--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ ফাইনেললৈ চতুৰ্থবাৰৰ বাবে প্ৰৱেশ কৰিলে টীম ইণ্ডিয়াই। বেটিং পৰাক্ৰমৰ পাছত আকৰ্ষণীয় বলিঙেৰে পৰাস্ত কৰে শক্তিশালী নিউজিলেণ্ডক। ৭০ ৰাণত বিজয়ী হয় ৰোহিত বাহিনী।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলোৱা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত টছত জয়ী হৈ প্ৰথমে বেটিং কৰে ভাৰতে। আক্ৰমণাত্মক আৰম্ভণি কৰে ৰোহিত শৰ্মাই। মাত্ৰ ২৯ ৰাণত চাৰিটা ফ’ৰ আৰু ছয়েৰে ৪৭ ৰাণ কৰি ৰোহিত আউট হ’লেও শুভমান গীল (৮০), বিৰাট কোহলী (১১৭), শ্ৰেয়াছ আয়াৰ (১০৫) আৰু কে এল ৰাহুল (৩৯)-ৰ বেটিং বিক্ৰমেৰে মুঠ ৩৯৭ ৰাণ সংগ্ৰহ কৰে ভাৰতে। আটাইতকৈ আকৰ্ষণীয় আছিল বিৰাট কোহলীৰ ৫০তম এদিনীয়া সংখ্যক। নিউজিলেণ্ডৰ হৈ টীম ছাউডীয়ে ৩টা উইকেট লাভ কৰে।

৩৯৮ ৰাণৰ বিশাল লক্ষ্য লৈ আৰম্ভণিতে উজুটি খায় নিউজিলেণ্ডে। মহম্মদ ছামীয়ে উভটাই পঠায় অপেনাৰ ডেভন কনৱে আৰু ৰচিন ৰবীন্দ্ৰক। কিন্তু কেন উইলিয়ামছন আৰু ডাৰিল মিচেলে ১৪১ ৰাণৰ যুটি বান্ধি কিছু ভাবুকিৰ সৃষ্টি কৰে। কেন উইলিয়ামছনে ৬৯ আৰু মিচেলে ১৩৪ ৰাণ কৰে। কিন্তু পুনৰ মহম্মদ ছামীৰ বলি হয় তেওঁলোক। এওঁলোকৰ পাছত এজন এজনকৈ বেটাৰে পেভিলিয়নমুখী হয়। কেৱল গ্লেন ফিলিপছে ৪১ ৰাণৰ বৰঙণি আগবঢ়ায়। মুঠ ৩২৭ ৰাণ কৰে কিৱি বাহিনীয়ে।

টীম ইণ্ডিয়াৰ বিজয়ৰ মূলতে আছিল মহম্মদ ছামীৰ দূৰ্দান্ত বলিং। ৯.৫ অভাৰত ৫৭ ৰাণ খৰচ কৰি তেওঁ সাতটাকৈ উইকেট দখল কৰে। এটাকৈ উইকেট লাভ কৰে মহম্মদ ছিৰাজ, যশপ্ৰীত বুমৰাহ আৰু কুলদীপ যাদৱে।

উল্লেখ্য যে গ্ৰুপ পৰ্যায়ত নিউজিলেণ্ডক সহজে পৰাস্ত কৰাৰ পাছতো ভাৰতৰ অনুৰাগীসকল আশ্বস্ত হ’ব পৰা নাছিল। ২০১৯ৰ পুনৰাবৃ্তিৰ আশংকা কৰিছিল। কিন্তু এই বিজয়ৰ দ্বাৰা প্ৰমাণ কৰিলে যে ঘৰৰ মাটিত ভাৰতক পৰাস্ত কৰাটো কঠিনেই নহয়, অসম্ভৱো!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক