--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি সামৰণি পৰিল চেন্নাইত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক দবা অলিম্পিয়াড। যোৱা ২৯ জুলাইৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা প্ৰতিযোগিতাখনত আয়োজক ভাৰতে লাভ কৰিছে অনন্য সফলতা। পূৰ্বে ২০১৪ বৰ্ষত প্ৰথম তথা অন্তিমবাৰৰ বাবে প্ৰতিযোগিতাখনত পদক অৰ্জন কৰা ভাৰতে আঠটা বছৰৰ পিছত এই আগশাৰীৰ প্ৰতিযোগিতাখনত পুনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আজি চূড়ান্ত ৰাউণ্ডৰ খেলৰ সামৰণিৰ অন্তত ভাৰতে অপেন শাখাত আৰু মহিলাৰ শাখাত ব্ৰঞ্জৰ পদক জয়েৰে দেশক পুনৰ এবাৰ দবা অলিম্পিয়াডৰ পদক উপহাৰ দিছে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে।

ভাৰতৰ যুৱ গ্ৰেণ্ডমাষ্টাৰ তথা দবা বিশ্বৰ নতুন চাঞ্চল্য প্ৰাগনানন্ধা, ৰৌনক, গুকেশ, নিহাল আৰু অধিবনেৰে গঠিত ভাৰতীয় ‘বি’ দলটোৱে আজি অন্তিম ৰাউণ্ডত জাৰ্মানীক ৩-১ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

আনহাতে বৈশালী, কোনেৰু হাম্ফি, তানিয়া শচদেৱ আৰু ভক্তি কুলকাৰ্নীৰে গঠিত ভাৰতৰ মহিলা ‘এ’ দলটোৱে অন্তিম ৰাউণ্ডত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় যদিও তৃতীয় স্থান লাভেৰে ব্ৰঞ্জ পদক জয় কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনত মহিলাৰ শাখাত ইউক্ৰেইনে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে উজবেকিস্তান দলটোৱে পুৰুষ শাখাত সোণৰ পদক লাভ কৰাৰ বিপৰীতে আৰ্মেনিয়াৰ দখললৈ যায় ৰূপৰ পদক।

উল্লেখ্য যে ভাৰতত এইবাৰেই প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াড প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তামিলনাডুৰ মামল্লাপুৰমত আয়োজিত এই প্ৰতিযোগিতাখনত মুঠ ১৮৭ খন দেশৰ প্ৰায় ৩৫০ টা দলে অংশগ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী