--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজুত বহুতো পুষ্টিকৰ উপাদান থাকে। এইবোৰত মনোঅনচেচুৰেটেড আৰু পলিঅনচেচুৰেটেড ফেট থাকে, যিয়ে হৃদযন্ত্ৰৰ বহুতো উপকাৰ কৰে। আনকি বেয়া কলেষ্টেৰল কমোৱাতো ই ফলপ্ৰসূ। এটুকুৰা কাজুত প্ৰায় ৫ গ্ৰাম প্ৰটিন থাকে। কেৱল এয়াই নহয়, ইয়াত ভিটামিন ই, কে আৰু বি ও প্ৰচুৰ পৰিমাণে থাকে। 

ভিটামিন ই য়ে কোষৰ ক্ষতি ৰোধ কৰে আৰু ভিটামিন কেয়ে তেজ জমা হোৱাত সহায় কৰে। যদি আপুনি আঘাত পায় আৰু তেজ ওলায় তেন্তে ভিটামিন কেৰ বাবেই তেজ জমা হয়। আনহাতে ভিটামিন বি য়ে মগজুত দ্ৰুত গতিৰে কাম কৰে আৰু শৰীৰে শক্তি লাভ কৰে। ইয়াৰ উপৰিও ইয়াত আন বহুতো পুষ্টিকৰ উপাদান যেনে মেগনেছিয়াম, জিংক, আইৰণ আৰু চেলেনিয়াম থাকে, যিবোৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। গতিকে কাজু বাদাম খালে আপোনাৰ শৰীৰে কি উপকাৰ লাভ কৰে জানি লওক।

শৰীৰৰ বিভিন্ন অংগত কাজু বাদামৰ উপকাৰিতা

১) হৃদযন্ত্ৰৰ বাবে- কাজুৰ এটা ডাঙৰ উপকাৰ হ’ল ই হৃদযন্ত্ৰৰ বাবে ফলপ্ৰসূ। কাজুত পোৱা মনোঅনচেচুৰেটেড আৰু পলিঅনচেচুৰেটেড ফেটে এল ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে এইচ ডি এল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে বুলি জনা যায়। ইয়াৰ বাবে ই হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ হ্ৰাস কৰাত সহায়ক। কাজু বাদামত মেগনেছিয়ামৰ উপস্থিতিৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰিত হয়।

২) ওজন নিয়ন্ত্ৰণত সহায় কৰে- কাজুত চৰ্বি বেছি হোৱাৰ পিছতো ই ওজন নিয়ন্ত্ৰণত সহায়ক। কাজু বাদামত থকা স্বাস্থ্যকৰ চৰ্বি, প্ৰটিন আৰু আঁহে দীৰ্ঘদিন ধৰি পূৰ্ণতাৰ অনুভৱ ৰাখে। সেয়ে সেৱনৰ পিছত বেছিকৈ খোৱাৰ হেঁপাহ নাথাকে। অধ্যয়নত দেখা গৈছে যে আপোনাৰ খাদ্যত কাজুৰ দৰে বাদাম অন্তৰ্ভুক্ত কৰিলে আচলতে ওজন হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।

৩) হাড়ৰ বাবে- হাড়ৰ বাবে অতি গুৰুত্বপূৰ্ণ মেগনেছিয়ামৰ উৎকৃষ্ট উৎস কাজু। মেগনেছিয়ামে কেলচিয়ামৰ সৈতে একেলগে কাম কৰি হাড়বোৰ মজবুত কৰি ৰাখে। ইয়াৰ উপৰিও কাজুত থকা ভিটামিন কেয়ে হাড়ৰ ঘনত্ব বজাই ৰখা আৰু হাড়ৰ ভঙা সম্ভাৱনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৪) চকুৰ বাবে- কাজুত লুটিন আৰু জিএক্সান্থিনৰ দৰে এন্টিঅক্সিডেন্ট থাকে, যিবোৰ চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। এই এন্টিঅক্সিডেন্টবোৰে চকুক ক্ষতিকাৰক পোহৰৰ পৰা ৰক্ষা কৰে আৰু চকুৰ ছানি পৰা আৰু বয়সৰ লগত জড়িত চকুৰ ৰোগ প্ৰতিৰোধ কৰে। গতিকে দৈনিক কাজু বাদাম খালে চকুৰ দৃষ্টিশক্তি দীৰ্ঘজীৱন অক্ষত হৈ থাকিব।

৫) সংক্ৰামক ৰোগ প্ৰতিৰোধক- কাজুত জিংক থাকে, যিটো শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে অতি প্ৰয়োজনীয়। জিংকে ইমিউন কোষ তৈয়াৰ কৰে। সেয়ে কাজু খোৱা লোকৰ সংক্ৰামক ৰোগৰ আশংকা কাজু নোখোৱা লোকতকৈ কম।

৬) ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে- আচলতে কাজু বাদামৰ সোৱাদ মিঠা। কিন্তু আপুনি জানি আচৰিত হ’ব যে ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত অতি সহায়ক। কাজুৰ গ্লাইচেমিক ইনডেক্স কম, অৰ্থাৎ ই তেজৰ চেনি দ্ৰুতগতিত বৃদ্ধি হ’বলৈ নিদিয়ে। ডায়েবেটিছ ৰোগীয়ে ইয়াক ব্ৰেকফাষ্টত খাব পাৰে। ইয়াৰ উপৰিও কাজুত থকা স্বাস্থ্যকৰ চৰ্বিয়ে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে, যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত ডাঙৰ ভূমিকা পালন কৰে।

৭) ছালৰ বাবে- কাজুত পোৱা এণ্টিঅক্সিডেণ্ট, ভিটামিন আৰু খনিজ পদাৰ্থই আপোনাৰ ছালখন সুস্থ আৰু উজ্জ্বল কৰি তুলিব পাৰে। ইয়াত থকা ভিটামিন ই আৰু চেলেনিয়ামে ছালখনক ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰে। একে সময়তে জিংকে ছালৰ কঠিনতা কমিবলৈ নিদিয়ে। দৈনিক কাজু বাদাম খালে আপোনাৰ ছালখন সুস্থ আৰু অধিক উজ্জ্বল হৈ উঠিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ