--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজধানী মহানগৰখনৰ একাংশৰ পৰিস্থিতি সামান্য উন্নত হোৱাৰ পাছত যাতায়াত ব্যৱস্থা আংশিকভাৱে বাহাল কৰা হয় যদিও নিশাৰ ভাগত যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে।

ডিজিটেল ডেস্ক : প্ৰবল বৰষুণৰ লগতে বান আৰু ভূমিস্খলনে নেপালৰ লগতে দার্জিলিঙত মহাপ্রলয়ৰ সৃষ্টি কৰে। এই প্রাকৃতিক দুর্যোগত নেপালত অর্ধ শতাধিক আৰু দার্জিলিঙত ২০জন লোকৰ মৃত্যু হয়। হতাহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। নেপালত যোৱা শুকুৰবাৰৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত দেওবাৰে দুপৰীয়া ১ বজালেৈক পোৱা তথ্য অনুসৰি ৫১জন লোক নিহত হোৱাৰ লগতে ১১জন লোক সন্ধানহীন হৈ আছে। ২০জনতকৈ অধিক লোক আহত হয়।


আটাইতকৈ বেছি ক্ষতি হয় পূব নেপালৰ ইলাম জিলাত। জিলাখনত ভূমিস্খলনত ৩৭জন লোক নিহত হয়। ৰাজধানী কাঠমাণ্ডুৰ পৰিস্থিতি বিপজ্জনক বুলি কোৱা হৈছে। অৱশ্যে ৰাজধানী মহানগৰখনৰ একাংশৰ পৰিস্থিতি সামান্য উন্নত হোৱাৰ পাছত যাতায়াত ব্যৱস্থা আংশিকভাৱে বাহাল কৰা হয় যদিও নিশাৰ ভাগত যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। কেৱল জৰুৰী সেৱা, সামগ্রী কঢ়িওৱা বাহন আৰু একাংশ যাত্রীবাহী বাহনকহে চলাচলৰ অনুমতি দিয়া হৈছে। বেয়া বতৰৰ বাবে সকলো বিমানৰ উৰণ বাতিল কৰা হৈছে।


উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত ৰাষ্ট্ৰীয় পথসমূহত ভূমিস্খলন হোৱাৰ লগতে পানীত বুৰ যোৱাৰ পাছত ৰাজধানীলৈ অহা-যোৱা কৰা পথসমূহত যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হয়। নদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ভালেমান গাঁও তথা ঘৰ-দুৱাৰ বুৰ যায়। নিৰাপত্তা বাহিনীসমূহে হেলিকপ্টাৰ আৰু মটৰ ব'টেৰে উদ্ধাৰ তথা সাহায্য অভিযান চলাই থকা বুলি জনা গৈছে। দেশখনত বৰষুণ আৰু বানে সৃষ্টি কৰা জলপ্ৰলয়ৰ লগতে ভূমিস্খলনে সৃষ্টি কৰা শোচনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা দুদিন সমগ্র দেশত বন্ধ ঘোষণা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে দেশখনৰ ১২খন জিলাত ৰে'ড এলার্ট জাৰি কৰিছে।কালি পুৱাৰ বাতৰি মতে, ভূমিস্খলনত সূর্যোদয় নগৰত ৫জন, মংছেবুং নগৰত ৩জন আৰু ইলম নগৰত ৬জন লোক নিহত হয়। নেপালৰ শসস্ত্ৰ পুলিচ বাহিনীয়ে (এ পি এফ) কালি দুপৰীয়া ১ বজাত প্ৰকাশ কৰা তথ্যত ৫১জন লোক নিহত হোৱা বুলি নিশ্চিত কৰে।


এ পি এফে প্রকাশ কৰা মতে, বান, ভূমিস্খলন, বজ্রপাত আৰু পথ দুর্ঘটনাত ১৩জন লোক আহত হয়। ধাৰাসাৰ বৰষুণৰ ফলত সপ্তকোশী নদীৰ পানী দ্রুতগতিত বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতৰ সীমান্তত থকা কোশী বৈৰাজ বান্ধৰ ৫৬খন গে'টৰ সকলোবোৰ খুলি দিয়া হয়। এজন চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে, নদীৰ প্ৰৱাহ প্রতি ছেকেণ্ডত ৩,৩০,০৬০ ঘন ফুট হোৱাৰ পাছত ৫০খন গেট খুলি দিয়া হয়। ইয়াৰ পাছত প্রবাহ অধিক বৃদ্ধি পোৱাত বাকী গেটকেইখনো খুলি দিয়া হয়। বান্ধটোত বিপদৰ সতর্কতা হিচাপে ৰঙা লাইট জ্বলোৱাৰ লগতে ৰঙা পতাকা উৰুওৱা হৈছে। ইফালে নেপালৰ প্ৰাকৃতিক দুর্যোগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখ প্রকাশ কৰে। তেওঁ চুবুৰীয়া দেশখনত সম্ভৱপৰ সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্রুতি দিয়ে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ