--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষিতাৰ পৰিয়ালে ন্যায়ৰ বাবে আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল। ভাবিছিল তেওঁলোকে এদিন ন্যায় পাব। কিন্তু সেয়া নহ'ল। এগৰাকী প্ৰভাৱশালী সাংসদৰ যৌন কামনাৰ বলি হোৱা যুৱতীৰ পৰিয়ালটো এতিয়া বাকৰুদ্ধ হৈ পৰিছে। ধৰ্ষিতা যুৱতীগৰাকীয়ে সমাজৰ গ্লানিৰ পৰা মুক্তি পাবলৈ আত্মহত্যা কৰিছিল। ঘটনাটো ঘটিছিল উত্তৰ প্ৰদেশত।

উত্তৰ প্ৰদেশৰ বিএছপি সাংসদ অতুল ৰায়ৰ বিৰুদ্ধে উত্থাপন হৈছিল এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ।  কিন্তু 
প্ৰমাণৰ অভাৱতে অভিযুক্ত সাংসদ জনক  অভিযোগৰ পৰামুক্তি  দিলে আদালতে।বিএছপি সাংসদগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা ধৰ্ষণৰ ভুক্তভোগী গৰাকীয়ে ঠিক এবছৰ আগতে গাত জুই লগাই আত্মহত্যা কৰিছিল।ঘটনাটো ২০১২ চনত ঘটিছিল। এগৰাকী যুৱতীয়ে ঘোচীৰ বিএছপি সাংসদ ৰায়ৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। 

তেওঁ অভিযোগ কৰিছিল যে সাংসদগৰাকীয়ে তেওঁক  বাৰাণসীৰ ঘৰলৈ মাতিছিল আৰু তাতেই তেওঁক  ধৰ্ষণ কৰিছিল। যুৱতীগৰাকীৰ অভিযোগৰ পিছত প্ৰভাৱশালী সাংসদজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে বহু দিন লগায়। অতুল ৰায়ক ২০১৯ চনৰ আগষ্ট মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁ কাৰাগাৰত আছে।

কাৰাগাৰত  থকা অৱস্থাতো সাংসদগৰাকীয়ে ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালৰ  ওপৰত হেঁচা প্ৰয়োগ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল। ২৪ বছৰীয়া যুৱতীগৰাকীয়ে কৈছিল যে গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ তেওঁৰ  ওপৰত নিৰন্তৰ চাপ দিয়া হৈছিল। যুৱতীগৰাকীয়ে ফেচবুক লাইভত এই বিষয়ে মুখ খুলিছিল। যুৱতীগৰাকীয়ে লগতে কৈছিল যে নেতাজনে তেওঁক মিছা গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল। তেনে  পৰিস্থিতিত যুৱতীগৰাকী  হতাশাগ্ৰস্ত হৈ পৰিছিল আৰু আত্মহত্যাৰ পথ বাছি ল'বলৈ  বাধ্য হৈছিল।যোৱা বছৰৰ আগষ্টত এটা ফেচবুক লাইভৰ পিছত যুৱতীগৰাকীয়ে গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ সন্মুখতে নিজৰ গাত জুই লগাই  দিছিল। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ  মৃত্যু হৈছিল। ইফালে শেহতীয়াকৈ প্ৰমাণৰ অভাৱত বিএছপি সাংসদ অতুল ৰায়ক নিৰ্দোষ সাব্যস্ত কৰা হয়।  আৰক্ষীয়ে সঠিক প্ৰমাণ দাখিল নকৰাৰ বাবেই সাংসদজনক নিৰ্দোষী ঘোষণা কৰিবলগীয়া হয়।

 সাংসদজনে  এমাহ আগতে জামিনৰ বাবে আবেদন কৰিছিল। ঘটনাটোৰ ৰায়দানৰ সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বিচাৰপীঠে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। বিচাৰকসকলে দুখ প্ৰকাশ কৰি কয়, "সংগঠিত অপৰাধৰ ক্ষেত্ৰত ৰাজনীতিবিদ আৰু আমোলাসকলৰ মাজত দুৰ্ভাগ্যজনক মিত্ৰতা দেখা দিছে। ফলস্বৰূপে, দেশৰ প্ৰশাসন আৰু ন্যায়িক ব্যৱস্থাৰ ওপৰত মানুহৰ বিশ্বাস ধ্বংস হৈছে। নিৰ্বাচন আয়োগে এই সন্দৰ্ভত ব্যৱস্থা ল'ব লাগিব। " 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক