--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰ কিমান ভয়ানক হ’ব পাৰে সেয়া উত্তৰপ্ৰদেশৰ চাহাৰনপুৰৰ এক মৰ্মান্তিক ঘটনাৰ পৰাই বুজিব পাৰি। সোমবাৰে এগৰাকী ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে গংগা নদীত জপিয়াই আত্মহত্যা কৰে। দুয়োজনেই নতুন বাইকেৰে হৰিদ্বাৰত উপস্থিত হয় আৰু ইজনে সিজনৰ হাতত ধৰি গংগাত জাপ দিয়ে। ব্যৱসায়ীজনৰ মৃতদেহ গংগাত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে পত্নী এতিয়াও সন্ধানহীন হৈ আছে। পতি-পত্নীৰ নাম সৌৰভ বাব্বৰ আৰু মনা বাব্বৰ। সৌৰভৰ জুৱেলাৰী ব্যৱসায় আছিল।

মৃত্যুৰ পূৰ্বে সৌৰভে হোৱাটছএপত নিজৰ আত্মীয়লৈ এখন চুইচাইড নোট পঠিয়াইছিল, য'ত লিখা আছিল, "মই ইমানেই ধাৰত পোত খাই পৰিলো যে আমাৰ একো ৰাস্তা নাই সেয়েহে আমি ছুইচাইড কৰাৰ সিদ্ধান্ত ল'লো।"

তেওঁলোকৰ দুটা সন্তান আছে, যাক তেওঁলোকে মৃত্যুৰ পূৰ্বে মাতৃৰ ফালৰ ককা-আইতাকৰ ঘৰত থৈ গৈছিল। এই কথা তেওঁ নিজেই নিজৰ ছুইচাইড নোটত উল্লেখ কৰিছে।

ছুইচাইড নোটত তেওঁ লিখিছে "মই সৌৰভ বাব্বৰ ধাৰত ইমানেই আবদ্ধ হৈ পৰিছো যে তাৰ পৰা ওলাই অহাৰ কোনো বাট বাকী নাই। অৱশেষত মোৰ পত্নী মনা বব্বৰ আৰু মই আমাৰ জীৱনৰ অন্ত পেলাবলৈ সিদ্ধান্ত ল'লো। কিষাণপুৰাত আমাৰ সম্পত্তি, দোকান আৰু ঘৰ আমাৰ দুয়োটা সন্তানৰ বাবে। আমাৰ দুয়োটা সন্তান ককাক-আইতাকৰ ঘৰত থাকিব। আমি দুয়ো এতিয়া নিজৰ সন্তানক তেওঁলোকৰ তত্বাৱধানত এৰি দিছো। আমি আন কাকো বিশ্বাস নকৰো। আমি পাওনাদাৰক অত্যধিক সুত দিছো, আৰু এতিয়া আৰু দিব নোৱাৰো। আমি আত্মহত্যা কৰা ঠাইখনৰ ফটোখন আমি হোৱাটছএপত শ্বেয়াৰ কৰিম।" এনেদৰে লিখি দুয়ো আত্মহত্যা স্থলীৰ পৰা এখন ছেলফী তুলি আত্মীয় লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পাছত সৌৰভৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়ৰ মৰ্চাৰীলৈ প্ৰেৰণ কৰিছে। মনা বাব্বৰৰ সন্ধান অব্যাহত আছে।

জানিব পৰা অনুসৰি সৌৰভ বাব্বৰৰ ১০ কোটিৰো অধিক টকাৰ ধাৰ লাগি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু