--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ভাৰতত বৃদ্ধি পাবলৈ লৈছে আত্মহত্যাৰ ঘটনা৷ জীৱনৰ প্ৰতি বিতুষ্ট হৈ এই চৰমপন্থা বাছি লৈছে অধিকাংশ শিশু আৰু যুৱক-যুৱতীয়ে৷ তথ্য অনুসৰি, আত্মহত্যাৰ পথ বাছি লোৱাসকলৰ অধিকাংশই ১০ৰ পৰা ২৫ বছৰৰ ভিতৰৰ শিক্ষাৰ্থী আৰু যুৱক-যুৱতী৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানৰ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশ লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোচিকিৎসা বিভাগৰ অধ্যাপক ডাঃ সুৰেশ চক্ৰৱৰ্তীয়ে প্ৰতিঘণ্টাত দেশত এজনকৈ শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথ বাছি লয় বুলি এক তথ্য সদৰী কৰে৷ লগতে, দেশত প্ৰতিদিনে ২৮জনকৈ লোকে আত্মহননৰ পথ গ্ৰহণ কৰে বুলি তেওঁ উল্লেখ কৰি দেশত আত্মহত্যাৰ পথ বাছি লোৱাসকলৰ ভিতৰত ২১.২ শতাংশই শিক্ষাৰ্থী বুলি এক তথ্য সদৰী কৰে৷ নেচনেল ক্ৰাইম ৰেক’ৰ্ডছ ব্যুৰ’ৰ এক তথ্য অনুসৰি, ২০২০ত দেশত ১১,৩৯৬ জন কিশোৰ-কিশোৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছে৷ শেহতীয়াকৈ, বৃদ্ধি পাবলৈ লোৱা এনে আত্মহত্যাৰ ঘটনাই দেশৰ সুস্থিৰ সামাজিক ভৱিষ্যতলৈ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে৷ আত্মহত্যাৰ কাৰণ বিচাৰি উলিয়াবলৈ দেশৰ চিকিৎসকসমাজ আৰু মনোৰোগ বিশেষজ্ঞসকলেও গৱেষণা অব্যাহত ৰাখিছে৷ অত্যধিক মানসিক চাপ, নিঃসংগতা, প্ৰেমজনিত কাৰণত পোৱা আঘাত, কেৰিয়াৰজনিত হতাশগ্ৰস্ততাকে যুৱক-যুৱতীসকলৰ আত্মহত্যাৰ কাৰক হিচাপে চিহ্নিত কৰা হৈছে৷ বিপৰ্যস্ত অৰ্থনৈতিক ব্যৱস্থাত দিগবিদিগ হেৰুৱাই দেশত এতিয়া আত্মহত্যাই শেষ পথস্বৰূপ হৈ পৰিছে বহুজনৰ বাবে! যিটো অত্যন্ত অশুভ লক্ষণ৷ কৰ্মসংস্থাপনহীনতা আৰু কেৰিয়াৰৰ অনিশ্চয়তাই যুৱক-যুৱতীসকলক জীৱনমুখী কৰি তোলাৰ সলনি মৃত্যুমুখী কৰি তুলিছে৷ অথচ, ইমানৰ পাছতো কাণষাৰ নাই কেন্দ্ৰীয় চৰকাৰৰ৷ মৌলিক সমস্যাবোৰক আওকাণ কৰি প্ৰচাৰ আৰু চমকতে আবদ্ধ হৈ পৰিছে চৰকাৰৰ কাম-কাজ৷ ২০২০ত দেশজুৰি ঘোষণা হোৱা লকডাউনৰ ফলত দেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে সংস্থাপন হেৰুৱাইছিল৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে কোনোধৰণৰ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত নহ’ল৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে