--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশী ৱেব চিৰিজ 'মানি হেইষ্ট’ত দেখুওৱাৰ দৰেই সংঘটিত হ’ল এটা চুৰি কাণ্ড। এটা চোৰৰ দলে নৰ্দমাত দহ ফুট দ গাঁত খান্দি এখন জুৱেলাৰীৰ দোকানত প্ৰৱেশ কৰি ১০ লাখ টকাৰ সোণৰ গহনা লুটপাত কৰে। উত্তৰ প্ৰদেশৰ মীৰাটৰ নৌচান্দি থানা এলেকাত সংঘটিত ঘটনা। সোমবাৰে নিশা সংঘটিত হয় এই চুৰি। আনকি আৰক্ষীয়েও চোৰৰ চুৰিৰ শৈলী দেখি আচৰিত হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, সোমবাৰে গভীৰ নিশা নৌচান্দি আৰক্ষী থানা এলেকাৰ এখন গহনা দোকানৰ বাহিৰত নৰ্দমাত গাঁত খান্দি ১০ ফুট দ সুৰংগ সৃষ্টি কৰে এটা চোৰে। দোকানত সোমাবলৈ নলাৰ পাতল অংশৰ পৰা ইটা আৰু মাটি আঁতৰাই পেলোৱা হৈছিল। ইয়াৰ পিছত তেওঁলোকে দোকানত প্ৰৱেশ কৰি লুটপাত কৰে। গহনা দোকানৰ স্বত্বাধিকাৰী পীয়ুষ গাৰ্গৰ দাবী, তেওঁৰ দোকানৰ পৰা কমেও ১০ লাখ টকাৰ গহনা চুৰি হৈছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মীৰাটত ইয়াৰ পূৰ্বেও এই পদ্ধতিৰে তিনিখন দোকান চুৰি হৈছে। এনেধৰণৰ চতুৰ্থটো ডকাইতি কাণ্ড এয়া। চুৰিৰ খবৰ পোহৰলৈ অহাৰ লগে লগে নগৰখনৰ গহনা ব্যৱসায়ীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মীৰাটৰ আইন-শৃংখলাৰ পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে। নৌচান্দিৰ আৰক্ষী বিষয়া উপেন্দ্ৰ সিঙে কয় যে সমগ্ৰ বিষয়টোৰ ওপৰত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক