--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ উন্মোচিত হ’ল পাকিস্তানৰ ষড়যন্ত্ৰ।  কলকাতা আৰক্ষীয়ে শেহতীয়াকৈ এজন সন্দেহযুক্ত পাকিস্তানী গুপ্তচৰক আটক কৰিছে। ৩৬ বছৰীয়া ব্যক্তিজনক আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ আধাৰত গ্ৰেপ্তাৰ  কৰিছে।  তেওঁৰ পৰা বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা হৈছে। 

 কলকাতা আৰক্ষীয়ে শুক্ৰবাৰে নিশা হাওৰাত থকা লোকজনৰ  বাসগৃহৰ পৰা  তেওঁক আটক কৰে। লোকজনক পিছত   বিশেষ টাস্ক ফ'ৰ্চৰ কাৰ্যালয়ত কেইবা ঘণ্টা ধৰি  জেৰাৰ চলোৱাৰ পিছত আজি তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয়। বিহাৰৰ দৰভাঙ্গা জিলাৰ বাসিন্দা অভিযুক্তজন দেশৰ সুৰক্ষাৰ সৈতে আপোচ কৰিব পৰা কাৰ্যকলাপত জড়িত আছিল বুলি অভিযোগ কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা কামৰ  সৈতে তেওঁৰ পোনপটীয়া সম্পৰ্ক থকা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে। 

 এই সন্দৰ্ভত অধিক অনুসন্ধান চলালে বহু তথ্য লাভ কৰিব পৰা যাব বুলি আৰক্ষীয়ে কৈছে।লোক জনৰ পৰা  ম'বাইল ফোন আৰু বহু সংবেদনশীল তথ্য উদ্ধাৰ কৰা হৈছে। অভিযোগ অনুসৰি লোক জনে সেইবোৰ তথ্য পাকিস্তানৰ এজন অচিনাক্ত এজেণ্টলৈ প্ৰেৰণ ককৰি আছিল।লোকজনক ৬ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য পাকিস্তানে ভাৰতৰ গোপন তথ্য লাভ কৰাৰ বাবে হানি ট্ৰেপিঙকে ধৰি বহু পদ্ধতি অৱসম্বন কৰি আহিছে। কিছুদিন পূৰ্বে পাকিস্তানৰ হাতত ভাৰতৰ গোপন তথ্য তুলি দিয়াৰ অভিযোগত ডিআৰডিঅ’ৰ এজন বিজ্ঞানীকো গ্ৰেপ্তাৰ কৰা হৈছিল। ভাৰতৰ বহু লোকক পাকিস্তানে নানা ধৰণে প্ৰলোভিত কৰি ভাৰতৰ তথ্য সৰকাই নিয়াৰ ঘটনা নতুন হৈ থকা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা