--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি সামৰণি পৰিল চেন্নাইত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক দবা অলিম্পিয়াড। যোৱা ২৯ জুলাইৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা প্ৰতিযোগিতাখনত আয়োজক ভাৰতে লাভ কৰিছে অনন্য সফলতা। পূৰ্বে ২০১৪ বৰ্ষত প্ৰথম তথা অন্তিমবাৰৰ বাবে প্ৰতিযোগিতাখনত পদক অৰ্জন কৰা ভাৰতে আঠটা বছৰৰ পিছত এই আগশাৰীৰ প্ৰতিযোগিতাখনত পুনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আজি চূড়ান্ত ৰাউণ্ডৰ খেলৰ সামৰণিৰ অন্তত ভাৰতে অপেন শাখাত আৰু মহিলাৰ শাখাত ব্ৰঞ্জৰ পদক জয়েৰে দেশক পুনৰ এবাৰ দবা অলিম্পিয়াডৰ পদক উপহাৰ দিছে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে।

ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ তথা দবা বিশ্বৰ নতুন চাঞ্চল্য প্ৰাগনানন্ধা, ৰৌনক, গুকেশ, নিহাল আৰু অধিবনেৰে গঠিত ভাৰতীয় ‘বি’ দলটোৱে আজি অন্তিম ৰাউণ্ডত জাৰ্মানীক ৩-১ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

আনহাতে বৈশালী, কোনেৰু হাম্ফি, তানিয়া শচদেৱ আৰু ভক্তি কুলকাৰ্নীৰে গঠিত ভাৰতৰ মহিলা ‘এ’ দলটোৱে অন্তিম ৰাউণ্ডত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় যদিও তৃতীয় স্থান লাভেৰে ব্ৰঞ্জ পদক জয় কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনত মহিলাৰ শাখাত ইউক্ৰেইনে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে উজবেকিস্তান দলটোৱে পুৰুষ শাখাত সোণৰ পদক লাভ কৰাৰ বিপৰীতে আৰ্মেনিয়াৰ দখললৈ যায় ৰূপৰ পদক।

উল্লেখ্য যে ভাৰতত এইবাৰেই প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াড প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তামিলনাডুৰ মামল্লাপুৰমত আয়োজিত এই প্ৰতিযোগিতাখনত মুঠ ১৮৭ খন দেশৰ প্ৰায় ৩৫০ টা দলে অংশগ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু