--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০৫০ চনৰ ভিতৰত ভাৰতত এক কোটি চৈধ্য লাখৰো অধিক লোক ডিমেনচিয়াত আক্ৰান্ত আশংকা ব্যক্ত কৰিছে। ‘লেন্সেট্’ নামৰ এখন কাকতত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ২০১৯ চনত উপলব্ধ তথ্য অনুসৰি ভাৰতত ডিমেনচিয়াত আক্ৰান্ত লোকৰ সংখ্যা আছিল প্ৰায় ৩৮ লাখ। অৰ্থাৎ মাত্ৰ কেইটামান দশকৰ ভিতৰতে ডিমেনচিয়া ৰোগীৰ সংখ্যা প্ৰায় দুশ শতাংশ বৃদ্ধি পাব পাৰে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে টাইপ-২ ডায়েবেটিছ হ’লে ডিমেনচিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু শুদ্ধ জীৱনশৈলীত নিয়ম মানি চলা ডায়েবেটিছ ৰোগীয়ে এই বিপদৰ পৰা হাত সাৰিব পাৰে।

 চীনৰ ছাংহাই জিয়াও টং ইউনিভাৰ্চিটি স্কুল অব মেডিচিনৰ গৱেষক ইংলি লুই কয় যে টাইপ-২ ডায়বেটিছ বিশ্বব্যাপী মহামাৰী, প্ৰতি ১০জনৰ ভিতৰত এজনক আক্ৰান্ত কৰে আৰু ডায়েবেটিছ থকাৰ ফলত ডিমেনচিয়া হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰে। আমি টাইপ-২ ডায়েবেটিছৰ ক্ষেত্ৰতো ডিমেনচিয়াৰ সম্ভাৱনাৰ পৰা হাত সাৰিবলৈ কোনবোৰ স্বাস্থ্যসন্মত অভ্যাস মানি চলিব পাৰি জানো আহক।

 ৬০ বছৰ আৰু তাতকৈ অধিক বয়সৰ ১,৬৭,৯৪৬গৰাকী লোকৰ ওপৰত চলোৱা এক অধ্যয়নত মুঠতে সাতটা অভ্যাস চিনাক্ত কৰা হৈছে, যিবোৰ মানি চলি ডিমেনচিয়াৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি। কি কি অভ্যাস মানি চলিব লাগে?

 ১) মদ্যপান সীমিত কৰক

২) ধূমপান বন্ধ কৰক

৩) দিনে ৭৫ মিনিটৰ বাবে ব্যায়াম কৰক

৪) ডেৰ-দুঘণ্টা সময় শাৰীৰিক ব্যায়াম কৰক

৫) দিনটোত ৭-৯ ঘণ্টা শুব লাগে

৬) পুষ্টিকৰ খাদ্য গ্ৰহণ

৭) সামাজিক অনুষ্ঠানবোৰত জড়িত থাকক

 পূৰ্বে ৬৫ বছৰ বয়সৰ লোকৰ মাজত এই ৰোগ বেছিকৈ দেখা গৈছিল যদিও শেহতীয়াকৈ পঞ্চাশৰ দশকৰ লোকৰ মাজত ডিমেনচিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। আলঝাইমাৰৰ দৰে গুৰুতৰ ডিমেনচিয়া ৰোগ নিৰাময় কৰিব নোৱাৰি। কিন্তু বিশেষজ্ঞসকলৰ মতে স্বাস্থ্যসন্মত জীৱনশৈলী আৰু সঠিক খাদ্যাভ্যাস এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ আটাইতকৈ ডাঙৰ আহিলা হ’ব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু