--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশজুৰি শিশুৰ সু-স্বাস্থ্যৰ লগতে গৰ্ভৱতী মহিলাসকলৰ পুষ্টিহীনতা আৰু এনিমিয়া ৰোগ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় পোষন মাহ-২০২৪ উদযাপিত হৈ আছে৷ সেই উপলক্ষে পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ উদ্যেগত, বোকাখাতৰ সাপজুৰিত সাপ্তাহিক পোষন বজাৰ কেন্দ্ৰীয়ভাৱে সোমবাৰে পালন কৰা হয়। 

সাপজুৰিৰ প্ৰেক্ষাগৃহত পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্প, বোকাখাতৰ অন্তৰ্গত অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাৰ লগতে সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া, কৰ্মচাৰী, চুপাৰভাইজাৰ সকলৰ লগতে স্থানীয় পুৰুষ আৰু মহিলাসকল উপস্থিত থাকে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰি গৰ্ভৱতী মহিলাসকলে ল'ব লগা সাৱধানতা আৰু সন্তানৰ লালন পালনত ল'ব লগা যত্নৰ বিষয়ে অৱগত কৰে৷ বোকাখাতৰ প্ৰতিখন পঞ্চায়তৰ প্ৰতিটো অঙ্গনবাড়ী কেন্দ্ৰত পোষন মাহৰ কাৰ্যসূচী ৰূপায়ন হৈ আছে৷ অৱশ্যে সাপজুৰিৰ আশেপাশে কেইবাখনো বাগিচা আছে আৰু সোমবাৰে সাপজুৰিত বহা সাপ্তাহিক বজাৰত সমৱেত লোকসকলক লৈ কেন্দ্ৰীয়ভাৱে সাপ্তাহিক পোষন বজাৰৰ এই কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ কেন্দ্ৰীয়ভাৱে এনেধৰণৰ কাৰ্যসূচী ৰাজ্যৰ আন আন ঠাইত অনুষ্ঠিত হোৱা নাই বুলি জানিবলৈ দিয়ে বিভাগীয় বিষয়াই৷সাপ্তাহিক পোষন বজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুষ্টিহীনতা আৰু এনিমিয়া ৰোগৰ ওপৰত অঙ্গনবাড়ী কৰ্মীয়ে এখন নাটকো মঞ্চস্থ কৰে৷

অনুষ্ঠানত মন্ত্ৰী অতুল বৰাৰ লগতে বোকাখাত উপ জিলাৰ সহকাৰী আয়ুক্ত অংকিতা বৰুৱা, বোকাখাত মহকুমা স্বাস্থ্য বিষয়া ডাঃ অজিত কাকতি,অতিৰিক্ত খণ্ড উন্নয়ন বিষয়া কবিতা গগৈ, স্বাস্থ্য বিভাগৰ সমল ব্যক্তি উমেশ বৰা, সংহত শিশু উন্নয়ন বিষয়া স্মৃতিৰেখা হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ‌ বিষয়া গীতা মেদক, তথ্য আৰু জনসংযোগ বিভাগৰ সহ বিষয়া অজয় কাকতিয়েও বক্তব্য প্ৰদান কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ