--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ৰণবীৰ সিঙে আজিকালি প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। শেহতীয়াকৈ তেওঁ ‘কফি উইথ কৰণ ছিজন ৭’ত চৰ্চাত আহিছিল কাৰণ তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰকাশ পাইছিল। তাৰ পিছত 'বিগ বছ অ'টিটি' হষ্ট কৰাৰ বাবেও তেওঁৰ নাম চৰ্চাত উঠিছে। আকৌ খবৰ পোৱা গল যে ৰণবীৰ সিঙক ‘শক্তিমান’ ছবিখনত গংগাধৰৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। মুঠতে তেওঁৰ পেছাদাৰী কামৰ বাবেই তেওঁ বাতৰিৰ শিৰোনাম দখল কৰি আছে। এতিয়া তেওঁ পুনৰ বাতৰিৰ শিৰোনাম হৈ পৰিল কিয়নো অভিনেতাজনে ক্ৰয় কৰিলে কোটি কোটি টকাৰ এটা বিলাসী এপাৰ্টমেণ্ট।

সকলোৱে জানে যে ৰণবীৰ সিঙে বিলাসী জীৱন যাপন কৰে। তেওঁক ষ্টাইলিছ আৰু ভাইব্ৰেণ্ট লুকত দেখা যায়। এতিয়া তেওঁ মুম্বাইৰ বান্দ্ৰাত অৱস্থিত আৱাসিক টাৱাৰ ‘সাগৰ ৰেশম’ত এটা বিলাসী এপাৰ্টমেণ্ট ক্ৰয় কৰিছে, যিটো এপাৰ্টমেণ্ট বাদশ্বাহ শ্বাহৰুখ খানৰ ‘মন্নত’ আৰু ভাইজান ছলমান খানৰ ‘গেলেক্সি’ৰ মাজত আছে। এনে অৱস্থাত এই তিনিওজন ছুপাৰষ্টাৰ এতিয়া ওচৰ-চুবুৰীয়া হৈ পৰিল। কাৰণ সকলোৰে ঘৰ কাষে কাষে অৱস্থিত।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিনেতাগৰাকীয়ে ১১৯ কোটি টকাত এই ঘৰটো ক্ৰয় কৰিছে, যিটো এপাৰ্টমেণ্ট টাৱাৰৰ ১৬ৰ পৰা ১৯ নং মহলাত অৱস্থিত। অৰ্থাৎ তেওঁলোকে মুঠ চাৰিটা মহলাত নিজৰ মালিকীস্বত্বৰ অধিকাৰ লৈছে। তেওঁলোকৰ ঘৰৰ আকাৰৰ কথা ক’বলৈ গ’লে ইয়াত মুঠ কাৰ্পেটৰ আয়তন ১১,২৬৬ বৰ্গফুট আৰু বিশেষ টেৰেচ ১৩০০ বৰ্গফুট। কেৱল এয়াই নহয়, ৰণবীৰ সিঙে এই ভৱনটোত ১৯খন গাড়ী ৰখাৰ সুবিধাও পাইছে।খবৰ অনুসৰি ৰণবীৰ সিঙে এপাৰ্টমেণ্টটো ক্ৰয় কৰাৰ সময়ত ১১৮.৯৪ কোটি টকা দিছিল আৰু পঞ্জীয়নৰ সময়ত ৭.১২ কোটি টকা ষ্টাম্প ডিউটি ​​আদায় দিছিল। 

বান্দ্ৰাৰ ৰিয়েলটাৰ্ছে জনোৱা মতে ‘সাগৰ ৰেশম’ৰ পুৰণি ভৱনটো পুনৰ উন্নয়ন কৰা হৈছে। নিম্ন মহলাসমূহ আৱাসীসকলক দিয়া হৈছে। আনহাতে ১৬ নং মহলাটো ৪বিএইচকে। অৰ্থাৎ ৪টা শোৱা কোঠা আৰু এটা পাকঘৰ-হল আছে। আনহাতে বাকী তিনিটা মহলা পেণ্টহাউচ। কামৰ কথা ক’বলৈ গ’লে শেহতীয়াকৈ ৰণবীৰ সিঙক দেখা গৈছিল 'জয়েশভাই জোৰদাৰ'ত। এই ছবিখনে বক্স অফিচত বিশেষ একো কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে তেওঁক ‘৮৩’ চিনেমাত ক্ৰিকেট খেলুৱৈ কপিল দেৱৰ চৰিত্ৰ ৰুূপায়ন কৰা দেখা গৈছিল। এতিয়া তেওঁক ‘ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানী’ আৰু ৰোহিত শ্বেট্টীৰ ‘চাৰ্কাছ’ত আলিয়া ভাটৰ সৈতে দেখা যাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ