--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমূৰত পাগুৰী, মুখত দাড়িৰে এক বিশেষ ৰূপত এইবাৰ দেখা গৈছে অভিনেতা অক্ষয় কুমাৰক৷ প্ৰথম দৃষ্টিত অক্ষয় কুমাৰৰ এই ৰূপৰ পৰা তেওঁক কোনোবা কৃষক নেতা যেন লাগিলেও কৃষকৰ আন্দোলনৰ সৈতে অৱশ্যে অভিনেতাগৰাকীৰ এই ৰূপৰ কোনো সম্পৰ্ক নাই বুলি জানিব পৰা গৈছে৷ দৰাচলতে অক্ষয় কুমাৰ শেহতীয়াকৈ ব্যস্ত হৈ পৰিছে তেওঁৰ এখন নতুন ছবিৰ কামত৷ অক্ষয় কুমাৰে তেওঁৰ নাম ঠিক নোহোৱা  চলচ্চিত্ৰখনত কয়লা খনিৰ পৰা বিপদত পৰা মানুহক উদ্ধাৰ কৰিব। 

বলীউডৰ অভিনেতাগৰাকীয়ে লণ্ডনত তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে। এতিয়ালৈকে  চলচ্চিত্ৰখনৰ ছেটৰ পৰা পোৱা  ফটোখনত তেওঁক ক'লা পাগুৰি আৰু ঘন দাড়িৰ সৈতে  দেখা গৈছে। টিনু সুৰেশ দেশাইয়ে পৰিচালনা কৰা  এই ছবিখনত কুমাৰে পুনৰ এবাৰ এজন ত্ৰাণকৰ্তাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। এইবাৰ তেওঁ কয়লা খনিৰ পৰা বিপদত পৰা মানুহক ৰক্ষা কৰিব।  ছবিখন এগৰাকী খনি অভিযন্তা যশৱন্ত সিং গিলৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হ’ব৷

নি অভিযন্তা যশৱন্ত সিং গিলে ১৯৮৯ চনত পশ্চিমবংগৰ ৰাণীগঞ্জত কয়লা খনিত  আৱদ্ধ হৈ থকা ৬৪  জন খনিকৰ্মীৰ জীৱন ৰক্ষা কৰিছিল। চলচ্চিত্ৰখনত সেইগৰাকী সাহসী অভিযন্তাৰ চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে৷ এটা সময় আছিল যেতিয়া বিগ বি অমিতাভ বচ্চনে অভিনয় কৰা কয়লা ছবি খনে দেশৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ মাজত বেছ জনপ্ৰিয় হৈছিল৷অক্ষয় কুমাৰৰ নাম ঠিক নোহোৱা ছবি খনেও সফলতা তথা জনপ্ৰিয়তা লাভ কৰিব বুলি আশা কৰা হৈছে৷

জেকি ভাগনানীৰ পূজা এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ হৈ থকা ছবি খনত অভিনয়  কৰোতে   অক্ষয় কুমাৰে বহু কষ্ট কৰিব লাগিব বুলি ছবি খনৰ সৈতে জৰিত বহুতে কৈছে৷ ইয়াৰ আগতে অভিনেতাগৰাকীয়ে  পৰিচালক টিনু সুৰেশ দেশাইৰ  ২০১৬ চনৰ অপৰাধ থ্ৰিলাৰ ৰুস্তমত অভিনয় কৰিছিল।  

অক্ষয় কুমাৰৰ শ্হতীয়া ছবি   ৰক্ষা বন্ধন আৰু ৰাম সেতু খুব কম দিনৰ ভিতৰতে মুক্তি পাব৷ কয়লা খনিকলৈ নিৰ্মাণ কৰা অভিনেতাজনৰ নতুন ছবি খনেও দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু