক ত্যাগ কৰিছে।

আৰু পঢ়ক: জন্মদিনৰ উপহাৰ! ২ বছৰীয়া পুত্ৰক চন্দ্ৰৰ মাটি কিনি উপহাৰ দিলে পিতৃয়ে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন