--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ উন্মোচিত হ’ল পাকিস্তানৰ ষড়যন্ত্ৰ।  কলকাতা আৰক্ষীয়ে শেহতীয়াকৈ এজন সন্দেহযুক্ত পাকিস্তানী গুপ্তচৰক আটক কৰিছে। ৩৬ বছৰীয়া ব্যক্তিজনক আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ আধাৰত গ্ৰেপ্তাৰ  কৰিছে।  তেওঁৰ পৰা বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হৈছে। 

 কলকাতা আৰক্ষীয়ে শুক্ৰবাৰে নিশা হাওৰাত থকা লোকজনৰ  বাসগৃহৰ পৰা  তেওঁক আটক কৰে। লোকজনক পিছত   বিশেষ টাস্ক ফ'ৰ্চৰ কাৰ্যালয়ত কেইবা ঘণ্টা ধৰি  জেৰাৰ চলোৱাৰ পিছত আজি তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়। বিহাৰৰ দৰভাঙ্গা জিলাৰ বাসিন্দা অভিযুক্তজন দেশৰ সুৰক্ষাৰ সৈতে আপোচ কৰিব পৰা কাৰ্যকলাপত জড়িত আছিল বুলি অভিযোগ কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা কামৰ  সৈতে তেওঁৰ পোনপটীয়া সম্পৰ্ক থকা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে। 

 এই সন্দৰ্ভত অধিক অনুসন্ধান চলালে বহু তথ্য লাভ কৰিব পৰা যাব বুলি আৰক্ষীয়ে কৈছে।লোক জনৰ পৰা  ম'বাইল ফোন আৰু বহু সংবেদনশীল তথ্য উদ্ধাৰ কৰা হৈছে। অভিযোগ অনুসৰি লোক জনে সেইবোৰ তথ্য পাকিস্তানৰ এজন অচিনাক্ত এজেণ্টলৈ প্ৰেৰণ ককৰি আছিল।লোকজনক ৬ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য পাকিস্তানে ভাৰতৰ গোপন তথ্য লাভ কৰাৰ বাবে হানি ট্ৰেপিঙকে ধৰি বহু পদ্ধতি অৱসম্বন কৰি আহিছে। কিছুদিন পূৰ্বে পাকিস্তানৰ হাতত ভাৰতৰ গোপন তথ্য তুলি দিয়াৰ অভিযোগত ডিআৰডিঅ’ৰ এজন বিজ্ঞানীকো গ্ৰেপ্তাৰ কৰা হৈছিল। ভাৰতৰ বহু লোকক পাকিস্তানে নানা ধৰণে প্ৰলোভিত কৰি ভাৰতৰ তথ্য সৰকাই নিয়াৰ ঘটনা নতুন হৈ থকা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল