--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোৱাত অনুষ্ঠিত  ৫৪ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাত প্রদর্শিত হৈছে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক,  পার্থ সাৰথি মহন্তৰ এনিমেশ্যন ছবি 'লাচিত : দ্যা বাৰিয়ৰ'। অসমীয়া জাতীয় জীৱনৰ শৌর্য-বীৰ্ষৰ প্রতীক মহাবীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক চুটি এনিমেশ্যন ছবি 'লাচিত: দ্য বাৰিয়ৰ'-এ ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন মহোৎসৱত সুনাম অর্জন কৰি অসমলৈ  গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ৫৪ সংখ্যক আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ, ইণ্ডিয়াৰ নন ফিচাৰ শাখাত 'লাচিত: দ্য বাৰিয়ৰ’ৰে ৰাষ্ট্রীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

 পৰিচালক পার্থ সাৰথি মহন্ত আৰু প্রযোজক ইন্দ্রানী বৰুৱাই  গোৱাৰ মহোৎসৱত উপস্থিত থাকি  এই সন্মান গ্রহণ কৰে। শেহতীয়াকৈ বার্লিনত নিউবর্ন ছুটি ছবিৰ সমাৰোহলৈ নির্বাচিত হৈছে এই ছবিখন। চুটি ছবিখনৰ প্রযোজনা সাংস্কৃতিক কৰ্মী, সাহিত্যিক মীনা মহন্ত আৰু ইন্দ্রাণী বৰ বৰাৰ। 

ছবিখনত ধাৰাভাষ্য প্রদান কৰিছে বিশিষ্ট শিক্ষাবিদ, প্রাক্তন উপাচার্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে। সংগীত ৰূপম তালুকদাৰৰ।ইতিমধ্যে মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, চেন্নাইৰ উপৰি জয়পুৰ ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, নর্থ-ইষ্ট ইণ্ডিয়া ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, চম্বল ইণ্টাৰনেশ্বনেল ফিল্ম ফেস্টিভেল, ছাউথ এছিয়ান চর্ট ফিল্ম ফেষ্টিভেল, দিল্লী চর্ট ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল, ইণ্ডো ফ্রান্স ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলকে ধৰি বিভিন্ন ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত লাচিত প্রদর্শিত হৈ পুৰস্কৃত হৈছে।  শৰাইঘাট যুদ্ধৰ মহানায়ক মহাবীৰ লাচিত বৰফুকনৰ জীবনৰ আধাৰত নিৰ্মাণ কৰা এনিমেশ্যন ছবি 'লাচিত: দ্য বাৰিয়ৰ'-এ পুডুচেৰীত অনুষ্ঠিত 'ইণ্ডো-ফ্রান্স আন্তঃবাষ্ট্রীয় ছবি মহোৎসৱ'ত শ্রেষ্ঠ এনিমেশ্যন চুটি ছবিৰ সন্মান লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান