--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত তেওঁ তিনিটা দশক অতিক্ৰম কৰিলে। ২৫ জুনত শ্বাহৰূখ খানে চলচ্চিত্ৰ জগতৰ ৩০ বছৰীয়া জয়ন্তী উপলক্ষে ইনষ্টাগ্ৰাম লাইভ আহিছিল। তাতেই লাগিল কেনা! শ্বাহৰূখে ‘পাঠান’ সম্পৰ্কে বিভিন্ন কথা সকলোৰে সমুখত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। কথাই প্ৰতি ছলমানৰ সৈতে কাম কৰাৰ বিভিন্ন প্ৰসংগ শ্বাহৰূখৰ মুখত শুনিবলৈ পোৱা যায়। কিং খানে কয় যে, তেওঁ ভাইজানৰ টাইগাৰ-৩ত কেমিঅ’ৰ চৰিত্ৰত অভিনয় কৰিছে। সকলো ঠিকেই আছিল, কিন্তু কথাৰ মাজতে ভুলতে শ্বাহৰূখৰ মুখৰ পৰা ওলাই গ’ল অবাঞ্চিত কিছু কথা। বন্ধু ছলমান খানৰ গোপন কথা মুকলিকৈ প্ৰকাশ কৰা দেখা গ’ল কিং খানক। তেনেকৈ কোৱাৰ পিছত অপ্ৰস্তুত হৈ পৰিল বলীউড বাদশ্বাহ। দৰাচলতে কি কৈছিল শ্বাহৰূখ খানে?

শ্বাহৰূখে কয়, ‘ছলমান খানৰ সৈতে কামৰ নহয় বৰঞ্চ মৰম, সুখ, বন্ধুত্ব, ভাতৃত্ববোধৰ অভিজ্ঞতা। মই যেতিয়াই তেওঁৰ সৈতে কাম কৰিছো, তেতিয়াই এক বিমল আনন্দ লাভ কৰিছো। যদিও মই ‘কৰণ অৰ্জুন’ৰ বাহিৰে আন এখনো ছবিত অভিনয় কৰা নাই তথাপি তেওঁৰ সৈতে কাম কৰাৰ অভিজ্ঞতা অবৰ্ণনীয়। ’

শ্বাহৰূখে লগতে কয়, ‘যোৱা দুটা বছৰ বৰ ৰোমাঞ্চকৰ আছিল, কাৰণ মই ছলমানৰ টিউবলাইটত কাম কৰিছিলো।  জিৰ’ চিনেমাৰ এটা গীতটো অভিনয় কৰিছিলো আমি আৰু এতিয়া তেওঁ পাঠান ছবিত আছে।’ 

প্ৰসংগক্ৰমে, কিং খানে পাঠান ছবিত ৰোমাণ্টিক নায়কৰ সলনি অইন এটা ৰূপতেহে ধৰা দিয়া দেখিবলৈ পোৱা গৈছে। শ্বাহৰূখ খানৰ এই ছবিখন ২০২৩ চনৰ ২৫ জানুৱাৰীত যশৰাজ ফিল্মছৰ বেনাৰত মুক্তি পাব। হিন্দীৰ বাহিৰেও তামিল আৰু তেলেগু ভাষাত মুক্তি পাব বহুল প্ৰতিক্ষীত ছবি ‘পাঠান’।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু