--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ অন্যতম 'পাৱাৰ কাপল' দীপিকা পাডুকোন আৰু ৰণবীৰ সিং। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০১৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো। বলীউডৰ জনপ্ৰিয় যুটি হিচাপেও বিশেষ পৰিচয় বুটলিবলৈ সক্ষম হৈছে ৰণবীৰ-দীপিকাই। শেহতীয়াকৈ বলীউড অভিনেত্ৰী দীপিকাই বৈবাহিক জীৱনত সুখৰ ৰহস্যৰ বিষয়ে কেতবোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। ফিল্মি কম্পেনিয়ানক দিয়া এক সাক্ষাৎকাৰত দীপিকাই কয়, ‘ আমাৰ বৈবাহিক জীৱন সুখী হোৱাৰ মূল কাৰণ হৈছে ৰণবীৰ আৰু মোৰ মাজত বুজাবুজি। সহজ অৰ্থত ক'বলৈ গ'লে, আমি আমাৰ ব্যক্তিগত জীৱনৰ সৈতে জড়িত সকলোবোৰ কথাই আলোচনা কৰো।


আলোচনা মানে এইটো নহয় যে, আমাৰ সকলোবোৰ কথাতে দুয়োজনৰ মাজত সাংঘাটিক মিল থাকে। আলোচনাৰ মাধ্যমেৰেহে আমি এটা মতত উপনীত হও। এনেদৰে আলোচনা হ’লে সংসাৰখন ভালে থাকে। বৈবাহিক জীৱনত এইটো বৰ গুৰুত্বপূৰ্ণ কথা।কিবা কাৰণত আমাৰ মতান্তৰ হ’লেও আমি ইজনে-সিজনক বুজো। ’
ইফালে, ৰণবীৰৰ বৰ্ণময় ব্যক্তিত্ব আৰু জীৱনৰ বিষয়ে দীপিকাই কয়, ‘মই মানুহজনক শিকলিৰে বান্ধি ৰাখো। নহ’লে আৰু কি কৰিব পাৰো। ৰণবীৰে এইটো কথা আৰু ভালদৰে বুজি পায়। মই যে তেওঁৰ ওপৰত খং কৰিও একো কৰিব নোৱাৰো। সৰু ল’ৰাৰ দৰে খং কৰিলেও সুখী হয় তেওঁ। সঁচাকথা ক'বলৈ গ'লে, মই এই ক্ষেত্ৰত ৰণবীৰক সলনি কৰিব নোৱাৰো। তেওঁ মোৰ সৰু সৰু কথাতে ৰং পায়। মোৰ মনেও লাহে লাহে তাকে মানি লৈছে।’ স্বাভাৱিকতে দীপিকা পাডুকনৰ সৈতে হোৱা এই বাৰ্তালাপে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমতো দীপিকাৰ কথাই আমোদ দিছে বহুতকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু