--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বছৰ চেৰেক আগলৈকে বিহাৰ আছিল ভাৰতৰ সকলোতকৈ বেছি প্ৰব্ৰজিত লোকৰ তালিকাৰ শীৰ্ষ স্থানত। ৰাজ্যখনৰ পৰা বিভিন্ন লোকে সংস্থাপনৰ তাগিদাত ভাৰতৰ আন ৰাজ্যত থিতাপি লৈছিল। কিন্তু এতিয়া ক্ৰমান্বয়ে বিহাৰৰ আৰ্থ-সামাজিক দিশৰ উন্নতি ঘটাৰ পাছত বিহাৰ সেই স্থানৰ পৰা তললৈ নামিল। বিহাৰৰ স্থান পূৰাবলৈ আগবাঢ়ি আহিল অসম। অসমৰ যুৱক-যুৱতীয়ে সংস্থাপন বিচাৰি ভাৰতৰ বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰা আৰম্ভ কৰিলে। শেহতীয়াকৈ কেৰালাৰ ৰাজ্যিক পৰিকল্পনা পৰিষদে এটা সমীক্ষা প্ৰকাশ কৰিছে। প্ৰব্ৰজন, নিযুক্তি আৰু নগৰীকৰণ শীৰ্ষক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যখনত প্ৰব্ৰজিত শ্ৰমিকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। প্ৰব্ৰজনৰ হাৰ বিশ্লেষণ কৰি এই মাত্ৰা অক্ষুন্ন থাকিলে ২০৩০ চনলৈ ৰাজ্যখনত প্ৰায় ৬০ লাখ শ্ৰমিকেই অন্য ৰাজ্যৰ পৰা প্ৰব্ৰজিত লোক হ’ব বুলি অনুমান কৰা হৈছে। কেৰালাৰ ৰাজ্যিক পৰিকল্পনা পৰিষদৰ সমীক্ষা অনুসৰি ৰাজ্যখনত অসমৰ প্ৰায় ৯.৮ লাখ শ্ৰমিক প্ৰব্ৰজিত ৰূপত আছে। এয়া মুঠ সংখ্যাৰ ৩১.২ শতাংশ। পশ্চিম বংগৰ ১৩ লাখ প্ৰব্ৰজিত শ্ৰমিকেৰে এই তালিকাৰ প্ৰথম স্থানত আছে। পশ্চিম বংগৰ পাছতেই দ্বিতীয় স্থানত আছে অসম। মুখ্যমন্ত্ৰীয়ে অসমৰ অৰ্থনীতি টনকিয়াল হৈছে বুলি বিকশিত অসমৰ ফটা-ঢোলটো বজাই থকিলেও কেৰালা চৰকাৰৰ অধীনস্থ সংস্থাটোৰ প্ৰকাশিত সমীক্ষাই অসম চৰকাৰৰ সকলো তথ্য ভুৱা বুলি প্ৰতিপন্ন কৰিলে। ৰাজ্যৰ জনসাধাৰণকেই সংস্থাপন দিবলৈ অসমৰ্থ বুলি প্ৰতিপন্ন হৈছে অসম চৰকাৰ। যি সময়ত ‘ব্ৰেইন ড্ৰেইন’ দেশৰ বাবে এটা সমস্যাত পৰিণত হৈছে, তেনে সময়তে সংস্থাপনৰ তাগিদাত ৰাজ্য এৰি প্ৰবাসী হোৱা চাকৰি প্ৰত্যাশী নিবনুৱাই উদঙাইছে চৰকাৰৰ ব্যৰ্থতা। চৰকাৰে ৰাজ্যত সংস্থাপনৰ উপযোগী হোৱাকৈ লঘু আৰু গুৰু উদ্যোগ স্থাপনৰ কথা কৈ থকাৰ লগতে নিবনুৱাক সংস্থাপন দিবলৈ চাকৰি মুকলি কৰাৰ কথা সময়ে সময়ে কৈ আহিছে। কিন্তু লক্ষ্যণীয়ভাৱে অসমত বৃহৎ সংখ্যক নিবনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা উদ্যোগসমূহ চৰকাৰে ব্যক্তিগতকৰণ কৰি সেইসমূহ পুঁজিপতিৰ হাতত গটাই দিয়া কাণ্ডই অসমত সৃষ্টি হ’ব পৰা সম্ভাব্য সংস্থাপনৰ মাত্ৰাও হ্ৰাস কৰি আনিলে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ শ্ৰম আৰু নিযুক্তি দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণৰো এইক্ষেত্ৰত ভূমিকা অতি পুতৌলগা। বিভাগৰ কাম-কাজ সূচাৰুৰূপে পৰিচালনা কৰা ক্ষেত্ৰত কাৰ্যত তেওঁ ব্যৰ্থ। যাৰ বাবেই প্ৰতিদিনে বহুসংখ্যক নিবনুৱাই চাকৰি বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে বুলি চৰ্চা চলিছে। কেৱল এয়াই নহয়, শ্ৰমিকৰ শ্ৰমৰ উপযুক্ত পাৰিশ্ৰমিক প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰৰ কোনো ভূমিকা নাই। অসমৰ তুলনাত কেৰালাৰ দৰে ৰাজ্যত অদক্ষ শ্ৰমিকৰ দৈনিক গড় আয় কেইবাগুণো বেছি, প্ৰায় এক হাজাৰ টকা। আনহাতে দক্ষতা বিকাশ আৰু উদ্যোগ-বাণিজ্যৰ দৰে দুটা গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হৈয়ো চন্দ্ৰমোহন পাটোৱাৰীয়ে বিভাগৰ উন্নয়নত অলপো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ সততে উত্থাপিত হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন