--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষিতাৰ পৰিয়ালে ন্যায়ৰ বাবে আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল। ভাবিছিল তেওঁলোকে এদিন ন্যায় পাব। কিন্তু সেয়া নহ'ল। এগৰাকী প্ৰভাৱশালী সাংসদৰ যৌন কামনাৰ বলি হোৱা যুৱতীৰ পৰিয়ালটো এতিয়া বাকৰুদ্ধ হৈ পৰিছে। ধৰ্ষিতা যুৱতীগৰাকীয়ে সমাজৰ গ্লানিৰ পৰা মুক্তি পাবলৈ আত্মহত্যা কৰিছিল। ঘটনাটো ঘটিছিল উত্তৰ প্ৰদেশত।

উত্তৰ প্ৰদেশৰ বিএছপি সাংসদ অতুল ৰায়ৰ বিৰুদ্ধে উত্থাপন হৈছিল এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ।  কিন্তু 
প্ৰমাণৰ অভাৱতে অভিযুক্ত সাংসদ জনক  অভিযোগৰ পৰামুক্তি  দিলে আদালতে।বিএছপি সাংসদগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা ধৰ্ষণৰ ভুক্তভোগী গৰাকীয়ে ঠিক এবছৰ আগতে গাত জুই লগাই আত্মহত্যা কৰিছিল।ঘটনাটো ২০১২ চনত ঘটিছিল। এগৰাকী যুৱতীয়ে ঘোচীৰ বিএছপি সাংসদ ৰায়ৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। 

তেওঁ অভিযোগ কৰিছিল যে সাংসদগৰাকীয়ে তেওঁক  বাৰাণসীৰ ঘৰলৈ মাতিছিল আৰু তাতেই তেওঁক  ধৰ্ষণ কৰিছিল। যুৱতীগৰাকীৰ অভিযোগৰ পিছত প্ৰভাৱশালী সাংসদজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে বহু দিন লগায়। অতুল ৰায়ক ২০১৯ চনৰ আগষ্ট মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁ কাৰাগাৰত আছে।

কাৰাগাৰত  থকা অৱস্থাতো সাংসদগৰাকীয়ে ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালৰ  ওপৰত হেঁচা প্ৰয়োগ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল। ২৪ বছৰীয়া যুৱতীগৰাকীয়ে কৈছিল যে গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ তেওঁৰ  ওপৰত নিৰন্তৰ চাপ দিয়া হৈছিল। যুৱতীগৰাকীয়ে ফেচবুক লাইভত এই বিষয়ে মুখ খুলিছিল। যুৱতীগৰাকীয়ে লগতে কৈছিল যে নেতাজনে তেওঁক মিছা গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল। তেনে  পৰিস্থিতিত যুৱতীগৰাকী  হতাশাগ্ৰস্ত হৈ পৰিছিল আৰু আত্মহত্যাৰ পথ বাছি ল'বলৈ  বাধ্য হৈছিল।যোৱা বছৰৰ আগষ্টত এটা ফেচবুক লাইভৰ পিছত যুৱতীগৰাকীয়ে গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ সন্মুখতে নিজৰ গাত জুই লগাই  দিছিল। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ  মৃত্যু হৈছিল। ইফালে শেহতীয়াকৈ প্ৰমাণৰ অভাৱত বিএছপি সাংসদ অতুল ৰায়ক নিৰ্দোষ সাব্যস্ত কৰা হয়।  আৰক্ষীয়ে সঠিক প্ৰমাণ দাখিল নকৰাৰ বাবেই সাংসদজনক নিৰ্দোষী ঘোষণা কৰিবলগীয়া হয়।

 সাংসদজনে  এমাহ আগতে জামিনৰ বাবে আবেদন কৰিছিল। ঘটনাটোৰ ৰায়দানৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বিচাৰপীঠে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। বিচাৰকসকলে দুখ প্ৰকাশ কৰি কয়, "সংগঠিত অপৰাধৰ ক্ষেত্ৰত ৰাজনীতিবিদ আৰু আমোলাসকলৰ মাজত দুৰ্ভাগ্যজনক মিত্ৰতা দেখা দিছে। ফলস্বৰূপে, দেশৰ প্ৰশাসন আৰু ন্যায়িক ব্যৱস্থাৰ ওপৰত মানুহৰ বিশ্বাস ধ্বংস হৈছে। নিৰ্বাচন আয়োগে এই সন্দৰ্ভত ব্যৱস্থা ল'ব লাগিব। " 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা