--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ তাৰকা ৰণবীৰ কাপুৰে তেওঁৰ আগন্তুক ছবি ‘শমশ্বেৰা’ মুক্তিৰ বাবে সাজু হৈছে। অহা ২২ জুলাইত মুক্তি পাবলগীয়া ছবিখনৰ প্ৰচাৰ বৰ্তমান চলি আছে। ৰণবীৰে নিজৰ ছবিখনৰ প্ৰচাৰৰ বাবে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাছিল  যদিও শেহতীয়াকৈ তেওঁ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ডলী সিঙৰ সৈতে সহযোগিতা কৰিছে। 

ৰণবীৰ কাপুৰ হৈছে বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ অভিনেতা৷ তেওঁ  হৈছে কাপুৰ পৰিয়ালটোৰ ভিতৰতে আটাইতকৈ বেছি শিক্ষিত লোক।শমশ্বেৰা ছবিখনৰ প্ৰচাৰৰ বাবে ডলী সিঙৰ সৈতে কৰা প্ৰচাৰমূলক ভিডিঅ’টোত ৰণবীৰে নিজেই প্ৰকাশ কৰিলে যে তেওঁ কাপুৰ বংশৰ দশম শ্ৰেণীলৈকে উত্তীৰ্ণ হোৱা তেওঁৱেই প্ৰথমজন ব্যক্তি! 

‘শমশ্বেৰা’ৰ  প্ৰচাৰমূলক ভিডিঅ’ত ৰণবীৰে ইনষ্টাগ্ৰামৰ প্ৰভাৱশালী ডলী সিঙৰ সৈতে মত বিনিময় কৰোঁতে ডলী অভিনীত ‘ৰাজু কী মমী’ৰ হাজাৰ হাজাৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ দিলে শমশ্বেৰা ৰণবীৰে। দশম শ্ৰেণীৰ পাছত ৰণবীৰে কি পঢ়িছিল বুলি প্ৰশ্ন কৰাত আৰু পঢ়াত কেনেধৰণৰ ছাত্ৰ আছিল বুলি প্ৰশ্ন কৰাত কোনো সংকোচ নকৰাকৈ ৰণবীৰে উত্তৰ দিছিল যে তেওঁ বাণিজ্য বিভাগত অধ্যয়ন কৰিবলৈ আৰু পঢ়া-শুনাত দুৰ্বল আছিল৷

দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত ৰণবীৰে কিমান নম্বৰ পালে ? এই প্ৰশ্নত হাঁহি হাঁহি অভিনেতাগৰাকীয়ে কয়, মই ৫৩.৪% পাইছোঁ, যেতিয়া মোৰ ৰিজাল্ট আহিল তেতিয়া মোৰ পৰিয়াল বহুত সুখী হৈছিল আনকি মোৰ বাবে এটা ডাঙৰ পাৰ্টিও আয়োজন কৰিছিল। ইমান আশা কৰা নাছিল তেওঁলোকে। আমাৰ পৰিয়ালৰ প্ৰথম পুত্ৰ হিচাপে মই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ৷

এক সাক্ষাৎকাৰত ৰণবীৰে কয় যে তেওঁ কাপুৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ শিক্ষিত ব্যক্তি। ৰণবীৰে কয় তেওঁৰ দেউতাক অষ্টম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। খুৰাক নৱম শ্ৰেণীলৈকে অধ্যয়ন কৰা আৰু ৰাজ কাপুৰ ক্লাছ ষষ্ঠ শ্ৰেণীলৈকেহে পঢ়া-শুনা কৰিছিল। তেওঁ কৈছিল, সঁচা কথা ক’বলৈ গ’লে মই আমাৰ ঘৰৰ আটাইতকৈ শিক্ষিত ব্যক্তি।

স্কুলৰ সীমা অতিক্ৰম কৰাৰ পাছত ৰণবীৰে বিদেশত অভিনয় আৰু চলচ্চিত্ৰ নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰে, তাৰ পাছত কেইবাবছৰো ধৰি সঞ্জয় লীলা ভাঞ্চালীৰ সহায়ক হিচাপে কাম কৰে। তাৰ পিছত ২০০৬ চনত তেওঁ ‘সাৱৰীয়া’ ছবিখনেৰে অভিনয় জীৱন আৰম্ভ কৰে।

চলিত মাহত মুক্তি পাব ৰণবীৰৰ ‘শমশ্বেৰা’। এই ছবিখনেৰে চাৰি বছৰৰ পাছত ৰূপালী পৰ্দাত পুনৰ প্ৰত্যাৱৰ্তন কৰিব অভিনেতাগৰাকীয়ে। শমশ্বেৰাৰ উপৰিও ৰণবীৰক ব্ৰহ্মাস্ত্ৰতো দেখা যাব। চিনেমাখনত তেওঁক প্ৰথমবাৰৰ বাবে তেওঁৰ অভিনেত্ৰী পত্নী আলিয়া ভাটৰ সৈতে দেখা যাব। ব্ৰহ্মাস্ত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমিতাভ বচ্চন, মৌনি ৰায় আৰু দক্ষিণ তাৰকা অক্কিনেনী নাগাৰ্জুনাই। চলিত বৰ্ষৰ ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখনে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ