--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ দেশৰ ৰাজনীতিত বিজেপি বিৰোধী নেতা হিচাপে সক্ৰিয় আৰু সবল ৰূপত আত্মপ্ৰকাশ কৰা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসকীয় বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সোমবাৰে এক সংবাদমেল যোগে বিজেপিক কঠোৰ আক্ৰমণ কৰি ৰাৱে বিজেপিক বিশ্বাসঘাতক আৰু স্বৈৰাচ্ছাৰী শাসক বুলি অভিহিত কৰে। স্বৈৰাচ্ছাৰী বিজেপিয়ে এতিয়া ভাৰতত অঘোষিত জৰুৰীকালীন অৱস্থা প্ৰচলন কৰিছে বুলি অভিযোগ কৰে। 

সংবাদমেলত বিজেপিৰ জনবিৰোধী আৰু স্বৈৰতান্ত্ৰিক সিদ্ধান্তক কটাক্ষ কৰি ৰাৱে জৰুৰীকালীন অৱস্থা মুকলিকৈ ঘোষণা কৰিবলৈ সাহস কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ কয়, "ইন্দিৰা গান্ধীক ধন্যবাদ যে তেওঁ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পৰাকৈ যথেষ্ট সাহসী আছিল। সেয়া পোনপটীয়াকৈ ঘোষণা কৰা জৰুৰীকালীন অৱস্থা আছিল। কিন্তু আজি ভাৰতত এক অঘোষিত জৰুৰীকালীন অৱস্থা প্ৰচলন হৈ আছে।"

কংগ্ৰেছ শাসনত থকাৰ সময়ত এক নিৰ্বাচনী সভাত মোদীয়ে দেশৰ মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে  বুলি কংগ্ৰেছক আক্ৰমণ কৰা এটা ভিডিঅ’ আৰু বিজেপিত যোগদান কৰাৰ পিছত ৰাজনৈতিক নেতাসকলৰ ওপৰত চলি থকা তদন্ত অভিযান কেনেদৰে বন্ধ কৰা হৈছিল সেয়া ফাদিল কৰা এটা বাতৰিৰ ভিডিঅ’ ক্লিপ দেখুৱাই চন্দ্ৰশেখৰ ৰাৱে নৰেন্দ্ৰ মোডী চৰকাৰক উৎখাত কৰি এখন অ-বিজেপি চৰকাৰ আহিব লাগে বুলি মন্তব্য কৰে।

আনহাতে ইছলাম ধৰ্মৰ প্ৰফেট মহম্মদ সন্দৰ্ভত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ বাবে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা কঠোৰ স্থিতিক প্ৰশংসা কৰি এই ৰায়ৰ বাবে দুয়োজন ন্যায়াধীশক প্ৰশংসা কৰে। "ন্যায়াধীশ সূৰ্য কান্ত আৰু পাৰ্ডিৱালাক মই অভিবাদন জনাইছো। অনুগ্ৰহ কৰি ভাৰতক ৰক্ষা কৰিবলৈ একেই মনোভাৱ বৰ্তাই ৰাখিব। ন্যায়পালিকাই দেশখনক এই বিশ্বাসঘাতক, দস্যু  আৰু স্বৈৰাচ্ছাৰী সকলৰ পৰা ৰক্ষা কৰিব লাগিব।" তেওঁ কয়।

লগতে তেলেংগানাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক ভাৰতৰ ইতিহাসৰ আটাইতকৈ দুৰ্বল প্ৰধানমন্ত্ৰী বুলি বিদ্ৰুপ কৰে। ইন্ধনৰ মূল্য নিয়মীয়াকৈ বৃদ্ধিৰ পৰা আৰম্ভ কৰি বৰ্ধিত নিবনুৱা, দেশত সংঘটিত অৰ্থনৈতিক কেলেংকাৰী আৰু ঘৃণামূলক অপৰাধৰ বাবে  প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ দিব লাগে বুলিও জবাববদিহি কৰে কে চি আৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ