--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজধানী মহানগৰখনৰ একাংশৰ পৰিস্থিতি সামান্য উন্নত হোৱাৰ পাছত যাতায়াত ব্যৱস্থা আংশিকভাৱে বাহাল কৰা হয় যদিও নিশাৰ ভাগত যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে।

ডিজিটেল ডেস্ক : প্ৰবল বৰষুণৰ লগতে বান আৰু ভূমিস্খলনে নেপালৰ লগতে দার্জিলিঙত মহাপ্রলয়ৰ সৃষ্টি কৰে। এই প্রাকৃতিক দুর্যোগত নেপালত অর্ধ শতাধিক আৰু দার্জিলিঙত ২০জন লোকৰ মৃত্যু হয়। হতাহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। নেপালত যোৱা শুকুৰবাৰৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনত দেওবাৰে দুপৰীয়া ১ বজালেৈক পোৱা তথ্য অনুসৰি ৫১জন লোক নিহত হোৱাৰ লগতে ১১জন লোক সন্ধানহীন হৈ আছে। ২০জনতকৈ অধিক লোক আহত হয়।


আটাইতকৈ বেছি ক্ষতি হয় পূব নেপালৰ ইলাম জিলাত। জিলাখনত ভূমিস্খলনত ৩৭জন লোক নিহত হয়। ৰাজধানী কাঠমাণ্ডুৰ পৰিস্থিতি বিপজ্জনক বুলি কোৱা হৈছে। অৱশ্যে ৰাজধানী মহানগৰখনৰ একাংশৰ পৰিস্থিতি সামান্য উন্নত হোৱাৰ পাছত যাতায়াত ব্যৱস্থা আংশিকভাৱে বাহাল কৰা হয় যদিও নিশাৰ ভাগত যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। কেৱল জৰুৰী সেৱা, সামগ্রী কঢ়িওৱা বাহন আৰু একাংশ যাত্রীবাহী বাহনকহে চলাচলৰ অনুমতি দিয়া হৈছে। বেয়া বতৰৰ বাবে সকলো বিমানৰ উৰণ বাতিল কৰা হৈছে।


উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত ৰাষ্ট্ৰীয় পথসমূহত ভূমিস্খলন হোৱাৰ লগতে পানীত বুৰ যোৱাৰ পাছত ৰাজধানীলৈ অহা-যোৱা কৰা পথসমূহত যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হয়। নদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ভালেমান গাঁও তথা ঘৰ-দুৱাৰ বুৰ যায়। নিৰাপত্তা বাহিনীসমূহে হেলিকপ্টাৰ আৰু মটৰ ব'টেৰে উদ্ধাৰ তথা সাহায্য অভিযান চলাই থকা বুলি জনা গৈছে। দেশখনত বৰষুণ আৰু বানে সৃষ্টি কৰা জলপ্ৰলয়ৰ লগতে ভূমিস্খলনে সৃষ্টি কৰা শোচনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা দুদিন সমগ্র দেশত বন্ধ ঘোষণা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে দেশখনৰ ১২খন জিলাত ৰে'ড এলার্ট জাৰি কৰিছে।কালি পুৱাৰ বাতৰি মতে, ভূমিস্খলনত সূর্যোদয় নগৰত ৫জন, মংছেবুং নগৰত ৩জন আৰু ইলম নগৰত ৬জন লোক নিহত হয়। নেপালৰ শসস্ত্ৰ পুলিচ বাহিনীয়ে (এ পি এফ) কালি দুপৰীয়া ১ বজাত প্ৰকাশ কৰা তথ্যত ৫১জন লোক নিহত হোৱা বুলি নিশ্চিত কৰে।


এ পি এফে প্রকাশ কৰা মতে, বান, ভূমিস্খলন, বজ্রপাত আৰু পথ দুর্ঘটনাত ১৩জন লোক আহত হয়। ধাৰাসাৰ বৰষুণৰ ফলত সপ্তকোশী নদীৰ পানী দ্রুতগতিত বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতৰ সীমান্তত থকা কোশী বৈৰাজ বান্ধৰ ৫৬খন গে'টৰ সকলোবোৰ খুলি দিয়া হয়। এজন চৰকাৰী বিষয়াই প্ৰকাশ কৰা মতে, নদীৰ প্ৰৱাহ প্রতি ছেকেণ্ডত ৩,৩০,০৬০ ঘন ফুট হোৱাৰ পাছত ৫০খন গেট খুলি দিয়া হয়। ইয়াৰ পাছত প্রবাহ অধিক বৃদ্ধি পোৱাত বাকী গেটকেইখনো খুলি দিয়া হয়। বান্ধটোত বিপদৰ সতর্কতা হিচাপে ৰঙা লাইট জ্বলোৱাৰ লগতে ৰঙা পতাকা উৰুওৱা হৈছে। ইফালে নেপালৰ প্ৰাকৃতিক দুর্যোগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখ প্রকাশ কৰে। তেওঁ চুবুৰীয়া দেশখনত সম্ভৱপৰ সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্রুতি দিয়ে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু