--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 

বৃহস্পতিবাৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নাম লৈ কয়," মই মোডীক একেবাৰেই ভয় নকৰো। সত্যক দমন কৰিব নোৱাৰি। ৰাহুলে কলে যে যি কৰিব কৰক, কিন্তু সত্যক বেৰিকেড দিব নোৱাৰি।"

ইফালে বৃহস্পতিবাৰৰ নিশাৰ পৰাই কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীসকলে সমবেত হ’বলৈ আৰম্ভ কৰে। কিন্তু এই বিক্ষোভৰ বাবে বৰ্তমান পৰ্যন্ত দিল্লী আৰক্ষীয়ে অনুমতি দিয়া নাই। দিল্লী আৰক্ষীয়ে জনোৱা মতে, যন্তৰ মন্তৰৰ বাহিৰে দিল্লীৰ সমগ্ৰ অঞ্চলতে চিআৰপিচিৰ ১৪৪ ধাৰা প্ৰযোজ্য। নিৰাপত্তা, আইন-শৃংখলা, যান-জঁটৰ কাৰণত ৫ আগষ্টত নতুন দিল্লীত কোনো ধৰণৰ প্ৰতিবাদ বা ঘেৰাওৰ কাৰ্যসূচীক অনুমতি দিব নোৱাৰিব।

আনহাতে আৰক্ষীৰ অনুমতি নোপোৱাৰ পাছত বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে কৈছিল, গণতন্ত্ৰত প্ৰতিবাদ কৰাটো আমাৰ অধিকাৰ। আৰক্ষীয়ে অনুমতি নিদিয়ে, ঠিকেই আছে, বন্ধ কৰক।

বৃহস্পতিবাৰে কংগ্ৰেছ নেতা কে চি বেনুগোপালে কয় যে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰাৰ বিৰুদ্ধে কংগ্ৰেছে দিল্লীত এক বৃহৎ বিক্ষোভ তথা ৰাষ্ট্ৰপতি ভৱন আৰু প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ সমদল উলিয়াব। তেওঁ উল্লেখ কৰে যে সংসদ ভৱনৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ সমদল উলিয়াব কংগ্ৰেছৰ লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰমোদ তিৱাৰীয়ে কয় যে ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰাৰ বাবে অনুমতি বিচৰা হৈছে আৰু আশা কৰা হৈছে যে ৮০ জনতকৈ অধিক দলীয় সাংসদক শান্তিৰে তালৈ যাবলৈ দিয়া হ’ব। দলটোৱে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ঘেৰাও কাৰ্যসূচীও আয়োজন কৰিব য’ত কংগ্ৰেছৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সংস্থা চি ডব্লিউ চিৰ সদস্য আৰু জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিব। 

কংগ্ৰেছে নিজৰ ৰাজ্যিক ইউনিটসমূহক ৫ আগষ্টত ৰাজ্যিক কংগ্ৰেছ কমিটিৰ হৈ ‘ৰাজ ভৱন ঘেৰাও’ৰ আয়োজন কৰিবলৈ কয়, য’ত বিধায়ক, বিধান পৰিষদৰ সদস্য, প্ৰাক্তন সাংসদ আৰু ৰাজ্যিক এককৰ জ্যেষ্ঠ নেতাসকল জড়িত থাকিব।

শেহতীয়াকৈ কংগ্ৰেছৰ উক্ত কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে নিৰাপত্তা আৰু যান-বাহন ব্যৱস্থাপনাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে। বিক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি আজি নতুন দিল্লীৰ বহু ডাঙৰ পথৰ পৰা ট্ৰেফিক ডাইভাৰচন আপডেট কৰা হ’ব। বাছৰ পথো সলনি কৰি একাংশ পথত যান-বাহনৰ চলাচল বন্ধ কৰা হ’ব। এনে অৱস্থাত কৰ্মদিনৰ বাবে সাধাৰণ মানুহে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

মুস্তাফা কমল আতাতুৰ্ক মাৰ্গ, কৌটিল্য মাৰ্গ, টিন মূৰ্তি মাৰ্গ, ৰাজাজী মাৰ্গ, আকবৰ ৰোড, চফদৰজং ৰোড আৰু ৰাইচিনা ৰোডত পুৱাৰে পৰা বিয়লিলৈকে যান-বাহন চলাচল বন্ধ থকাৰ সম্ভাৱনা আছে।

চৰ্দাৰ পেটেল মাৰ্গ, শান্তি পথ, পঞ্চশীল মাৰ্গ, তুঘলাক ৰোড, এ পি জে আব্দুল কালাম ৰোড, পৃথ্বীৰাজ ৰোড, শ্বাহজাহান ৰোড, ডাঃ জাকিৰ হুছেইন মাৰ্গ, মৌলানা আজাদ ৰোড, ৰফি মাৰ্গ, জনপথ, অশোকা ৰোড, ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ ৰোড, মাদাৰ টেৰেছা ক্ৰেচেণ্ট, বাবা খাৰক সিং মাৰ্গ, মথুৰা ৰোড আৰু ইণ্ডিয়া গেটত ট্ৰেফিকৰ সমস্যা অধিক হোৱাৰ সম্ভাৱনা আছে। অসুবিধাৰ পৰা হাত সাৰিবলৈ যান-বাহন আৰক্ষীয়ে মেট্ৰ’ৰে যাতায়ত কৰিবলৈ পৰামৰ্শ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ গাইড লাইন মুকলি ৰণোজ পেগুৰ, চৰকাৰী বিদ্যালয়ত শিক্ষার্থী বৃদ্ধিৰ আশা শিক্ষা মন্ত্ৰীৰ
গোসাঁইগাঁৱত বজ্ৰপাতৰ ফলত এজন মাছমৰীয়াৰ কৰুণ মৃত্যু
GMCHত আৰম্ভ হ’ব প্রটন বীম থেৰাপী; অসম হ’ব দেশৰ ভিতৰতে প্ৰথম
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য