--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰ কিমান ভয়ানক হ’ব পাৰে সেয়া উত্তৰপ্ৰদেশৰ চাহাৰনপুৰৰ এক মৰ্মান্তিক ঘটনাৰ পৰাই বুজিব পাৰি। সোমবাৰে এগৰাকী ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে গংগা নদীত জপিয়াই আত্মহত্যা কৰে। দুয়োজনেই নতুন বাইকেৰে হৰিদ্বাৰত উপস্থিত হয় আৰু ইজনে সিজনৰ হাতত ধৰি গংগাত জাপ দিয়ে। ব্যৱসায়ীজনৰ মৃতদেহ গংগাত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে পত্নী এতিয়াও সন্ধানহীন হৈ আছে। পতি-পত্নীৰ নাম সৌৰভ বাব্বৰ আৰু মনা বাব্বৰ। সৌৰভৰ জুৱেলাৰী ব্যৱসায় আছিল।

মৃত্যুৰ পূৰ্বে সৌৰভে হোৱাটছএপত নিজৰ আত্মীয়লৈ এখন চুইচাইড নোট পঠিয়াইছিল, য'ত লিখা আছিল, "মই ইমানেই ধাৰত পোত খাই পৰিলো যে আমাৰ একো ৰাস্তা নাই সেয়েহে আমি ছুইচাইড কৰাৰ সিদ্ধান্ত ল'লো।"

তেওঁলোকৰ দুটা সন্তান আছে, যাক তেওঁলোকে মৃত্যুৰ পূৰ্বে মাতৃৰ ফালৰ ককা-আইতাকৰ ঘৰত থৈ গৈছিল। এই কথা তেওঁ নিজেই নিজৰ ছুইচাইড নোটত উল্লেখ কৰিছে।

ছুইচাইড নোটত তেওঁ লিখিছে "মই সৌৰভ বাব্বৰ ধাৰত ইমানেই আবদ্ধ হৈ পৰিছো যে তাৰ পৰা ওলাই অহাৰ কোনো বাট বাকী নাই। অৱশেষত মোৰ পত্নী মনা বব্বৰ আৰু মই আমাৰ জীৱনৰ অন্ত পেলাবলৈ সিদ্ধান্ত ল'লো। কিষাণপুৰাত আমাৰ সম্পত্তি, দোকান আৰু ঘৰ আমাৰ দুয়োটা সন্তানৰ বাবে। আমাৰ দুয়োটা সন্তান ককাক-আইতাকৰ ঘৰত থাকিব। আমি দুয়ো এতিয়া নিজৰ সন্তানক তেওঁলোকৰ তত্বাৱধানত এৰি দিছো। আমি আন কাকো বিশ্বাস নকৰো। আমি পাওনাদাৰক অত্যধিক সুত দিছো, আৰু এতিয়া আৰু দিব নোৱাৰো। আমি আত্মহত্যা কৰা ঠাইখনৰ ফটোখন আমি হোৱাটছএপত শ্বেয়াৰ কৰিম।" এনেদৰে লিখি দুয়ো আত্মহত্যা স্থলীৰ পৰা এখন ছেলফী তুলি আত্মীয় লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পাছত সৌৰভৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়ৰ মৰ্চাৰীলৈ প্ৰেৰণ কৰিছে। মনা বাব্বৰৰ সন্ধান অব্যাহত আছে।

জানিব পৰা অনুসৰি সৌৰভ বাব্বৰৰ ১০ কোটিৰো অধিক টকাৰ ধাৰ লাগি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ