--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ৰণবীৰ সিঙে আজিকালি প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। শেহতীয়াকৈ তেওঁ ‘কফি উইথ কৰণ ছিজন ৭’ত চৰ্চাত আহিছিল কাৰণ তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰকাশ পাইছিল। তাৰ পিছত 'বিগ বছ অ'টিটি' হষ্ট কৰাৰ বাবেও তেওঁৰ নাম চৰ্চাত উঠিছে। আকৌ খবৰ পোৱা গল যে ৰণবীৰ সিঙক ‘শক্তিমান’ ছবিখনত গংগাধৰৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। মুঠতে তেওঁৰ পেছাদাৰী কামৰ বাবেই তেওঁ বাতৰিৰ শিৰোনাম দখল কৰি আছে। এতিয়া তেওঁ পুনৰ বাতৰিৰ শিৰোনাম হৈ পৰিল কিয়নো অভিনেতাজনে ক্ৰয় কৰিলে কোটি কোটি টকাৰ এটা বিলাসী এপাৰ্টমেণ্ট।

সকলোৱে জানে যে ৰণবীৰ সিঙে বিলাসী জীৱন যাপন কৰে। তেওঁক ষ্টাইলিছ আৰু ভাইব্ৰেণ্ট লুকত দেখা যায়। এতিয়া তেওঁ মুম্বাইৰ বান্দ্ৰাত অৱস্থিত আৱাসিক টাৱাৰ ‘সাগৰ ৰেশম’ত এটা বিলাসী এপাৰ্টমেণ্ট ক্ৰয় কৰিছে, যিটো এপাৰ্টমেণ্ট বাদশ্বাহ শ্বাহৰুখ খানৰ ‘মন্নত’ আৰু ভাইজান ছলমান খানৰ ‘গেলেক্সি’ৰ মাজত আছে। এনে অৱস্থাত এই তিনিওজন ছুপাৰষ্টাৰ এতিয়া ওচৰ-চুবুৰীয়া হৈ পৰিল। কাৰণ সকলোৰে ঘৰ কাষে কাষে অৱস্থিত।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিনেতাগৰাকীয়ে ১১৯ কোটি টকাত এই ঘৰটো ক্ৰয় কৰিছে, যিটো এপাৰ্টমেণ্ট টাৱাৰৰ ১৬ৰ পৰা ১৯ নং মহলাত অৱস্থিত। অৰ্থাৎ তেওঁলোকে মুঠ চাৰিটা মহলাত নিজৰ মালিকীস্বত্বৰ অধিকাৰ লৈছে। তেওঁলোকৰ ঘৰৰ আকাৰৰ কথা ক’বলৈ গ’লে ইয়াত মুঠ কাৰ্পেটৰ আয়তন ১১,২৬৬ বৰ্গফুট আৰু বিশেষ টেৰেচ ১৩০০ বৰ্গফুট। কেৱল এয়াই নহয়, ৰণবীৰ সিঙে এই ভৱনটোত ১৯খন গাড়ী ৰখাৰ সুবিধাও পাইছে।খবৰ অনুসৰি ৰণবীৰ সিঙে এপাৰ্টমেণ্টটো ক্ৰয় কৰাৰ সময়ত ১১৮.৯৪ কোটি টকা দিছিল আৰু পঞ্জীয়নৰ সময়ত ৭.১২ কোটি টকা ষ্টাম্প ডিউটি ​​আদায় দিছিল। 

বান্দ্ৰাৰ ৰিয়েলটাৰ্ছে জনোৱা মতে ‘সাগৰ ৰেশম’ৰ পুৰণি ভৱনটো পুনৰ উন্নয়ন কৰা হৈছে। নিম্ন মহলাসমূহ আৱাসীসকলক দিয়া হৈছে। আনহাতে ১৬ নং মহলাটো ৪বিএইচকে। অৰ্থাৎ ৪টা শোৱা কোঠা আৰু এটা পাকঘৰ-হল আছে। আনহাতে বাকী তিনিটা মহলা পেণ্টহাউচ। কামৰ কথা ক’বলৈ গ’লে শেহতীয়াকৈ ৰণবীৰ সিঙক দেখা গৈছিল 'জয়েশভাই জোৰদাৰ'ত। এই ছবিখনে বক্স অফিচত বিশেষ একো কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে তেওঁক ‘৮৩’ চিনেমাত ক্ৰিকেট খেলুৱৈ কপিল দেৱৰ চৰিত্ৰ ৰুূপায়ন কৰা দেখা গৈছিল। এতিয়া তেওঁক ‘ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানী’ আৰু ৰোহিত শ্বেট্টীৰ ‘চাৰ্কাছ’ত আলিয়া ভাটৰ সৈতে দেখা যাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু