--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 

বৃহস্পতিবাৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নাম লৈ কয়," মই মোডীক একেবাৰেই ভয় নকৰো। সত্যক দমন কৰিব নোৱাৰি। ৰাহুলে কলে যে যি কৰিব কৰক, কিন্তু সত্যক বেৰিকেড দিব নোৱাৰি।"

ইফালে বৃহস্পতিবাৰৰ নিশাৰ পৰাই কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীসকলে সমবেত হ’বলৈ আৰম্ভ কৰে। কিন্তু এই বিক্ষোভৰ বাবে বৰ্তমান পৰ্যন্ত দিল্লী আৰক্ষীয়ে অনুমতি দিয়া নাই। দিল্লী আৰক্ষীয়ে জনোৱা মতে, যন্তৰ মন্তৰৰ বাহিৰে দিল্লীৰ সমগ্ৰ অঞ্চলতে চিআৰপিচিৰ ১৪৪ ধাৰা প্ৰযোজ্য। নিৰাপত্তা, আইন-শৃংখলা, যান-জঁটৰ কাৰণত ৫ আগষ্টত নতুন দিল্লীত কোনো ধৰণৰ প্ৰতিবাদ বা ঘেৰাওৰ কাৰ্যসূচীক অনুমতি দিব নোৱাৰিব।

আনহাতে আৰক্ষীৰ অনুমতি নোপোৱাৰ পাছত বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে কৈছিল, গণতন্ত্ৰত প্ৰতিবাদ কৰাটো আমাৰ অধিকাৰ। আৰক্ষীয়ে অনুমতি নিদিয়ে, ঠিকেই আছে, বন্ধ কৰক।

বৃহস্পতিবাৰে কংগ্ৰেছ নেতা কে চি বেনুগোপালে কয় যে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰাৰ বিৰুদ্ধে কংগ্ৰেছে দিল্লীত এক বৃহৎ বিক্ষোভ তথা ৰাষ্ট্ৰপতি ভৱন আৰু প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ সমদল উলিয়াব। তেওঁ উল্লেখ কৰে যে সংসদ ভৱনৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ সমদল উলিয়াব কংগ্ৰেছৰ লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰমোদ তিৱাৰীয়ে কয় যে ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰাৰ বাবে অনুমতি বিচৰা হৈছে আৰু আশা কৰা হৈছে যে ৮০ জনতকৈ অধিক দলীয় সাংসদক শান্তিৰে তালৈ যাবলৈ দিয়া হ’ব। দলটোৱে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ঘেৰাও কাৰ্যসূচীও আয়োজন কৰিব য’ত কংগ্ৰেছৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সংস্থা চি ডব্লিউ চিৰ সদস্য আৰু জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিব। 

কংগ্ৰেছে নিজৰ ৰাজ্যিক ইউনিটসমূহক ৫ আগষ্টত ৰাজ্যিক কংগ্ৰেছ কমিটিৰ হৈ ‘ৰাজ ভৱন ঘেৰাও’ৰ আয়োজন কৰিবলৈ কয়, য’ত বিধায়ক, বিধান পৰিষদৰ সদস্য, প্ৰাক্তন সাংসদ আৰু ৰাজ্যিক এককৰ জ্যেষ্ঠ নেতাসকল জড়িত থাকিব।

শেহতীয়াকৈ কংগ্ৰেছৰ উক্ত কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে নিৰাপত্তা আৰু যান-বাহন ব্যৱস্থাপনাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে। বিক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি আজি নতুন দিল্লীৰ বহু ডাঙৰ পথৰ পৰা ট্ৰেফিক ডাইভাৰচন আপডেট কৰা হ’ব। বাছৰ পথো সলনি কৰি একাংশ পথত যান-বাহনৰ চলাচল বন্ধ কৰা হ’ব। এনে অৱস্থাত কৰ্মদিনৰ বাবে সাধাৰণ মানুহে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

মুস্তাফা কমল আতাতুৰ্ক মাৰ্গ, কৌটিল্য মাৰ্গ, টিন মূৰ্তি মাৰ্গ, ৰাজাজী মাৰ্গ, আকবৰ ৰোড, চফদৰজং ৰোড আৰু ৰাইচিনা ৰোডত পুৱাৰে পৰা বিয়লিলৈকে যান-বাহন চলাচল বন্ধ থকাৰ সম্ভাৱনা আছে।

চৰ্দাৰ পেটেল মাৰ্গ, শান্তি পথ, পঞ্চশীল মাৰ্গ, তুঘলাক ৰোড, এ পি জে আব্দুল কালাম ৰোড, পৃথ্বীৰাজ ৰোড, শ্বাহজাহান ৰোড, ডাঃ জাকিৰ হুছেইন মাৰ্গ, মৌলানা আজাদ ৰোড, ৰফি মাৰ্গ, জনপথ, অশোকা ৰোড, ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ ৰোড, মাদাৰ টেৰেছা ক্ৰেচেণ্ট, বাবা খাৰক সিং মাৰ্গ, মথুৰা ৰোড আৰু ইণ্ডিয়া গেটত ট্ৰেফিকৰ সমস্যা অধিক হোৱাৰ সম্ভাৱনা আছে। অসুবিধাৰ পৰা হাত সাৰিবলৈ যান-বাহন আৰক্ষীয়ে মেট্ৰ’ৰে যাতায়ত কৰিবলৈ পৰামৰ্শ দিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?