--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ভাৰত-পাকিস্তান সীমান্ত কঁপি উঠিল  শক্তিশালী বিস্ফোৰণত৷ কাঠুৱা জিলাৰ সান্যালত সীমান্ত আৰক্ষী চকীৰ ওচৰতে হোৱা বিস্ফোৰণৰ ফলত  এটা ডাঙৰ গাঁতৰ  সৃষ্টি হৈছে।  বিস্ফোৰণটো বোমা বিস্ফোৰণ নে আন কিবা সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ বিস্ফোৰণটোৱে সান্যালত আতংকৰ সৃষ্টি কৰিছে। আৰক্ষী আৰু সেনাই বিস্ফোৰণ সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে৷

আৰক্ষীৰ সূত্ৰ অনুসৰি সীমান্তৱৰ্তী গাওঁসমূহৰ বাসিন্দাসকলে কেইবা কিলোমিটাৰ দূৰৈৰ পৰা বিস্ফোৰণৰ শব্দ শুনা পায়৷ জম্মু আৰু কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়। জ্যেষ্ঠ আৰক্ষী আৰু সেনা বিষয়াসকলেও  সান্যাললৈ আহিছে। বিস্ফোৰণৰ উৎসৰ বিষয়ে অনুসন্ধান কৰা হৈছে। স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে আইইডিবোৰ সীমাৰ সিপাৰৰ পৰা ড্ৰোনৰ দ্বাৰা ভাৰতলৈ প্ৰেৰণ কৰা  হৈছে। স্থানীয় লোকে ধাৰণা কৰিছে  যে বিস্ফোৰকবোৰ তললৈ  পেলাই দিয়াৰ লগে লগে সেইবোৰৰ বিস্ফোৰণ হৈছিল। 

কাঠুৱাৰ এছএছপি শিৱদীপ সিং জামৱালে কৈছে  যে তেওঁলোকে বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত বিস্ফোৰণৰ বিষয়ে তথ্য লাভ কৰিছিল। তথ্য লাভ  কৰাৰ পিছতে  ঘটনাস্থলীলৈ গৈ  অনুসন্ধান চলোৱা হৈছিল। ঘটনাস্থলীত বোমা স্কোয়াডো আহি পাইছে৷ তেওঁলোকে আহি বিস্ফোৰকৰ নমুনা সংগ্ৰহ কৰিছে। 

সান্যাল গাঁৱৰ বাসিন্দা ৰামলাল কালিয়াই কৈছিল, "নিশা ৯:৩০ বজাত। গাওঁবাসীসকলে এটা ডাঙৰ শব্দ শুনি ওলাই আহিছিলো। সেয়া এটা বিস্ফোৰণৰ শব্দ যেন লাগিছিল। অৱশ্যে, বিস্ফোৰণটো ক'ত সংঘটিত হৈছিল সেয়া জানিব পৰা হোৱা নাছিল। প্ৰায় ডেৰ ঘণ্টাৰ পিছত আমি ঠাইখন বিচাৰি পালোঁ। এখন  খেতিপথাৰত বিস্ফোৰণটো হৈছিল। বিস্ফোৰণৰ ফলত এটা ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। অৱশ্যে, কি কাৰণত বিস্ফোৰণ হৈছিল সেয়া জনা যোৱা নাই। ঘটনাটোৰ পিছতে গাওঁবাসীৰ মাজত আতংক বিয়পি পৰিছে। "









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক