--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বেছিসংখ্যক লোকৰে ভুল জীৱনশৈলীৰ ফলত শৰীৰত কলেষ্টেৰল বৃদ্ধি হোৱাটো সাধাৰণ কথা হৈ পৰিছে। প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে আমি পূৰ্বতকৈ অধিক এলেহুৱা হৈ পৰিছো, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু তেলীয়া খাদ্যৰ বাবে আমাৰ শৰীৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত পাছলৈ ই উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হাৰ্টএটেক, ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ, ট্ৰিপল ভেছেল আদিৰ ৰোগৰ সৃষ্টি হয়।

কলেষ্টেৰল কি?
কলেষ্টেৰল হৈছে এটা আঠাযুক্ত পদাৰ্থ যি ভাল আৰু বেয়া দুয়োটা হ’ব পাৰে। ভাল কলেষ্টেৰলৰ জৰিয়তে শৰীৰত সুস্থ কোষ গঠন হয়, আনহাতে বেয়া কলেষ্টেৰলে হৃদৰোগ আৰু মধুমেহ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

তেজত কিমান পৰিমাণৰ কলেষ্টেৰল থকা উচিত?
নিৰ্ধাৰিত মান অনুসৰি সুস্থ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত কলেষ্টেৰল ২০০ মিলিগ্ৰাম/ডেচিলিটাৰ পৰ্যন্ত হ’ব লাগে, যদি এই মাত্ৰা ২৪০ মিলিগ্ৰাম/ডেচিলিটাৰৰ ওপৰত হলে বুজিব যে আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসত পৰিৱৰ্তন হোৱা উচিত। যদি তেজত কলেষ্টেৰলৰ পৰিমাণ বাঢ়ে তেন্তে পেৰিফেৰেল আৰ্টেৰী ডিজিজতো আক্ৰান্ত হ’ব পাৰে। ইয়াৰ ফলত ধমনীবোৰৰ ক্ষতি হয়। আচলতে ইয়াৰ ফলত ধমনীবোৰ সংকুচিত হৈ পৰে আৰু ৰক্তসঞ্চালনত নেতিবাচক প্ৰভাৱ পৰে।

শৰীৰৰ এই অংশত তীব্ৰ বিষ হয়-
ডাঃ ইমৰান আহমেদৰ মতে যিহেতু পেৰিফেৰেল আৰ্টেৰী ডিজিজ (PAD) য়ে শৰীৰত তেজৰ সোঁতত ব্যাঘাত জন্মায়, গতিকে শৰীৰত পৰিৱৰ্তন হোৱাটো নিশ্চিত। ব্যায়াম বা ৱৰ্কআউট কৰিলে উৰু, নিতম্ব আৰু ভৰিৰ তীব্ৰ বিষ হয়। গতিকে এনে বিষক আওকাণ নকৰিব আৰু লগে লগে আপোনাৰ কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ