--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুলি সৰা সমস্যাই সকলোকে চিন্তাত পেলায়। চুলি সৰা সমস্যা হলে বহুতৰে ঘন ধুনীয়া চুলিকোচাও পাতল হৈ পৰে। এই চুলি সৰা সমস্যাই এগৰৰাকী যুৱতীৰ বাবে হ'ল কাল।

বাৰাণসীত বাস কৰা ২০ বছৰীয়া শ্ৰেয়া সিঙে চুলি সৰি পৰাৰ বাবে আত্মহত্যা কৰে। এটা শ্বপিং মলৰ মেনেজাৰ হিচাপে কাম কৰিছিল শ্ৰেয়াই। চুলি সৰি পৰাৰ বাবে তেওঁ বহুত মানসিক চাপত ভুগিছিল। শ্ৰেয়াই বহু ঘৰুৱা উপায় আৰু চিকিৎসকৰ পৰামৰ্শ লৈছিল, কিন্তু চুলি সৰা বন্ধ নহ’ল, যাৰ বাবে তেওঁ ডিপ্ৰেছনত ভুগিল। দেউতাকৰ মতে, শ্ৰেয়াৰ কৰ্মস্থলীত সহকৰ্মী তথা কৰ্মচাৰীসকলে তেওঁৰ ওপৰত মন্তব্য কৰিছিল, যি কথাই শ্ৰেয়াক অধিক বিচলিত কৰি তুলিছিল।

শ্ৰেয়াৰ পিতৃ ধনোজ সিঙে জনাইছে যে তেওঁৰ কন্যাৰ মূৰৰ আগফালৰ অংশৰ বহু চুলি সৰি গৈছে, যাৰ বাবে শ্ৰেয়াৰ যথেষ্ট মানসিক চাপৰ সৃষ্টি হৈছিল। 

টিভি আৰু মোবাইলত দেখুওৱা বহুতো প্ৰতিকাৰ শ্ৰেয়াই চেষ্টা কৰিছিল, লগতে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে পৰামৰ্শ দিয়া প্ৰতিকাৰো চেষ্টা কৰিছিল যদিও কোনো লাভ নহ’ল। এই মানসিক চাপৰ বাবেই শ্ৰেয়াই আত্মহত্যা কৰে।

শ্ৰেয়াই পাহাদিয়াত অৱস্থিত এটা শ্বপিং মলত ফ্ল’ৰ মেনেজাৰ হিচাপে কাম কৰিছিল। শ্ৰেয়াৰ দেউতাকে কয় যে মলটোত কাম কৰিবলৈ যোৱাৰ সময়ত বন্ধু-বান্ধৱী আৰু আন কৰ্মচাৰীয়ে তেওঁৰ চুলি সৰা কথাক লৈ সমালোচনা কৰিছিল, যাৰ বাবে তেওঁ আৰু বেছি বিচলিত হৈছিল। কেইদিনমান আগতে শ্ৰেয়াই দেউতাকক কৈছিল যে মানুহে তেওঁলৈ চাই থাকে, গতিকে তেওঁ মূৰত কাপোৰ এখন লৈ কামলৈ যাবলৈ ধৰিলে।

আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে ঘৰত অকলে আছিল শ্ৰেয়া। ভায়েকে ঘৰ পাওঁতে ঘৰৰ মূল দুৱাৰখন খোলা দেখিলে যদিও শ্ৰেয়াৰ কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। খিৰিকীৰে জুমি চাই শ্ৰেয়াক ফেনত চিপ লৈ ওলমি থকা দেখিলে ভায়েকে। 

লগে লগে তেওঁ ঘৰৰ মালিক আৰু অন্যান্য ভাড়াতীয়াক ফোন কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে গোচৰৰ তদন্ত আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু