--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইন সীমান্তত এতিয়া বাজিছে যুদ্ধৰ দামামা! পণবন্দী হৈ আছে ২০ সহস্ৰাধিক ভাৰতীয়! নিজ দেশৰ নাগৰিকক উদ্ধাৰৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে নতুন দিল্লীয়ে? মানুহৰ দুৰ্যোগৰ সময়ত কিদৰে লুণ্ঠনৰ জাল পাতিছে বিমান সংস্থাই? ২০হাজাৰ টকীয়া টিকটৰ দাম কেনেকৈ হ’ল ১ লাখ টকা? দেশ ত্যাগ আহ্বানতেই দায়িত্বহীন নেকি ভাৰত চৰকাৰৰ? ইউক্ৰেইন এতিয়া অশান্ত, অস্থিৰ। দেশখনৰ দুখনকৈ প্ৰদেশক স্বাধীন ঘোষণাৰে দেশখনৰ সাৰ্বভৌমত্বত ৰাছিয়াই হস্তক্ষেপ কৰাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে এতিয়া সেই দেশৰ বাস কৰা বিভিন্ন দেশৰ নাগৰিকৰ জীৱন সংকটাপন্ন হৈ পৰাৰ উপক্ৰম ঘটিছে। ব্যতিক্ৰম হোৱা নাই ভাৰতীয় নাগৰিকসকলৰ ক্ষেত্ৰতো। ইউক্ৰেইত ভাৰতীয় ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় কুৰি হাজাৰ লোকে বাস কৰি আছে। যদি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কে তেন্তে সেই দেশত বাস কৰা ভাৰতীয়সকলৰ জীৱনলৈ নামি আহিব পাৰে ভয়ংকৰ সংশয়। এনে পৰিস্থিত সেই দেশত থকা নাগৰিকসকলক নিৰাপদে দেশলৈ ওভতাই অনাৰ দায়িত্ব হৈছে চৰকাৰৰ। কিন্তু চৰকাৰে সেই দায়িত্ব পালন কৰিব পাৰিছেনে? ইউক্ৰেইন ৰাছিয়া সংকট আৰম্ভ হোৱাৰ সময়তে কিভত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক দেশখন সাময়িকভাৱে ত্যাগ কৰিবলৈ আহ্বান জনাইছিল আৰু তেওঁলোকৰ অৱস্থান দূতাবাসক জনাবলৈ সোঁৱৰাই দিছিল। কিন্তু তেওঁলোকৰ দায়িত্ব যেন তাতেই সীমাবদ্ধ হৈ পৰিল। দেশ ত্যাগৰ আহ্বান জনায়েই দায়িত্ব সামৰিলে ভাৰত চৰকাৰে। এখন দেশ ত্যাগ কৰি আন এখন দেশলৈ জৰুৰীকালীনভাৱে অহাটো মুখৰ কথা নহয়। ভাৰতৰ পৰা প্ৰায় ৫হাজাৰ কিলোমিটাৰ আঁতৰৰ ইউক্ৰেইনৰ পৰা আহোঁ বুলিয়েই সাধাৰণ নাগৰিক এজন নিশ্চয় আহিব নোৱাৰে। তাৰ বাবে তেওঁলোকক যোগ্য সহযোগিতা লাগিব নিজ দেশৰ পৰা। এই সহযোগিতা আগবঢ়োৱাত চৰকাৰ সফল হৈছেনে? ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে ইউক্ৰেইনৰ পৰা ভাৰতীয় দেশান্তৰিত কৰাৰ কাম আৰম্ভ কৰা হৈছে। এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমানে ২৪১জন ভাৰতীয় আনি অৱতৰণ কৰোঁৱাইছে দিল্লীত। এয়াৰ ইণ্ডিয়াই আন একাধিক বিমানৰ জৰিয়তে এই অভিযান অব্যাহত ৰাখিব। কিন্তু এইখিনিতে এটা অতি অবাঞ্চিত সমস্যাৰ সৃষ্টি হৈছে। ইউক্ৰেইনত থকা বহু ছাত্ৰ-ছাত্ৰী দেশলৈ উভতিবলৈ অপাৰগ হৈছে আকাশচুম্বী বিমান টিকটৰ ভাৰাৰ বাবে। হঠাতে সেই দেশৰ পৰা ভাৰতলৈ টিকটৰ দাম বৃদ্ধি পাইছে ব্যাপক হাৰত। একোটা টিকটৰ দাম ৫০ হাজাৰৰ পৰা ৭০হাজাৰ টকালৈকে বৃদ্ধি পাইছে হঠাতে। সাধাৰণ অৱস্থাতকৈ এই দাম দুই-তিনিগুণৰো বেছি হৈছে। সাধাৰণ অৱস্থাত ইউক্ৰেইনৰ পৰা ভাৰতলৈ টিকট দাম হ’ব লাগে ২১হাজাৰৰ পৰা ২৬হাজাৰ টকা। কিন্তু তাৰ সলনি এতিয়া ৫০ হাজাৰৰ পৰা ৭০ হাজাৰ টকা আদায় দিবলগীয়া হোৱাটো এটা দাঙিব নোৱৰা বোজাত পৰিণত হৈছে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। একাংশ শিক্ষাৰ্থীয়ে প্ৰকাশ কৰা মতে টিকটৰ দাম এক লাখলৈকে বৃদ্ধি পাইছে। জীৱন-মৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেশৰ একাংশ নাগৰিকৰ এই বিপদৰ সময়ত দেশৰ বিমান পৰিবাহী সংস্থাই এনেদৰে মুনাফা লুটাৰ চেষ্টা কৰাটো এটা অতি অবাঞ্চিত বিষয় হিচাপে বিবেচিত হৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে, ভাৰতৰ এতিয়া কোনো চৰকাৰী খণ্ডৰ বিমান সংস্থা নাই। সেইবাবে এইবোৰত চৰকাৰৰ নিয়ন্ত্ৰণো নাই। কিন্তু দেশৰ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে বিশেষ আঁচনি যুগুত কৰি এইসকল পণবন্দী ভাৰতীয়ক সুকলমে উদ্ধাৰৰ ব্যৱস্থা কৰিব নালাগিছিলনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ