--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোৰঞ্জন জগতত প্ৰায়ে তাৰকাৰ ফটো ভাইৰেল হৈ থাকে। শেহতীয়াকৈ বলিউডৰ এগৰাকী তাৰকাৰ শৈশৱ কালৰ ফটো ভাইৰেল হৈ পৰিছে। মানুহে বহু চেষ্টা কৰিও তাৰকাগৰাকীক চিনি উলিয়াব পৰা নাই।ফটোখনত দেখা গৈছে এগৰাকী মৰমলগা কণমানি ছোৱালী, যাৰ নিস্পাপ ৰূপে সকলোকে আকৰ্ষণ কৰিছে। এই কণমানি ছোৱালীজনী ডাঙৰ হৈ বৰ্তমান বলীউডত দপদপাই আছে। কেৱল এয়াই নহয়, আজিৰ সময়ত এই ছোৱালীজনীৰ আছে লাখ লাখ অনুৰাগী।

যদি আপুনি এতিয়াও চিনিব পৰা নাই তেন্তে আপোনাক এটা ইংগিত দি কওঁ যে, তেওঁ শ্বাহৰুখ খানৰ সৈতে বহুতো হিট ছবিও উপহাৰ দিছে। মনোৰঞ্জনৰ জগতৰ প্ৰতি সদা সচেতন হৈ থকা লোকৰ বাবেও প্ৰথম দৃষ্টিত ফটোখনত থকা শিশুটিক চিনি পোৱাটো অতি কঠিন হ’ব। আপুনিও পৰা নাই নহয় জানো? ৰ’ব আপোনালোকৰ উৎসুকতা দূৰ কৰি আছো। এই সুন্দৰ ফটোখন বহুদিন আগতে ৰণবীৰ সিঙে নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। এই ফটোখন পোষ্ট কৰি ৰণবীৰ সিঙে পত্নী দীপিকা পাডুকনক জন্মদিনৰ শুভেচ্ছা জনাইছিল। এই ছবিখন দেখি অনুমান কৰাটো টান যে এয়া দীপিকাৰ শৈশৱৰ ছবি। 

উল্লেখ্য যে, দীপিকা পাডুকনে শ্বাহৰুখ খানৰ ‘ঔম শান্তি ঔম’ ছবিৰ জৰিয়তে নিজৰ চলচ্চিত্ৰ জীৱনৰ পাতনি মেলিছিল। দীপিকাই শ্বাহৰুখৰ সৈতে বহু ছবি কৰিছে - 'হেপি নিউ ইয়েৰ' আৰু 'চেন্নাই এক্সপ্ৰেছ' আদি। দীপিকা পাডুকনৰ ৱৰ্কফ্ৰন্টৰ বিষয়ে ক’বলৈ গ’লে শীঘ্ৰেই শ্বাহৰুখ খানৰ সৈতে ‘পাথান’ ছবিত দেখা যাব। ইয়াৰ পূৰ্বে অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইমত মুক্তি পোৱা ‘গেহৰাইয়া’ ছবিখনত তেওঁক দেখা গৈছিল। অনন্য পাণ্ডে, সিদ্ধান্ত চতুৰ্বেদী আৰু ধৈৰ্য কৰৱাই তেওঁৰ সৈতে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। অৱশ্যে ছবিখনে আশা কৰা ধৰণে ব্যৱসায় কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু