--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱন ভালদৰে জীয়াবলৈ হ'লে পৰিয়ালত শান্তি থকাটো অতি প্ৰয়োজন। পৰিয়ালত সুখ-শান্তি নথকা বাবে বহু লোকেই লৈছে জীৱনৰ চৰম সিদ্ধান্ত। জীৱনৰ মোহ হেৰুৱাই গুচি যায় কেতিয়াও উভতি নহাৰ বাটেৰে।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মতিহাৰীত এক কৰুণ ঘটনা সংঘটিত হৈছে। পত্নী আৰু শহুৰৰ ঘৰৰ অত্যাচাৰ সহিব নোৱাৰি ভাৰতীয় বায়ুসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকে আত্মহত্যা কৰিছে। ব্যক্তিজনৰ নাম মহম্মদ শ্বাহ আলম। 

দেওবাৰে ফেনত চিপ লৈ আত্মহত্যা কৰে মহম্মদ শ্বাহ আলম। তেওঁৰ কোঠাৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। তেওঁৰ দুটা সন্তান আছে, এজন পুত্ৰ আৰু এগৰাকী কন্যা। তেওঁ ছুইচাইড নোটত চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে।

পূব চম্পাৰণৰ ৰক্সাউল থানা এলেকাৰ লক্ষ্মীপুৰ গাঁৱৰ নিবাসী ডাঃ মহম্মদ শ্বাহ আলমে বায়ুসেনাৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰিছিল। ছুইচাইড নোটখনত লিখা আছে, "মোৰ পত্নী ছাজিয়া আৰু শহুৰৰ ঘৰে মোক অত্যাচাৰ কৰি আছে, যাৰ বাবে মই মানসিক চাপত আছো আৰু আৰু জীয়াই থাকিব নিবিচাৰো। মই মোৰ জীৱনৰ অন্ত পেলাইছো।" এই ঘটনা সন্দৰ্ভত মহম্মদ শ্বাহ আলমৰ পুত্ৰই কয় যে মাই দেউতাক বহুত অত্যাচাৰ কৰিছিল। মোৰ মাই দেউতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল য’ত দেউতা জয়ী হৈছিল।

অৱসৰৰ পাছত মহম্মদ শ্বাহ আলমে নিজৰ গাঁৱত চিকিৎসা সেৱা আগবঢ়াই আছিল। ২০ বছৰ বায়ুসেনাৰ সেৱাৰ অন্তত ২০২৪ চনৰ জানুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰি গাঁওখনত ঔষধৰ দোকান খুলি ৰাইজৰ সেৱা আৰম্ভ কৰে। স্বামী-স্ত্ৰীৰ বিবাদ সন্দৰ্ভত গোৰখপুৰ আদালতত এটা গোচৰ চলি আছিল, য’ত মহম্মদ শ্বাহ আলমৰ সপক্ষে সিদ্ধান্ত আহিছিল।

গাঁওবুঢ়াৰ স্বামী নয়াব আলমে পুৱা এই আত্মহত্যাৰ খবৰ পোৱা বুলি জানিবলৈ দিয়ে। ইয়াৰ পিছতে তেওঁলোকে কোঠাটোৰ খিৰিকী ভাঙি মহম্মদ শ্বাহ আলমক ফেনৰ পৰা নমাই এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

মহম্মদ শ্বাহ আলমৰ ভাতৃ সাগিৰ আনছাৰীয়ে জনোৱা মতে, তেওঁৰ ভাতৃৰ বিয়াৰ পিছত তেওঁৰ শহুৰৰ ঘৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ পত্নী সাজিয়া খাতুনে সদায় ধন দাবী কৰিছিল। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰি গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু