--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথম পত্নী ইভানা ট্ৰাম্পৰ মৃত্যু। ৭৩ বছৰ বয়সত মৃত্যু হয় তেওঁৰ।

নিউয়ৰ্কৰ মুখ্য চিকিৎসা পৰীক্ষকে শুকুৰবাৰে জনোৱা মতে, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথম পত্নী ইভানা ট্ৰাম্পৰ ডিঙিৰ ওচৰত ব্লাণ্ট ইমপেক্ট আঘাত পাই মৃত্যু হোৱা বুলি সদৰী কৰিছিল।

অৱশ্যে, কি পৰিস্থিতিত তেওঁৰ মৃত্যু হ’ল সেই বিষয়ে বিবৃতিটোত উল্লেখ কৰা হোৱা নাই। আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৭৩ বছৰীয়া ইভানাৰ মানহাটানৰ ঘৰত চিৰিৰ পৰা পৰি মৃত্যু হৈছে নে নাই সেই তত্ত্বৰ তদন্ত চলাই আছে আৰক্ষীয়ে।

নিউয়ৰ্ক আৰক্ষী বিভাগৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয় যে, আপাৰ ইষ্ট চাইডত থকা ইভানা ট্ৰাম্পৰ ঠিকনাৰ পৰা অহা ফোনত বিষয়াসকলে সঁহাৰি জনায়। তাত তেওঁলোকে তেওঁক অচেতন আৰ প্ৰতিক্ৰিয়াহীন অৱস্থাত পাইছিল বুলি সদৰী কৰে।

ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত কয় যে, নিউয়ৰ্কত থকা নিজৰ ঘৰত ইভানা ট্ৰাম্পৰ মৃত্যু হয়। ৭৬ বছৰীয়া ড’নাল্ড ট্ৰাম্পে কয় যে, ‘তেওঁ এগৰাকী আচৰিত, ধুনীয়া আৰু অসাধাৰণ মহিলা আছিল, যিয়ে এক আচৰিত আৰু প্ৰেৰণাদায়ক জীৱন যাপন কৰিছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা