--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ মাজতে পোলিং বিষয়া ৰীনা দ্বিবেদী পুনৰ চৰ্চাত আহিছে। ২০১৯ৰ লোকসভা নিৰ্বাচনত হালধীয়া শাৰী পিন্ধা ৰীনা দ্বিবেদীৰ ফটো ভাইৰেল হৈ পৰিছিল। ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত পুনৰ এই গৰাকী মহিলা বিষয়া এইবাৰ বাতৰিলৈ আহিছে। লক্ষ্ণৌৰ বাসিন্দা ৰীনা দ্বিবেদীয়ে এইবাৰ ৰাজধানীৰ মোহনলালগঞ্জ বিধানসভা সমষ্টিৰ গোচাইগঞ্জ বুথত দায়িত্ব পালন কৰিব। এইবাৰ পশ্চিমীয়া পোছাকত ৰীনাৰ ফটো ভাইৰেল হৈ আছে। ছ'চিয়েল মিডিয়াত শিৰোনাম দখল কৰা ৰীনা দ্বিবেদীয়ে এতিয়া তেওঁৰ গেটআপ সলনি কৰিছে। যোৱা নিৰ্বাচনত ৰীনা দ্বিবেদীক হালধীয়া শাৰীত দেখা গৈছিল আৰু ৰীনাৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল। এই ফটো ভাইৰেল হোৱাৰ পাছত যুৱচাম যথেষ্ট প্ৰভাৱিত হৈছিল। এয়া তেওঁৰ সৌন্দৰ্যৰ বাবে সম্ভৱ হৈছিল। তাৰপাছত ছ'চিয়েল মিডিয়াত কেইবাবাৰো দাবী কৰা হৈছিল যে হালধীয়া শাৰী পিন্ধা মহিলাগৰাকীক পুনৰ কৰ্তব্যত ৰখা উচিত। এইবাৰ ৰীনা দ্বিবেদীৰ গেটআপ সলনি হ'ল।পশ্চিমীয়া পোছাক আৰু ছানগ্লাছ পিন্ধি ৰীনা দ্বিবেদীয়ে কয়, "মই যোৱাবাৰ হালধীয়া শাৰী পিন্ধিছিলোঁ, এইবাৰ মই অলপ নিজকে সলনি কৰিছো, এই পৰিৱৰ্তনটো ঘটি থাকিব লাগে।" ৰীনা দ্বিবেদীয়ে লক্ষ্ণৌৰ ৰাজহুৱা নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত কেৰাণী হিচাপে কাম কৰি আছে। যোৱা লোকসভা নিৰ্বাচনত ৰীনা দ্বিবেদী নিৰ্বাচনৰ দায়িত্বত আছিল। এইবাৰ তেওঁ মোহনলালগঞ্জত ভোটদানত নিয়োজিত হৈ আছে। মঙলবাৰে ৰিনা দ্বিবেদীয়ে ইভিএম মেচিন কঢ়িয়াই নিয়াৰ সময়ত ক'লা স্লিভলেছ টপ আৰু অফ-হোৱাইট ট্ৰাউজাৰত ভোটদান দলৰ সৈতে তেওঁৰ কৰ্তব্যৰ বাবে ৰাওনা হৈছিল। নতুন গেট-আপত ৰীনা দ্বিবেদীক দেখি তাত এক বৃহৎ জনসমাগম হৈছিল। ভোটদাতাসকলৰ লগতে আৰক্ষীসকলেও তেওঁৰ সৈতে ছেলফি লৈছিল। উল্লেখ্য যে ৰীনা দ্বিবেদী এজন পুত্ৰৰ মাতৃ কিন্তু তেওঁ সদায় নিজৰ ফিটনেছৰ ওপৰত গুৰুত্ব দি আহিছে। ৰীনাৰ স্বামীৰ ২০১৩ চনত অসুস্থতাৰ বাবে মৃত্যু হৈছিল। আৰু পঢ়কঃ ইণ্টাৰনেট ছুপাৰষ্টাৰ কিলি পলক ভাৰতীয় উচ্চায়ুক্তৰ বিশেষ সম্বৰ্ধনা

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন