--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে আজি ঘোষণা ভাৰতীয় ফুটবলৰ বাৰ্ষিক বঁটা বিজয়ীসকলৰ নাম। ভাৰতীয় ফুটবলৰ জীৱন্ত কিংবদন্তীত পৰিণত হোৱা তাৰকা ফুটবলাৰ তথা ভাৰতীয় দলৰ অধিনায়ক সুনীল ছেত্ৰীলৈ অভিলেখসংখ্যক সপ্তমবাৰৰ বাবে আগবঢ়োৱা হৈছে ‘মেনচ্ ফুটবলাৰ অৱ দ্য ইয়েৰ’ সন্মান।  আনহাতে এ আই এফ এফ- এ ২০২১-২২ বৰ্ষৰ ‘ৱমেনচ্ ফুটবলাৰ অৱ দ্য ইয়েৰ’ সন্মানৰ বাবে মনোনীত কৰিছে নৱতাৰকা হিচাপে উত্থান ঘটা মনীষা কল্যাণক। 

ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলাৰ দল দুটাৰ প্ৰশিক্ষকদ্বয় ক্ৰমে ইগৰ ষ্টিমাক আৰু থমাছ ডেনাৰবিয়ে ছেত্ৰী আৰু কল্যাণৰ নাম বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ বাবে বিবেচনা কৰিছে। 

ভাৰতীয় ফুটবলক এক অনন্য মাত্ৰা প্ৰদান কৰা সুনীল ছেত্ৰীয়ে শেহতীয়াকৈ অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া এ এফ চি এছিয়ান কাপৰ বাবে ভাৰতৰ যোগ্যতা অৰ্জনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। দলক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি ছেত্ৰীয়ে এছিয়ান কাপলৈ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতাত স্ব-মহিমাৰে উজলি উঠিছিল। 

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ফুটবল জগতত বৰ্তমান সক্ৰিয় খেলুৱৈসকলৰ ভিতৰত সৰ্বাধিক গল স্ক’ৰাৰৰ তালিকাত দুই মহাতাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডো আৰু লিঅ’নেল মেছিৰ পিছতে তৃতীয় স্থানত আছে ছেত্ৰী। আন্ত:ৰাষ্ট্ৰীয় ফুটবলত সুনীল ছেত্ৰীৰ নামত আছে ৮৬ টা গল। 

ইতিপূৰ্বে ছেত্ৰীয়ে ছয়বাৰকৈ ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে ২০০৭ চনত তাৰকাগৰাকীয়ে বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান লাভ কৰাৰ পিছত ক্ৰমে ২০১১, ২০১৩, ২০১৪, ২০১৭, ২০১৮-১৯ বৰ্ষত এই সন্মান অৰ্জন কৰিছিল।

আনহাতে ভাৰতীয় মহিলা দলৰ নৱোদিত তাৰকা মনীষা কল্যাণলৈ প্ৰথমবাৰৰ বাবে ‘এ আই এফ এফ ৱমেনচ্ ফুটবলাৰ অৱ দ্য ইয়েৰ’ সন্মান আগবঢ়োৱা হৈছে। ভাৰতীয় মহিলা দলটোৰ আক্ৰমণৰ চোক বৃদ্ধিত কল্যাণে শেহতীয়াকৈ নতুন শক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০২০-২১ বৰ্ষত বৰ্ষটোৰ মহিলা উদীয়মান ফুটবলাৰৰ সন্মান জয় কৰিছিল।

ইফালে মাৰ্টিনা থোকচোমক ২০২১-২২ বৰ্ষৰ মহিলা উদীয়মান ফুটবলাৰ হিচাপে মনোনীত কৰা হয়। পুৰুষ ফুটবলাৰৰ ক্ষেত্ৰত এই সন্মান লাভ কৰিছে বিক্ৰম প্ৰতাপ সিঙে।

বছৰটোৰ শ্ৰেষ্ঠ ৰেফাৰী হিচাপে বাছনি কৰা হৈছে ক্ৰিষ্টেল জনক। সেইদৰে বৰ্ষশ্ৰেষ্ঠ সহকাৰী ৰেফাৰী হিচাপে পৰিগণিত হৈছে উজ্জল হালদাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ