--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বেছিসংখ্যক লোকৰে ভুল জীৱনশৈলীৰ ফলত শৰীৰত কলেষ্টেৰল বৃদ্ধি হোৱাটো সাধাৰণ কথা হৈ পৰিছে। প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে আমি পূৰ্বতকৈ অধিক এলেহুৱা হৈ পৰিছো, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু তেলীয়া খাদ্যৰ বাবে আমাৰ শৰীৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত পাছলৈ ই উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হাৰ্টএটেক, ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ, ট্ৰিপল ভেছেল আদিৰ ৰোগৰ সৃষ্টি হয়।

কলেষ্টেৰল কি?
কলেষ্টেৰল হৈছে এটা আঠাযুক্ত পদাৰ্থ যি ভাল আৰু বেয়া দুয়োটা হ’ব পাৰে। ভাল কলেষ্টেৰলৰ জৰিয়তে শৰীৰত সুস্থ কোষ গঠন হয়, আনহাতে বেয়া কলেষ্টেৰলে হৃদৰোগ আৰু মধুমেহ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

তেজত কিমান পৰিমাণৰ কলেষ্টেৰল থকা উচিত?
নিৰ্ধাৰিত মান অনুসৰি সুস্থ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত কলেষ্টেৰল ২০০ মিলিগ্ৰাম/ডেচিলিটাৰ পৰ্যন্ত হ’ব লাগে, যদি এই মাত্ৰা ২৪০ মিলিগ্ৰাম/ডেচিলিটাৰৰ ওপৰত হলে বুজিব যে আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসত পৰিৱৰ্তন হোৱা উচিত। যদি তেজত কলেষ্টেৰলৰ পৰিমাণ বাঢ়ে তেন্তে পেৰিফেৰেল আৰ্টেৰী ডিজিজতো আক্ৰান্ত হ’ব পাৰে। ইয়াৰ ফলত ধমনীবোৰৰ ক্ষতি হয়। আচলতে ইয়াৰ ফলত ধমনীবোৰ সংকুচিত হৈ পৰে আৰু ৰক্তসঞ্চালনত নেতিবাচক প্ৰভাৱ পৰে।

শৰীৰৰ এই অংশত তীব্ৰ বিষ হয়-
ডাঃ ইমৰান আহমেদৰ মতে যিহেতু পেৰিফেৰেল আৰ্টেৰী ডিজিজ (PAD) য়ে শৰীৰত তেজৰ সোঁতত ব্যাঘাত জন্মায়, গতিকে শৰীৰত পৰিৱৰ্তন হোৱাটো নিশ্চিত। ব্যায়াম বা ৱৰ্কআউট কৰিলে উৰু, নিতম্ব আৰু ভৰিৰ তীব্ৰ বিষ হয়। গতিকে এনে বিষক আওকাণ নকৰিব আৰু লগে লগে আপোনাৰ কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰোৱা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
সুদক্ষ অভিনেতা গনেশ হাজৰিকা আৰু নাই; শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ