--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০৫০ চনৰ ভিতৰত ভাৰতত এক কোটি চৈধ্য লাখৰো অধিক লোক ডিমেনচিয়াত আক্ৰান্ত আশংকা ব্যক্ত কৰিছে। ‘লেন্সেট্’ নামৰ এখন কাকতত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ২০১৯ চনত উপলব্ধ তথ্য অনুসৰি ভাৰতত ডিমেনচিয়াত আক্ৰান্ত লোকৰ সংখ্যা আছিল প্ৰায় ৩৮ লাখ। অৰ্থাৎ মাত্ৰ কেইটামান দশকৰ ভিতৰতে ডিমেনচিয়া ৰোগীৰ সংখ্যা প্ৰায় দুশ শতাংশ বৃদ্ধি পাব পাৰে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে টাইপ-২ ডায়েবেটিছ হ’লে ডিমেনচিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু শুদ্ধ জীৱনশৈলীত নিয়ম মানি চলা ডায়েবেটিছ ৰোগীয়ে এই বিপদৰ পৰা হাত সাৰিব পাৰে।

 চীনৰ ছাংহাই জিয়াও টং ইউনিভাৰ্চিটি স্কুল অব মেডিচিনৰ গৱেষক ইংলি লুই কয় যে টাইপ-২ ডায়বেটিছ বিশ্বব্যাপী মহামাৰী, প্ৰতি ১০জনৰ ভিতৰত এজনক আক্ৰান্ত কৰে আৰু ডায়েবেটিছ থকাৰ ফলত ডিমেনচিয়া হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰে। আমি টাইপ-২ ডায়েবেটিছৰ ক্ষেত্ৰতো ডিমেনচিয়াৰ সম্ভাৱনাৰ পৰা হাত সাৰিবলৈ কোনবোৰ স্বাস্থ্যসন্মত অভ্যাস মানি চলিব পাৰি জানো আহক।

 ৬০ বছৰ আৰু তাতকৈ অধিক বয়সৰ ১,৬৭,৯৪৬গৰাকী লোকৰ ওপৰত চলোৱা এক অধ্যয়নত মুঠতে সাতটা অভ্যাস চিনাক্ত কৰা হৈছে, যিবোৰ মানি চলি ডিমেনচিয়াৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি। কি কি অভ্যাস মানি চলিব লাগে?

 ১) মদ্যপান সীমিত কৰক

২) ধূমপান বন্ধ কৰক

৩) দিনে ৭৫ মিনিটৰ বাবে ব্যায়াম কৰক

৪) ডেৰ-দুঘণ্টা সময় শাৰীৰিক ব্যায়াম কৰক

৫) দিনটোত ৭-৯ ঘণ্টা শুব লাগে

৬) পুষ্টিকৰ খাদ্য গ্ৰহণ

৭) সামাজিক অনুষ্ঠানবোৰত জড়িত থাকক

 পূৰ্বে ৬৫ বছৰ বয়সৰ লোকৰ মাজত এই ৰোগ বেছিকৈ দেখা গৈছিল যদিও শেহতীয়াকৈ পঞ্চাশৰ দশকৰ লোকৰ মাজত ডিমেনচিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। আলঝাইমাৰৰ দৰে গুৰুতৰ ডিমেনচিয়া ৰোগ নিৰাময় কৰিব নোৱাৰি। কিন্তু বিশেষজ্ঞসকলৰ মতে স্বাস্থ্যসন্মত জীৱনশৈলী আৰু সঠিক খাদ্যাভ্যাস এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ আটাইতকৈ ডাঙৰ আহিলা হ’ব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ