--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ সন্মুখত হঠাতে যদি এক ভয়াৱহ বিপদে দেখা দিয়ে, আমি হয়তো মুহূৰ্তৰ বাবে হেৰুৱাই পেলাম মানসিক শক্তি বা স্থিৰতা। কোনো আগজাননী নোহোৱাকৈ অতৰ্কিতে দেখা দিয়া বিপদৰ ক্ষেত্ৰত স্বাভাৱিকতেই এয়া মানুহৰ এক সহজাত প্ৰতিক্ৰিয়া। ক্ষণিকৰ ভিতৰতে আৱিৰ্ভাৱ হোৱা এনে বিপদে কেতিয়াবা কাঢ়ি নিবও পাৰে আমাৰ জীৱন। কিন্তু ইয়াৰ মাজতো এনে বহু লোক আছে, যি এনে অতৰ্কিত বিপদতো স্থিৰতা নেহেৰুৱাকৈ বুদ্ধিমত্তাৰে বিপদৰ মোকাবিলা কৰিব পাৰে।

উপস্থিত বুদ্ধিমত্তাৰ আৰু ধৈৰ্য্যৰ এনে এক উদাহৰণেই বৃহস্পতিবাৰে দাঙি ধৰিছে হিমাচল প্ৰদেশৰ এগৰাকী ৰে’ল চালকে। নিজৰ ধৈৰ্য্য আৰু সুস্থ বুদ্ধিমত্তাৰে এই চালকজনে ৰক্ষা কৰিছে পঞ্চাশ জনতকৈও অধিক ৰে’লযাত্ৰীৰ জীৱন। যাৰ বাবে এতিয়া এই ৰে’ল চালক গৰাকীয়ে লাভ কৰিছে যথেষ্ট প্ৰশংসা।

শেহতীয়াকৈ সমগ্ৰ দেশতে বৰষুণ আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত দেশৰ পাহাৰীয়া এলেকা সমূহত বিশেষকৈ ভূমিস্খলনে এক উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে। ভূমিস্খলনৰ ফলত যোৱা কিছুদিনত কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে।

দেশৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা এনে ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ মাজতে বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ এক পাহাৰীয়া ৰে'ল পথত আন এক ভূমিস্খলন সংঘটিত হৈছে। ৰাজ্যখনৰ চিমলা-কালকা হেৰিটেজ ৰে'ল পথত হোৱা এই ভয়াৱহ ভূমিস্খলনৰ ঘটনাত কথমপি দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা পৰে এখন যাত্ৰীবাহী ৰে'ল।

প্ৰায় ৫০ জনতকৈও অধিক যাত্ৰী কঢ়িয়াই নিয়া ৰে’লখন চোলান জিলাৰ পাট্টা ম'ৰত উপস্থিত হোৱাৰ পাহাৰৰ ওপৰৰ পৰা শিল খহি পৰিবলৈ ধৰে। যাত্ৰাপথতে এই আকস্মিক দুৰ্যোগৰ মুখামুখি হোৱাৰ পিছত অৱশ্যে চালকজনে সতৰ্কতাৰে লগে লগে ট্ৰেইনখন ৰখাবলৈ সক্ষম হয় আৰু এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰে।

খহি অহা শিলেৰে ট্ৰেকটো বন্ধ হৈ পৰাৰ বাবে বহু সময় ধৰি ৰে’ল চলাচল ব্যাহত হয়। অৱশ্যে বিভাগীয় কৰ্তৃপক্ষই ট্ৰেকটো মুকলি কৰাৰ পিছত ৰে’ল সেৱা পুনৰ আৰম্ভ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ