--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমূৰত পাগুৰী, মুখত দাড়িৰে এক বিশেষ ৰূপত এইবাৰ দেখা গৈছে অভিনেতা অক্ষয় কুমাৰক৷ প্ৰথম দৃষ্টিত অক্ষয় কুমাৰৰ এই ৰূপৰ পৰা তেওঁক কোনোবা কৃষক নেতা যেন লাগিলেও কৃষকৰ আন্দোলনৰ সৈতে অৱশ্যে অভিনেতাগৰাকীৰ এই ৰূপৰ কোনো সম্পৰ্ক নাই বুলি জানিব পৰা গৈছে৷ দৰাচলতে অক্ষয় কুমাৰ শেহতীয়াকৈ ব্যস্ত হৈ পৰিছে তেওঁৰ এখন নতুন ছবিৰ কামত৷ অক্ষয় কুমাৰে তেওঁৰ নাম ঠিক নোহোৱা  চলচ্চিত্ৰখনত কয়লা খনিৰ পৰা বিপদত পৰা মানুহক উদ্ধাৰ কৰিব। 

বলীউডৰ অভিনেতাগৰাকীয়ে লণ্ডনত তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে। এতিয়ালৈকে  চলচ্চিত্ৰখনৰ ছেটৰ পৰা পোৱা  ফটোখনত তেওঁক ক'লা পাগুৰি আৰু ঘন দাড়িৰ সৈতে  দেখা গৈছে। টিনু সুৰেশ দেশাইয়ে পৰিচালনা কৰা  এই ছবিখনত কুমাৰে পুনৰ এবাৰ এজন ত্ৰাণকৰ্তাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। এইবাৰ তেওঁ কয়লা খনিৰ পৰা বিপদত পৰা মানুহক ৰক্ষা কৰিব।  ছবিখন এগৰাকী খনি অভিযন্তা যশৱন্ত সিং গিলৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হ’ব৷

নি অভিযন্তা যশৱন্ত সিং গিলে ১৯৮৯ চনত পশ্চিমবংগৰ ৰাণীগঞ্জত কয়লা খনিত  আৱদ্ধ হৈ থকা ৬৪  জন খনিকৰ্মীৰ জীৱন ৰক্ষা কৰিছিল। চলচ্চিত্ৰখনত সেইগৰাকী সাহসী অভিযন্তাৰ চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে৷ এটা সময় আছিল যেতিয়া বিগ বি অমিতাভ বচ্চনে অভিনয় কৰা কয়লা ছবি খনে দেশৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ মাজত বেছ জনপ্ৰিয় হৈছিল৷অক্ষয় কুমাৰৰ নাম ঠিক নোহোৱা ছবি খনেও সফলতা তথা জনপ্ৰিয়তা লাভ কৰিব বুলি আশা কৰা হৈছে৷

জেকি ভাগনানীৰ পূজা এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ হৈ থকা ছবি খনত অভিনয়  কৰোতে   অক্ষয় কুমাৰে বহু কষ্ট কৰিব লাগিব বুলি ছবি খনৰ সৈতে জৰিত বহুতে কৈছে৷ ইয়াৰ আগতে অভিনেতাগৰাকীয়ে  পৰিচালক টিনু সুৰেশ দেশাইৰ  ২০১৬ চনৰ অপৰাধ থ্ৰিলাৰ ৰুস্তমত অভিনয় কৰিছিল।  

অক্ষয় কুমাৰৰ শ্হতীয়া ছবি   ৰক্ষা বন্ধন আৰু ৰাম সেতু খুব কম দিনৰ ভিতৰতে মুক্তি পাব৷ কয়লা খনিকলৈ নিৰ্মাণ কৰা অভিনেতাজনৰ নতুন ছবি খনেও দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ