--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কল কেৱল সুস্বাদু ফলেই নহয়, ইয়াক ছুপাৰফুড বুলিও কোৱা হয়। এই ফল আমাৰ শৰীৰৰ বাবে বহু দিশতে উপকাৰী বুলিব পাৰি। আয়ুৰ্বেদ আৰু চিকিৎসা বিজ্ঞানত ইয়াক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰা হয়। কাৰণ কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম, ভিটামিন-বি৬ আৰু ফাইবাৰ থাকে, যিয়ে কেৱল ৰক্তচাপ নিয়ন্ত্ৰণ কৰাই নহয়, হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। সেয়েহে দৈনিক একোটাকৈ পকা কল সেৱনে আমাৰ স্বাস্থ্য বহুতো গুৰুতৰ সমস্যা সমাধান কৰিব পাৰে। আয়ুৰ্বেদতো কোৱা হৈছে যে পকা কল নিয়মিতভাৱে ৪০-৪৫দিন খালে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ পৰা সকাহ পাব পাৰি। কলে আমাৰ স্বাস্থ্যৰ কি কি সমস্যা সমাধান কৰিব পাৰে জানো আহক।

ওজন বৃদ্ধিৰ বাবে কল উপকাৰী : ওজনৰ সমস্যাত অসুবিধা পাইছে, তেন্তে ব্ৰেকফাষ্টত কিছু দেশী ঘিউ আৰু ষ্ট্ৰিং ছুগাৰ কেণ্ডি মিহলাই এটাৰ পৰা দুটা পকা কল খাওক। নিয়মিতভাৱে ৪০-৪৫ দিন সেৱন কৰিলে ওজন বাঢ়ে। কম ওজন হোৱাটোও স্বাস্থ্যৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে। ইয়াৰ ফলত দুৰ্বলতা, উশাহ-নিশাহৰ সমস্যা হোৱাৰ লগতে মূৰ ঘূৰোৱা আদি সমস্যাৰো সৃষ্টি হয়।

আলচাৰ আৰু ডায়েৰিয়াৰ : সঘনাই মুখত ঘা হোৱা বা সঘনাই ডায়েৰিয়া হোৱা আদি সমস্যাৰ বাবে চিকিৎসকে দৈ সৈতে কল খোৱাৰ পৰামৰ্শ দিয়ে। এই প্ৰতিকাৰ অতি ফলপ্ৰসূ আৰু প্ৰথম বা দ্বিতীয় দিনাৰ পৰাই আপুনি ইয়াৰ প্ৰভাৱ দেখিবলৈ আৰম্ভ কৰিব।

মহিলাৰ বগা স্ৰাৱৰ সমস্যা : লিউকোৰিয়া (বগা স্ৰাৱ)বাবে সমস্যাৰ দুৰ্বলতাৰ সন্মুখীন হোৱা বিশেষ মহিলাসকলৰ বাবেও কল অতি উপকাৰী। পকা কলৰ ওপৰত ষ্ট্ৰিং চুগাৰ কেণ্ডি পাউদাৰ ছটিয়াই প্ৰতিদিনে খালে দুৰ্বলতা দূৰ হয় আৰু লিউকোৰিয়া সমস্যাৰ পৰা সকাহ পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ