--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱন ভালদৰে জীয়াবলৈ হ'লে পৰিয়ালত শান্তি থকাটো অতি প্ৰয়োজন। পৰিয়ালত সুখ-শান্তি নথকা বাবে বহু লোকেই লৈছে জীৱনৰ চৰম সিদ্ধান্ত। জীৱনৰ মোহ হেৰুৱাই গুচি যায় কেতিয়াও উভতি নহাৰ বাটেৰে।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মতিহাৰীত এক কৰুণ ঘটনা সংঘটিত হৈছে। পত্নী আৰু শহুৰৰ ঘৰৰ অত্যাচাৰ সহিব নোৱাৰি ভাৰতীয় বায়ুসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকে আত্মহত্যা কৰিছে। ব্যক্তিজনৰ নাম মহম্মদ শ্বাহ আলম। 

দেওবাৰে ফেনত চিপ লৈ আত্মহত্যা কৰে মহম্মদ শ্বাহ আলম। তেওঁৰ কোঠাৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। তেওঁৰ দুটা সন্তান আছে, এজন পুত্ৰ আৰু এগৰাকী কন্যা। তেওঁ ছুইচাইড নোটত চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে।

পূব চম্পাৰণৰ ৰক্সাউল থানা এলেকাৰ লক্ষ্মীপুৰ গাঁৱৰ নিবাসী ডাঃ মহম্মদ শ্বাহ আলমে বায়ুসেনাৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰিছিল। ছুইচাইড নোটখনত লিখা আছে, "মোৰ পত্নী ছাজিয়া আৰু শহুৰৰ ঘৰে মোক অত্যাচাৰ কৰি আছে, যাৰ বাবে মই মানসিক চাপত আছো আৰু আৰু জীয়াই থাকিব নিবিচাৰো। মই মোৰ জীৱনৰ অন্ত পেলাইছো।" এই ঘটনা সন্দৰ্ভত মহম্মদ শ্বাহ আলমৰ পুত্ৰই কয় যে মাই দেউতাক বহুত অত্যাচাৰ কৰিছিল। মোৰ মাই দেউতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল য’ত দেউতা জয়ী হৈছিল।

অৱসৰৰ পাছত মহম্মদ শ্বাহ আলমে নিজৰ গাঁৱত চিকিৎসা সেৱা আগবঢ়াই আছিল। ২০ বছৰ বায়ুসেনাৰ সেৱাৰ অন্তত ২০২৪ চনৰ জানুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰি গাঁওখনত ঔষধৰ দোকান খুলি ৰাইজৰ সেৱা আৰম্ভ কৰে। স্বামী-স্ত্ৰীৰ বিবাদ সন্দৰ্ভত গোৰখপুৰ আদালতত এটা গোচৰ চলি আছিল, য’ত মহম্মদ শ্বাহ আলমৰ সপক্ষে সিদ্ধান্ত আহিছিল।

গাঁওবুঢ়াৰ স্বামী নয়াব আলমে পুৱা এই আত্মহত্যাৰ খবৰ পোৱা বুলি জানিবলৈ দিয়ে। ইয়াৰ পিছতে তেওঁলোকে কোঠাটোৰ খিৰিকী ভাঙি মহম্মদ শ্বাহ আলমক ফেনৰ পৰা নমাই এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

মহম্মদ শ্বাহ আলমৰ ভাতৃ সাগিৰ আনছাৰীয়ে জনোৱা মতে, তেওঁৰ ভাতৃৰ বিয়াৰ পিছত তেওঁৰ শহুৰৰ ঘৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ পত্নী সাজিয়া খাতুনে সদায় ধন দাবী কৰিছিল। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰি গোচৰটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement