--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোৰঞ্জন জগতত প্ৰায়ে তাৰকাৰ ফটো ভাইৰেল হৈ থাকে। শেহতীয়াকৈ বলিউডৰ এগৰাকী তাৰকাৰ শৈশৱ কালৰ ফটো ভাইৰেল হৈ পৰিছে। মানুহে বহু চেষ্টা কৰিও তাৰকাগৰাকীক চিনি উলিয়াব পৰা নাই।ফটোখনত দেখা গৈছে এগৰাকী মৰমলগা কণমানি ছোৱালী, যাৰ নিস্পাপ ৰূপে সকলোকে আকৰ্ষণ কৰিছে। এই কণমানি ছোৱালীজনী ডাঙৰ হৈ বৰ্তমান বলীউডত দপদপাই আছে। কেৱল এয়াই নহয়, আজিৰ সময়ত এই ছোৱালীজনীৰ আছে লাখ লাখ অনুৰাগী।

যদি আপুনি এতিয়াও চিনিব পৰা নাই তেন্তে আপোনাক এটা ইংগিত দি কওঁ যে, তেওঁ শ্বাহৰুখ খানৰ সৈতে বহুতো হিট ছবিও উপহাৰ দিছে। মনোৰঞ্জনৰ জগতৰ প্ৰতি সদা সচেতন হৈ থকা লোকৰ বাবেও প্ৰথম দৃষ্টিত ফটোখনত থকা শিশুটিক চিনি পোৱাটো অতি কঠিন হ’ব। আপুনিও পৰা নাই নহয় জানো? ৰ’ব আপোনালোকৰ উৎসুকতা দূৰ কৰি আছো। এই সুন্দৰ ফটোখন বহুদিন আগতে ৰণবীৰ সিঙে নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। এই ফটোখন পোষ্ট কৰি ৰণবীৰ সিঙে পত্নী দীপিকা পাডুকনক জন্মদিনৰ শুভেচ্ছা জনাইছিল। এই ছবিখন দেখি অনুমান কৰাটো টান যে এয়া দীপিকাৰ শৈশৱৰ ছবি। 

উল্লেখ্য যে, দীপিকা পাডুকনে শ্বাহৰুখ খানৰ ‘ঔম শান্তি ঔম’ ছবিৰ জৰিয়তে নিজৰ চলচ্চিত্ৰ জীৱনৰ পাতনি মেলিছিল। দীপিকাই শ্বাহৰুখৰ সৈতে বহু ছবি কৰিছে - 'হেপি নিউ ইয়েৰ' আৰু 'চেন্নাই এক্সপ্ৰেছ' আদি। দীপিকা পাডুকনৰ ৱৰ্কফ্ৰন্টৰ বিষয়ে ক’বলৈ গ’লে শীঘ্ৰেই শ্বাহৰুখ খানৰ সৈতে ‘পাথান’ ছবিত দেখা যাব। ইয়াৰ পূৰ্বে অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইমত মুক্তি পোৱা ‘গেহৰাইয়া’ ছবিখনত তেওঁক দেখা গৈছিল। অনন্য পাণ্ডে, সিদ্ধান্ত চতুৰ্বেদী আৰু ধৈৰ্য কৰৱাই তেওঁৰ সৈতে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। অৱশ্যে ছবিখনে আশা কৰা ধৰণে ব্যৱসায় কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ