--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ সন্মুখত হঠাতে যদি এক ভয়াৱহ বিপদে দেখা দিয়ে, আমি হয়তো মুহূৰ্তৰ বাবে হেৰুৱাই পেলাম মানসিক শক্তি বা স্থিৰতা। কোনো আগজাননী নোহোৱাকৈ অতৰ্কিতে দেখা দিয়া বিপদৰ ক্ষেত্ৰত স্বাভাৱিকতেই এয়া মানুহৰ এক সহজাত প্ৰতিক্ৰিয়া। ক্ষণিকৰ ভিতৰতে আৱিৰ্ভাৱ হোৱা এনে বিপদে কেতিয়াবা কাঢ়ি নিবও পাৰে আমাৰ জীৱন। কিন্তু ইয়াৰ মাজতো এনে বহু লোক আছে, যি এনে অতৰ্কিত বিপদতো স্থিৰতা নেহেৰুৱাকৈ বুদ্ধিমত্তাৰে বিপদৰ মোকাবিলা কৰিব পাৰে।

উপস্থিত বুদ্ধিমত্তাৰ আৰু ধৈৰ্য্যৰ এনে এক উদাহৰণেই বৃহস্পতিবাৰে দাঙি ধৰিছে হিমাচল প্ৰদেশৰ এগৰাকী ৰে’ল চালকে। নিজৰ ধৈৰ্য্য আৰু সুস্থ বুদ্ধিমত্তাৰে এই চালকজনে ৰক্ষা কৰিছে পঞ্চাশ জনতকৈও অধিক ৰে’লযাত্ৰীৰ জীৱন। যাৰ বাবে এতিয়া এই ৰে’ল চালক গৰাকীয়ে লাভ কৰিছে যথেষ্ট প্ৰশংসা।

শেহতীয়াকৈ সমগ্ৰ দেশতে বৰষুণ আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত দেশৰ পাহাৰীয়া এলেকা সমূহত বিশেষকৈ ভূমিস্খলনে এক উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে। ভূমিস্খলনৰ ফলত যোৱা কিছুদিনত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে।

দেশৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা এনে ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ মাজতে বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ এক পাহাৰীয়া ৰে'ল পথত আন এক ভূমিস্খলন সংঘটিত হৈছে। ৰাজ্যখনৰ চিমলা-কালকা হেৰিটেজ ৰে'ল পথত হোৱা এই ভয়াৱহ ভূমিস্খলনৰ ঘটনাত কথমপি দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা পৰে এখন যাত্ৰীবাহী ৰে'ল।

প্ৰায় ৫০ জনতকৈও অধিক যাত্ৰী কঢ়িয়াই নিয়া ৰে’লখন চোলান জিলাৰ পাট্টা ম'ৰত উপস্থিত হোৱাৰ পাহাৰৰ ওপৰৰ পৰা শিল খহি পৰিবলৈ ধৰে। যাত্ৰাপথতে এই আকস্মিক দুৰ্যোগৰ মুখামুখি হোৱাৰ পিছত অৱশ্যে চালকজনে সতৰ্কতাৰে লগে লগে ট্ৰেইনখন ৰখাবলৈ সক্ষম হয় আৰু এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰে।

খহি অহা শিলেৰে ট্ৰেকটো বন্ধ হৈ পৰাৰ বাবে বহু সময় ধৰি ৰে’ল চলাচল ব্যাহত হয়। অৱশ্যে বিভাগীয় কৰ্তৃপক্ষই ট্ৰেকটো মুকলি কৰাৰ পিছত ৰে’ল সেৱা পুনৰ আৰম্ভ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ
বিলাসীপাৰাত চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান
ডিমৌ-নিতাইপুখুৰী পথত দিনদুপৰতে দুৰ্বৃত্তই লুটি নিলে ১০ লক্ষাধিক টকা
বোকাখাতত আকাশৰ পৰা সৰি পৰিল ডাৱৰ!