--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডান্স ইণ্ডিয়া ডান্স‌ হৈছে জি টিভি দ্বাৰা সম্প্ৰচাৰিত হোৱা এটি অন্যতম জনপ্ৰিয় অনুষ্ঠান। ২০০৯ চনতে ডান্স ইণ্ডিয়া ডান্স‌ চমুকৈ ডিআইডি এটা শ্ব’ৰে প্ৰথম ছিজনৰ‌ আৰম্ভণি হৈছিল। কেৱল প্ৰাপ্তবয়স্কসকলেই নহয়, আনকি ল’ৰা-ছোৱালীয়েও এই ডান্স ৰিয়েলিটি শ্ব’টোৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ পাইছিল। শেহতীয়াকৈ জনপ্ৰিয় হৈ উঠা DID L'il Masters season-5ৰ গ্ৰেণ্ড ফিনালে শ্ব’টো‌ শেষ হ’ল।ৰেমো ডি’ছ’জা, ছ’নালি বেন্দ্ৰে, আৰু মৌনি ৰয় আছিল এই অনুষ্ঠানৰ বিচাৰক।

 সম্পুৰ্ণ অনুষ্ঠানটো মনোৰঞ্জনৰে ভৰি আছিল আৰু শীৰ্ষ ৫গৰাকী চূড়ান্ত প্ৰতিযোগীক সমৰ্থন কৰিবলৈ জুগজুগ জীয়োৰৰ তাৰকাসমূহ উপস্থিত আছিল। অনিল কাপুৰ, কিয়াৰা আদৱানী, বৰুণ ধাৱান, প্ৰজাক্ত কোহলী, আৰু মণিশ পলে এই অনুষ্ঠানত উপস্থিত থাকি বিচাৰকৰ লগতে প্ৰতিযোগীসকলক উৎসাহিত কৰে। শীৰ্ষ ৫গৰাকী চূড়ান্ত প্ৰতিযোগী ক্ৰমে-সাগৰ, নৱজিত, আপুন, অধ্যাশ্ৰী, আৰু ঋষিতাই তেওঁলোকৰ আকৰ্ষণীয় চূড়ান্ত অভিনয়েৰে সকলোকে আপ্লুত কৰিছিল।

 নৱজিত  নাৰ্জাৰীয়ে ডিআইডি ল'ইল মাষ্টাৰছ জয় কৰে। হয়, নোবোজিতে DID L'il Masters season 5 ত জয়ী হৈছে।অপুন আৰু অধ্যাশ্ৰীক ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে তিনিওজন প্ৰতিযোগীয়ে  অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল।শ্ব’টোৰ  ফাইনেলিষ্টসকলৰ বাহিৰেও শেষৰ খণ্ডত   সকলোৰে হৃদয় জয় কৰা এজন বিশেষ প্ৰতিযোগী আছিল আহমেদ ৰাজা। আহমেদ ৰাজাকে ধৰি সকলো চূড়ান্ত প্ৰতিযোগীক ডি আই ডি ল’ইল মাষ্টাৰছৰ পৰা নগদ ধন প্ৰদান কৰা হয়।

 নৱজিত ৰ বিজয় আৰু এই ছিজনৰ সৈতে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে  বিচাৰক ৰেমো ডি’ছ’জাই কয় যে তেওঁ এজন প্ৰকৃত বিজয়ী। তেওঁ উল্লেখ কৰিছে যে এই ছিজনটো তেওঁ সম্পূৰ্ণৰূপে উপভোগ কৰিছে , আৰু তেওঁ আনন্দিত যে তেওঁ সকলোৰে সন্মুখত এনে আচৰিত প্ৰতিভাৰ প্ৰদৰ্শনৰ সাক্ষী হ'বলৈ সক্ষম হৈছিল  আৰু প্ৰতিজন প্ৰতিযোগী তেওঁৰ ‌ হৃদয়ত ‌আছে বুলিও ব্যক্ত কৰে।বিচাৰক ৰেমো ডি’ছ’জাই প্ৰতিজন প্ৰতিযোগীৰ  ভৱিষ্যতৰ বাবে বহুত মৰম আৰু তেওঁলোকৰ প্ৰতিজনৰ বাবে শুভকামনা জনাইছে। সোণালী বেন্দ্ৰইও নিজৰ মত প্ৰকাশ কৰি নৱজিতক অভিনন্দন জ্ঞাপন‌ কৰে আৰু লগতে এয়া নৱজিতৰ প্ৰাপ্য বুলি উল্লেখ কৰে কাৰণ নৱজিতে প্ৰতিদিনে বহু কষ্ট, নিষ্ঠাৰে কাম কৰিছিল। বিচাৰকগৰাকীৰ মতে প্ৰতিজন প্ৰতিযোগীয়েই এজন এজন বিজয়ী কাৰণ তেওঁলোকৰ যি আৱেগ আৰু প্ৰতিভা আছে সেয়া সঁচাকৈয়ে অতুলনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ