--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশী ৱেব চিৰিজ 'মানি হেইষ্ট’ত দেখুওৱাৰ দৰেই সংঘটিত হ’ল এটা চুৰি কাণ্ড। এটা চোৰৰ দলে নৰ্দমাত দহ ফুট দ গাঁত খান্দি এখন জুৱেলাৰীৰ দোকানত প্ৰৱেশ কৰি ১০ লাখ টকাৰ সোণৰ গহনা লুটপাত কৰে। উত্তৰ প্ৰদেশৰ মীৰাটৰ নৌচান্দি থানা এলেকাত সংঘটিত ঘটনা। সোমবাৰে নিশা সংঘটিত হয় এই চুৰি। আনকি আৰক্ষীয়েও চোৰৰ চুৰিৰ শৈলী দেখি আচৰিত হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, সোমবাৰে গভীৰ নিশা নৌচান্দি আৰক্ষী থানা এলেকাৰ এখন গহনা দোকানৰ বাহিৰত নৰ্দমাত গাঁত খান্দি ১০ ফুট দ সুৰংগ সৃষ্টি কৰে এটা চোৰে। দোকানত সোমাবলৈ নলাৰ পাতল অংশৰ পৰা ইটা আৰু মাটি আঁতৰাই পেলোৱা হৈছিল। ইয়াৰ পিছত তেওঁলোকে দোকানত প্ৰৱেশ কৰি লুটপাত কৰে। গহনা দোকানৰ স্বত্বাধিকাৰী পীয়ুষ গাৰ্গৰ দাবী, তেওঁৰ দোকানৰ পৰা কমেও ১০ লাখ টকাৰ গহনা চুৰি হৈছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মীৰাটত ইয়াৰ পূৰ্বেও এই পদ্ধতিৰে তিনিখন দোকান চুৰি হৈছে। এনেধৰণৰ চতুৰ্থটো ডকাইতি কাণ্ড এয়া। চুৰিৰ খবৰ পোহৰলৈ অহাৰ লগে লগে নগৰখনৰ গহনা ব্যৱসায়ীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মীৰাটৰ আইন-শৃংখলাৰ পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে। নৌচান্দিৰ আৰক্ষী বিষয়া উপেন্দ্ৰ সিঙে কয় যে সমগ্ৰ বিষয়টোৰ ওপৰত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন