--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আনহাতে কংগ্ৰেছত থাকিও কংগ্ৰেছৰ বিৰোধিতা কৰি অহা নিলম্বিত বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে বিজেপিৰ পৰিৱৰ্তে ৰাইজৰ দলতহে যোগদান কৰাৰ চেষ্টা চলাই আছে যদিও এতিয়াও তেওঁৰ যোগদান নিশ্চিত হোৱা নাই।

ডিজিটেল ডেস্ক : বিপদত পৰিছে বিজেপিক সমর্থন জনোৱা পাঁচ কংগ্রেছী বিধায়ক। যিমানে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানে নিলম্বিত পাঁচ কংগ্ৰেছী বিধায়কৰ ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। কিয়নো কংগ্রেছত থাকি বিজেপিক সমর্থন জনোৱা চাৰিজন বিধায়ক ক্ৰমে ৰহাৰ শশীকান্ত দাস, দক্ষিণ কৰিমগঞ্জৰ ছিদ্দিক আহমেদ, উত্তৰ কৰিমগঞ্জৰ কমলাক্ষ দে' পুৰকায়স্থ আৰু মঙলদৈৰ বসন্ত দাসক গেৰুৱা দলটোৱে বিশ্বাসত লোৱা নাই।


আনহাতে কংগ্ৰেছত থাকিও কংগ্ৰেছৰ বিৰোধিতা কৰি অহা নিলম্বিত বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে বিজেপিৰ পৰিৱৰ্তে ৰাইজৰ দলতহে যোগদান কৰাৰ চেষ্টা চলাই আছে যদিও এতিয়াও তেওঁৰ যোগদান নিশ্চিত হোৱা নাই।


উল্লেখযোগ্য যে দলবিৰোধী স্থিতি গ্রহণ কৰাৰ বাবে এই কংগ্রেছী বিধায়ককেইজনক পুনৰ কংগ্ৰেছে ২০২৬ চনৰ বিধানসভা নির্বাচনত প্রার্থিত্ব প্ৰদান নকৰে। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে উক্ত কংগ্রেছী বিধায়ক কেইজনক আদৰি লোৱাৰ কথাও ভবা নাই। বিজেপিৰ এটা শীর্ষ সূত্রই প্রকাশ কৰা মতে উক্ত কংগ্রেছী বিধায়ককেইগৰাকীক প্রার্থিত্ব প্রদানৰ সমগ্ৰ বিষয়টো এতিয়া মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰিছে।


কংগ্ৰেছৰ বিধায়ক হৈও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ লাভ কৰা উক্ত বিধায়ককেইগৰাকীক জয়ী কৰি অনাৰ দায়িত্ব যদি মুখ্যমন্ত্রীয়ে নিজে লয় তেতিয়াহে তেওঁলোকে প্রার্থিত্ব লাভ কৰিব। কিন্তু ৰাজ্যৰ পৰিৱৰ্তিত ৰাজনৈতিক প্রেক্ষাপটত মুখ্যমন্ত্রীয়ে এতিয়া নিশ্চিতভাৱে জয়ী হ'ব পৰা প্ৰাৰ্থীৰ পক্ষতহে থিয় দিব যে সেয়া নিশ্চিত। এনে হ'লে কংগ্রেছত থাকিও বিজেপিৰ হৈ কাম কৰি বিধায়ক কেইজনে প্রার্থিত্ব লাভ কৰাৰ সম্ভাৱনা নাই।


মন কৰিব লগীয়া কথা যে মঙলদৈৰ বিধায়ক বসন্ত দাস, ৰহাৰ শশীকান্ত দাস আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই মুকলিভাৱেই বিগত দিনবোৰত বিধানসভাৰ বাহিৰে-ভিতৰে বিজেপিৰ সহযোগী বিধায়ক হিচাপে ৰাজনৈতিক কাম অব্যাহত ৰাখিছে। অৱশ্যে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ছিদ্দিক আহমেদ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনক সমর্থন কৰিলেও তেওঁ আঞ্চলিক দল অগপত যোগদান কৰাৰ ক্ষেত্ৰতহে অধিক আগ্রহী। কিয়নো সমষ্টি পুনৰ গঠনৰ পাছত ছিদ্দিক আহমেদৰ সমষ্টিটোত প্রায় ৮৮ শতাংশলৈ সংখ্যালঘু মুছলমান ভোটাৰ বৃদ্ধি পাইছে। সেই বাবেই মুখ্যমন্ত্ৰীৰ প্ৰতি সমর্থন থাকিলেও ছিদ্দিক আহমেদে অগপতহে যোগদান কৰিব বিচাৰিছে। কিন্তু এতিয়ালৈকে অগপৰ শীর্ষ নেতৃত্বই তেওঁক সেউজ সংকেত দিয়া নাই। ইফালে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে দল বিৰোধী স্থিতি গ্রহণ কৰাৰ পাছত কংগ্ৰেছ দলৰ নেতা দেৱব্ৰত শইকীয়াই বিধায়ক আলী আহমেদৰ বিৰুদ্ধে বিধানসভাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অভিযোগ দিছিল।


শইকীয়াই শশীকান্ত দাস আৰু বসন্ত দাসৰ বিৰুদ্ধে দলবিৰোধী অভিযোগ উত্থাপন কৰিছিল। কিন্তু বিধানসভা অধ্যক্ষই এই ক্ষেত্রত আজিলৈকে কোনো ব্যৱস্থা গ্রহণ নকৰিলে। প্রণিধানযোগ্য যে এনে পৰিস্থিতিত এতিয়া কংগ্রেছত থাকিও বিজেপিক সমর্থন জনোৱা কংগ্ৰেছী বিধায়কসকলৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। আনকি দুই নাৱত দুই ভৰি থকাৰ বাবে তেওঁলোকে নিজা সমষ্টিত কাম কৰিবও পৰা নাই। যাৰ ফলত এতিয়া তেওঁলোকৰ একমাত্র আশা-ভৰসাৰ থল হৈ পৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। যদিহে মুখ্যমন্ত্রীয়ে তেওঁলোকক 'উদ্ধাৰ' নকৰে তেনেহ'লে অন্ধকাৰ হৈ পৰিব এইসকল কংগ্ৰেছী বিধায়কৰ ভৱিষ্যৎ।


উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ