--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথম পত্নী ইভানা ট্ৰাম্পৰ মৃত্যু। ৭৩ বছৰ বয়সত মৃত্যু হয় তেওঁৰ।

নিউয়ৰ্কৰ মুখ্য চিকিৎসা পৰীক্ষকে শুকুৰবাৰে জনোৱা মতে, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথম পত্নী ইভানা ট্ৰাম্পৰ ডিঙিৰ ওচৰত ব্লাণ্ট ইমপেক্ট আঘাত পাই মৃত্যু হোৱা বুলি সদৰী কৰিছিল।

অৱশ্যে, কি পৰিস্থিতিত তেওঁৰ মৃত্যু হ’ল সেই বিষয়ে বিবৃতিটোত উল্লেখ কৰা হোৱা নাই। আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৭৩ বছৰীয়া ইভানাৰ মানহাটানৰ ঘৰত চিৰিৰ পৰা পৰি মৃত্যু হৈছে নে নাই সেই তত্ত্বৰ তদন্ত চলাই আছে আৰক্ষীয়ে।

নিউয়ৰ্ক আৰক্ষী বিভাগৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয় যে, আপাৰ ইষ্ট চাইডত থকা ইভানা ট্ৰাম্পৰ ঠিকনাৰ পৰা অহা ফোনত বিষয়াসকলে সঁহাৰি জনায়। তাত তেওঁলোকে তেওঁক অচেতন আৰ প্ৰতিক্ৰিয়াহীন অৱস্থাত পাইছিল বুলি সদৰী কৰে।

ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত কয় যে, নিউয়ৰ্কত থকা নিজৰ ঘৰত ইভানা ট্ৰাম্পৰ মৃত্যু হয়। ৭৬ বছৰীয়া ড’নাল্ড ট্ৰাম্পে কয় যে, ‘তেওঁ এগৰাকী আচৰিত, ধুনীয়া আৰু অসাধাৰণ মহিলা আছিল, যিয়ে এক আচৰিত আৰু প্ৰেৰণাদায়ক জীৱন যাপন কৰিছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি