--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত তেওঁ তিনিটা দশক অতিক্ৰম কৰিলে। ২৫ জুনত শ্বাহৰূখ খানে চলচ্চিত্ৰ জগতৰ ৩০ বছৰীয়া জয়ন্তী উপলক্ষে ইনষ্টাগ্ৰাম লাইভ আহিছিল। তাতেই লাগিল কেনা! শ্বাহৰূখে ‘পাঠান’ সম্পৰ্কে বিভিন্ন কথা সকলোৰে সমুখত শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। কথাই প্ৰতি ছলমানৰ সৈতে কাম কৰাৰ বিভিন্ন প্ৰসংগ শ্বাহৰূখৰ মুখত শুনিবলৈ পোৱা যায়। কিং খানে কয় যে, তেওঁ ভাইজানৰ টাইগাৰ-৩ত কেমিঅ’ৰ চৰিত্ৰত অভিনয় কৰিছে। সকলো ঠিকেই আছিল, কিন্তু কথাৰ মাজতে ভুলতে শ্বাহৰূখৰ মুখৰ পৰা ওলাই গ’ল অবাঞ্চিত কিছু কথা। বন্ধু ছলমান খানৰ গোপন কথা মুকলিকৈ প্ৰকাশ কৰা দেখা গ’ল কিং খানক। তেনেকৈ কোৱাৰ পিছত অপ্ৰস্তুত হৈ পৰিল বলীউড বাদশ্বাহ। দৰাচলতে কি কৈছিল শ্বাহৰূখ খানে?

শ্বাহৰূখে কয়, ‘ছলমান খানৰ সৈতে কামৰ নহয় বৰঞ্চ মৰম, সুখ, বন্ধুত্ব, ভাতৃত্ববোধৰ অভিজ্ঞতা। মই যেতিয়াই তেওঁৰ সৈতে কাম কৰিছো, তেতিয়াই এক বিমল আনন্দ লাভ কৰিছো। যদিও মই ‘কৰণ অৰ্জুন’ৰ বাহিৰে আন এখনো ছবিত অভিনয় কৰা নাই তথাপি তেওঁৰ সৈতে কাম কৰাৰ অভিজ্ঞতা অবৰ্ণনীয়। ’

শ্বাহৰূখে লগতে কয়, ‘যোৱা দুটা বছৰ বৰ ৰোমাঞ্চকৰ আছিল, কাৰণ মই ছলমানৰ টিউবলাইটত কাম কৰিছিলো।  জিৰ’ চিনেমাৰ এটা গীতটো অভিনয় কৰিছিলো আমি আৰু এতিয়া তেওঁ পাঠান ছবিত আছে।’ 

প্ৰসংগক্ৰমে, কিং খানে পাঠান ছবিত ৰোমাণ্টিক নায়কৰ সলনি অইন এটা ৰূপতেহে ধৰা দিয়া দেখিবলৈ পোৱা গৈছে। শ্বাহৰূখ খানৰ এই ছবিখন ২০২৩ চনৰ ২৫ জানুৱাৰীত যশৰাজ ফিল্মছৰ বেনাৰত মুক্তি পাব। হিন্দীৰ বাহিৰেও তামিল আৰু তেলেগু ভাষাত মুক্তি পাব বহুল প্ৰতিক্ষীত ছবি ‘পাঠান’।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ