--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱাত অনুষ্ঠিত  ৫৪ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাত প্রদর্শিত হৈছে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক,  পার্থ সাৰথি মহন্তৰ এনিমেশ্যন ছবি 'লাচিত : দ্যা বাৰিয়ৰ'। অসমীয়া জাতীয় জীৱনৰ শৌর্য-বীৰ্ষৰ প্রতীক মহাবীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক চুটি এনিমেশ্যন ছবি 'লাচিত: দ্য বাৰিয়ৰ'-এ ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন মহোৎসৱত সুনাম অর্জন কৰি অসমলৈ  গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ৫৪ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ, ইণ্ডিয়াৰ নন ফিচাৰ শাখাত 'লাচিত: দ্য বাৰিয়ৰ’ৰে ৰাষ্ট্রীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

 পৰিচালক পার্থ সাৰথি মহন্ত আৰু প্রযোজক ইন্দ্রানী বৰুৱাই  গোৱাৰ মহোৎসৱত উপস্থিত থাকি  এই সন্মান গ্রহণ কৰে। শেহতীয়াকৈ বার্লিনত নিউবর্ন ছুটি ছবিৰ সমাৰোহলৈ নির্বাচিত হৈছে এই ছবিখন। চুটি ছবিখনৰ প্রযোজনা সাংস্কৃতিক কৰ্মী, সাহিত্যিক মীনা মহন্ত আৰু ইন্দ্রাণী বৰ বৰাৰ। 

ছবিখনত ধাৰাভাষ্য প্রদান কৰিছে বিশিষ্ট শিক্ষাবিদ, প্রাক্তন উপাচার্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে। সংগীত ৰূপম তালুকদাৰৰ।ইতিমধ্যে মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, চেন্নাইৰ উপৰি জয়পুৰ ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, নর্থ-ইষ্ট ইণ্ডিয়া ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, চম্বল ইণ্টাৰনেশ্বনেল ফিল্ম ফেস্টিভেল, ছাউথ এছিয়ান চর্ট ফিল্ম ফেষ্টিভেল, দিল্লী চর্ট ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, ইণ্ডো ফ্রান্স ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলকে ধৰি বিভিন্ন ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত লাচিত প্রদর্শিত হৈ পুৰস্কৃত হৈছে।  শৰাইঘাট যুদ্ধৰ মহানায়ক মহাবীৰ লাচিত বৰফুকনৰ জীবনৰ আধাৰত নিৰ্মাণ কৰা এনিমেশ্যন ছবি 'লাচিত: দ্য বাৰিয়ৰ'-এ পুডুচেৰীত অনুষ্ঠিত 'ইণ্ডো-ফ্রান্স আন্তঃবাষ্ট্রীয় ছবি মহোৎসৱ'ত শ্রেষ্ঠ এনিমেশ্যন চুটি ছবিৰ সন্মান লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক