--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ভাৰতত বৃদ্ধি পাবলৈ লৈছে আত্মহত্যাৰ ঘটনা৷ জীৱনৰ প্ৰতি বিতুষ্ট হৈ এই চৰমপন্থা বাছি লৈছে অধিকাংশ শিশু আৰু যুৱক-যুৱতীয়ে৷ তথ্য অনুসৰি, আত্মহত্যাৰ পথ বাছি লোৱাসকলৰ অধিকাংশই ১০ৰ পৰা ২৫ বছৰৰ ভিতৰৰ শিক্ষাৰ্থী আৰু যুৱক-যুৱতী৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানৰ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশ লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোচিকিৎসা বিভাগৰ অধ্যাপক ডাঃ সুৰেশ চক্ৰৱৰ্তীয়ে প্ৰতিঘণ্টাত দেশত এজনকৈ শিক্ষাৰ্থীয়ে আত্মহত্যাৰ পথ বাছি লয় বুলি এক তথ্য সদৰী কৰে৷ লগতে, দেশত প্ৰতিদিনে ২৮জনকৈ লোকে আত্মহননৰ পথ গ্ৰহণ কৰে বুলি তেওঁ উল্লেখ কৰি দেশত আত্মহত্যাৰ পথ বাছি লোৱাসকলৰ ভিতৰত ২১.২ শতাংশই শিক্ষাৰ্থী বুলি এক তথ্য সদৰী কৰে৷ নেচনেল ক্ৰাইম ৰেক’ৰ্ডছ ব্যুৰ’ৰ এক তথ্য অনুসৰি, ২০২০ত দেশত ১১,৩৯৬ জন কিশোৰ-কিশোৰীয়ে আত্মহত্যাৰ পথ বাছি লৈছে৷ শেহতীয়াকৈ, বৃদ্ধি পাবলৈ লোৱা এনে আত্মহত্যাৰ ঘটনাই দেশৰ সুস্থিৰ সামাজিক ভৱিষ্যতলৈ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে৷ আত্মহত্যাৰ কাৰণ বিচাৰি উলিয়াবলৈ দেশৰ চিকিৎসকসমাজ আৰু মনোৰোগ বিশেষজ্ঞসকলেও গৱেষণা অব্যাহত ৰাখিছে৷ অত্যধিক মানসিক চাপ, নিঃসংগতা, প্ৰেমজনিত কাৰণত পোৱা আঘাত, কেৰিয়াৰজনিত হতাশগ্ৰস্ততাকে যুৱক-যুৱতীসকলৰ আত্মহত্যাৰ কাৰক হিচাপে চিহ্নিত কৰা হৈছে৷ বিপৰ্যস্ত অৰ্থনৈতিক ব্যৱস্থাত দিগবিদিগ হেৰুৱাই দেশত এতিয়া আত্মহত্যাই শেষ পথস্বৰূপ হৈ পৰিছে বহুজনৰ বাবে! যিটো অত্যন্ত অশুভ লক্ষণ৷ কৰ্মসংস্থাপনহীনতা আৰু কেৰিয়াৰৰ অনিশ্চয়তাই যুৱক-যুৱতীসকলক জীৱনমুখী কৰি তোলাৰ সলনি মৃত্যুমুখী কৰি তুলিছে৷ অথচ, ইমানৰ পাছতো কাণষাৰ নাই কেন্দ্ৰীয় চৰকাৰৰ৷ মৌলিক সমস্যাবোৰক আওকাণ কৰি প্ৰচাৰ আৰু চমকতে আবদ্ধ হৈ পৰিছে চৰকাৰৰ কাম-কাজ৷ ২০২০ত দেশজুৰি ঘোষণা হোৱা লকডাউনৰ ফলত দেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে সংস্থাপন হেৰুৱাইছিল৷ পৰৱৰ্তী সময়ত তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে কোনোধৰণৰ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত নহ’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন