--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডান্স ইণ্ডিয়া ডান্স‌ হৈছে জি টিভি দ্বাৰা সম্প্ৰচাৰিত হোৱা এটি অন্যতম জনপ্ৰিয় অনুষ্ঠান। ২০০৯ চনতে ডান্স ইণ্ডিয়া ডান্স‌ চমুকৈ ডিআইডি এটা শ্ব’ৰে প্ৰথম ছিজনৰ‌ আৰম্ভণি হৈছিল। কেৱল প্ৰাপ্তবয়স্কসকলেই নহয়, আনকি ল’ৰা-ছোৱালীয়েও এই ডান্স ৰিয়েলিটি শ্ব’টোৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ পাইছিল। শেহতীয়াকৈ জনপ্ৰিয় হৈ উঠা DID L'il Masters season-5ৰ গ্ৰেণ্ড ফিনালে শ্ব’টো‌ শেষ হ’ল।ৰেমো ডি’ছ’জা, ছ’নালি বেন্দ্ৰে, আৰু মৌনি ৰয় আছিল এই অনুষ্ঠানৰ বিচাৰক।

 সম্পুৰ্ণ অনুষ্ঠানটো মনোৰঞ্জনৰে ভৰি আছিল আৰু শীৰ্ষ ৫গৰাকী চূড়ান্ত প্ৰতিযোগীক সমৰ্থন কৰিবলৈ জুগজুগ জীয়োৰৰ তাৰকাসমূহ উপস্থিত আছিল। অনিল কাপুৰ, কিয়াৰা আদৱানী, বৰুণ ধাৱান, প্ৰজাক্ত কোহলী, আৰু মণিশ পলে এই অনুষ্ঠানত উপস্থিত থাকি বিচাৰকৰ লগতে প্ৰতিযোগীসকলক উৎসাহিত কৰে। শীৰ্ষ ৫গৰাকী চূড়ান্ত প্ৰতিযোগী ক্ৰমে-সাগৰ, নৱজিত, আপুন, অধ্যাশ্ৰী, আৰু ঋষিতাই তেওঁলোকৰ আকৰ্ষণীয় চূড়ান্ত অভিনয়েৰে সকলোকে আপ্লুত কৰিছিল।

 নৱজিত  নাৰ্জাৰীয়ে ডিআইডি ল'ইল মাষ্টাৰছ জয় কৰে। হয়, নোবোজিতে DID L'il Masters season 5 ত জয়ী হৈছে।অপুন আৰু অধ্যাশ্ৰীক ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে তিনিওজন প্ৰতিযোগীয়ে  অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল।শ্ব’টোৰ  ফাইনেলিষ্টসকলৰ বাহিৰেও শেষৰ খণ্ডত   সকলোৰে হৃদয় জয় কৰা এজন বিশেষ প্ৰতিযোগী আছিল আহমেদ ৰাজা। আহমেদ ৰাজাকে ধৰি সকলো চূড়ান্ত প্ৰতিযোগীক ডি আই ডি ল’ইল মাষ্টাৰছৰ পৰা নগদ ধন প্ৰদান কৰা হয়।

 নৱজিত ৰ বিজয় আৰু এই ছিজনৰ সৈতে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে  বিচাৰক ৰেমো ডি’ছ’জাই কয় যে তেওঁ এজন প্ৰকৃত বিজয়ী। তেওঁ উল্লেখ কৰিছে যে এই ছিজনটো তেওঁ সম্পূৰ্ণৰূপে উপভোগ কৰিছে , আৰু তেওঁ আনন্দিত যে তেওঁ সকলোৰে সন্মুখত এনে আচৰিত প্ৰতিভাৰ প্ৰদৰ্শনৰ সাক্ষী হ'বলৈ সক্ষম হৈছিল  আৰু প্ৰতিজন প্ৰতিযোগী তেওঁৰ ‌ হৃদয়ত ‌আছে বুলিও ব্যক্ত কৰে।বিচাৰক ৰেমো ডি’ছ’জাই প্ৰতিজন প্ৰতিযোগীৰ  ভৱিষ্যতৰ বাবে বহুত মৰম আৰু তেওঁলোকৰ প্ৰতিজনৰ বাবে শুভকামনা জনাইছে। সোণালী বেন্দ্ৰইও নিজৰ মত প্ৰকাশ কৰি নৱজিতক অভিনন্দন জ্ঞাপন‌ কৰে আৰু লগতে এয়া নৱজিতৰ প্ৰাপ্য বুলি উল্লেখ কৰে কাৰণ নৱজিতে প্ৰতিদিনে বহু কষ্ট, নিষ্ঠাৰে কাম কৰিছিল। বিচাৰকগৰাকীৰ মতে প্ৰতিজন প্ৰতিযোগীয়েই এজন এজন বিজয়ী কাৰণ তেওঁলোকৰ যি আৱেগ আৰু প্ৰতিভা আছে সেয়া সঁচাকৈয়ে অতুলনীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক