--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্ত কঁপি উঠিল  শক্তিশালী বিস্ফোৰণত৷ কাঠুৱা জিলাৰ সান্যালত সীমান্ত আৰক্ষী চকীৰ ওচৰতে হোৱা বিস্ফোৰণৰ ফলত  এটা ডাঙৰ গাঁতৰ  সৃষ্টি হৈছে।  বিস্ফোৰণটো বোমা বিস্ফোৰণ নে আন কিবা সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ বিস্ফোৰণটোৱে সান্যালত আতংকৰ সৃষ্টি কৰিছে। আৰক্ষী আৰু সেনাই বিস্ফোৰণ সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে৷

আৰক্ষীৰ সূত্ৰ অনুসৰি সীমান্তৱৰ্তী গাওঁসমূহৰ বাসিন্দাসকলে কেইবা কিলোমিটাৰ দূৰৈৰ পৰা বিস্ফোৰণৰ শব্দ শুনা পায়৷ জম্মু আৰু কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়। জ্যেষ্ঠ আৰক্ষী আৰু সেনা বিষয়াসকলেও  সান্যাললৈ আহিছে। বিস্ফোৰণৰ উৎসৰ বিষয়ে অনুসন্ধান কৰা হৈছে। স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে আইইডিবোৰ সীমাৰ সিপাৰৰ পৰা ড্ৰোনৰ দ্বাৰা ভাৰতলৈ প্ৰেৰণ কৰা  হৈছে। স্থানীয় লোকে ধাৰণা কৰিছে  যে বিস্ফোৰকবোৰ তললৈ  পেলাই দিয়াৰ লগে লগে সেইবোৰৰ বিস্ফোৰণ হৈছিল। 

কাঠুৱাৰ এছএছপি শিৱদীপ সিং জামৱালে কৈছে  যে তেওঁলোকে বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত বিস্ফোৰণৰ বিষয়ে তথ্য লাভ কৰিছিল। তথ্য লাভ  কৰাৰ পিছতে  ঘটনাস্থলীলৈ গৈ  অনুসন্ধান চলোৱা হৈছিল। ঘটনাস্থলীত বোমা স্কোয়াডো আহি পাইছে৷ তেওঁলোকে আহি বিস্ফোৰকৰ নমুনা সংগ্ৰহ কৰিছে। 

সান্যাল গাঁৱৰ বাসিন্দা ৰামলাল কালিয়াই কৈছিল, "নিশা ৯:৩০ বজাত। গাওঁবাসীসকলে এটা ডাঙৰ শব্দ শুনি ওলাই আহিছিলো। সেয়া এটা বিস্ফোৰণৰ শব্দ যেন লাগিছিল। অৱশ্যে, বিস্ফোৰণটো ক'ত সংঘটিত হৈছিল সেয়া জানিব পৰা হোৱা নাছিল। প্ৰায় ডেৰ ঘণ্টাৰ পিছত আমি ঠাইখন বিচাৰি পালোঁ। এখন  খেতিপথাৰত বিস্ফোৰণটো হৈছিল। বিস্ফোৰণৰ ফলত এটা ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। অৱশ্যে, কি কাৰণত বিস্ফোৰণ হৈছিল সেয়া জনা যোৱা নাই। ঘটনাটোৰ পিছতে গাওঁবাসীৰ মাজত আতংক বিয়পি পৰিছে। "









FOLLOW US F
POPULAR
FEATURE
TRENDY
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত