--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুলি সৰা সমস্যাই সকলোকে চিন্তাত পেলায়। চুলি সৰা সমস্যা হলে বহুতৰে ঘন ধুনীয়া চুলিকোচাও পাতল হৈ পৰে। এই চুলি সৰা সমস্যাই এগৰৰাকী যুৱতীৰ বাবে হ'ল কাল।

বাৰাণসীত বাস কৰা ২০ বছৰীয়া শ্ৰেয়া সিঙে চুলি সৰি পৰাৰ বাবে আত্মহত্যা কৰে। এটা শ্বপিং মলৰ মেনেজাৰ হিচাপে কাম কৰিছিল শ্ৰেয়াই। চুলি সৰি পৰাৰ বাবে তেওঁ বহুত মানসিক চাপত ভুগিছিল। শ্ৰেয়াই বহু ঘৰুৱা উপায় আৰু চিকিৎসকৰ পৰামৰ্শ লৈছিল, কিন্তু চুলি সৰা বন্ধ নহ’ল, যাৰ বাবে তেওঁ ডিপ্ৰেছনত ভুগিল। দেউতাকৰ মতে, শ্ৰেয়াৰ কৰ্মস্থলীত সহকৰ্মী তথা কৰ্মচাৰীসকলে তেওঁৰ ওপৰত মন্তব্য কৰিছিল, যি কথাই শ্ৰেয়াক অধিক বিচলিত কৰি তুলিছিল।

শ্ৰেয়াৰ পিতৃ ধনোজ সিঙে জনাইছে যে তেওঁৰ কন্যাৰ মূৰৰ আগফালৰ অংশৰ বহু চুলি সৰি গৈছে, যাৰ বাবে শ্ৰেয়াৰ যথেষ্ট মানসিক চাপৰ সৃষ্টি হৈছিল। 

টিভি আৰু মোবাইলত দেখুওৱা বহুতো প্ৰতিকাৰ শ্ৰেয়াই চেষ্টা কৰিছিল, লগতে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে পৰামৰ্শ দিয়া প্ৰতিকাৰো চেষ্টা কৰিছিল যদিও কোনো লাভ নহ’ল। এই মানসিক চাপৰ বাবেই শ্ৰেয়াই আত্মহত্যা কৰে।

শ্ৰেয়াই পাহাদিয়াত অৱস্থিত এটা শ্বপিং মলত ফ্ল’ৰ মেনেজাৰ হিচাপে কাম কৰিছিল। শ্ৰেয়াৰ দেউতাকে কয় যে মলটোত কাম কৰিবলৈ যোৱাৰ সময়ত বন্ধু-বান্ধৱী আৰু আন কৰ্মচাৰীয়ে তেওঁৰ চুলি সৰা কথাক লৈ সমালোচনা কৰিছিল, যাৰ বাবে তেওঁ আৰু বেছি বিচলিত হৈছিল। কেইদিনমান আগতে শ্ৰেয়াই দেউতাকক কৈছিল যে মানুহে তেওঁলৈ চাই থাকে, গতিকে তেওঁ মূৰত কাপোৰ এখন লৈ কামলৈ যাবলৈ ধৰিলে।

আৰক্ষীৰ তথ্য অনুসৰি শুকুৰবাৰে ঘৰত অকলে আছিল শ্ৰেয়া। ভায়েকে ঘৰ পাওঁতে ঘৰৰ মূল দুৱাৰখন খোলা দেখিলে যদিও শ্ৰেয়াৰ কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। খিৰিকীৰে জুমি চাই শ্ৰেয়াক ফেনত চিপ লৈ ওলমি থকা দেখিলে ভায়েকে। 

লগে লগে তেওঁ ঘৰৰ মালিক আৰু অন্যান্য ভাড়াতীয়াক ফোন কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে গোচৰৰ তদন্ত আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ