--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ অন্যতম 'পাৱাৰ কাপল' দীপিকা পাডুকোন আৰু ৰণবীৰ সিং। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০১৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো। বলীউডৰ জনপ্ৰিয় যুটি হিচাপেও বিশেষ পৰিচয় বুটলিবলৈ সক্ষম হৈছে ৰণবীৰ-দীপিকাই। শেহতীয়াকৈ বলীউড অভিনেত্ৰী দীপিকাই বৈবাহিক জীৱনত সুখৰ ৰহস্যৰ বিষয়ে কেতবোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। ফিল্মি কম্পেনিয়ানক দিয়া এক সাক্ষাৎকাৰত দীপিকাই কয়, ‘ আমাৰ বৈবাহিক জীৱন সুখী হোৱাৰ মূল কাৰণ হৈছে ৰণবীৰ আৰু মোৰ মাজত বুজাবুজি। সহজ অৰ্থত ক'বলৈ গ'লে, আমি আমাৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত সকলোবোৰ কথাই আলোচনা কৰো।


আলোচনা মানে এইটো নহয় যে, আমাৰ সকলোবোৰ কথাতে দুয়োজনৰ মাজত সাংঘাটিক মিল থাকে। আলোচনাৰ মাধ্যমেৰেহে আমি এটা মতত উপনীত হও। এনেদৰে আলোচনা হ’লে সংসাৰখন ভালে থাকে। বৈবাহিক জীৱনত এইটো বৰ গুৰুত্বপূৰ্ণ কথা।কিবা কাৰণত আমাৰ মতান্তৰ হ’লেও আমি ইজনে-সিজনক বুজো। ’
ইফালে, ৰণবীৰৰ বৰ্ণময় ব্যক্তিত্ব আৰু জীৱনৰ বিষয়ে দীপিকাই কয়, ‘মই মানুহজনক শিকলিৰে বান্ধি ৰাখো। নহ’লে আৰু কি কৰিব পাৰো। ৰণবীৰে এইটো কথা আৰু ভালদৰে বুজি পায়। মই যে তেওঁৰ ওপৰত খং কৰিও একো কৰিব নোৱাৰো। সৰু ল’ৰাৰ দৰে খং কৰিলেও সুখী হয় তেওঁ। সঁচাকথা ক'বলৈ গ'লে, মই এই ক্ষেত্ৰত ৰণবীৰক সলনি কৰিব নোৱাৰো। তেওঁ মোৰ সৰু সৰু কথাতে ৰং পায়। মোৰ মনেও লাহে লাহে তাকে মানি লৈছে।’ স্বাভাৱিকতে দীপিকা পাডুকনৰ সৈতে হোৱা এই বাৰ্তালাপে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমতো দীপিকাৰ কথাই আমোদ দিছে বহুতকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ