--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শ্বাহৰূখ খান। নামেই যাৰ পৰিচয়। বিগত কেইবামাহ ধৰি চৰ্চাত আছে বলীউড বাদশ্বাহ শ্বাহৰূখ খান। ড্ৰাগছৰ গোচৰত কাৰাবন্দী পুত্ৰৰ জামিনৰ বাবে বাট কুৰি বাই থাকোতে ব্যক্তিগত কামত মনোনিৱেশ কৰাৰ কোনো অৱকাশে পোৱা নাছিল শ্বাহৰূখে। কিন্তু প্ৰিয় পুত্ৰই মুকলি আকাশৰ তললৈ অহাৰ লগে লগে ক্ৰমাত্‍ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিছে শ্বাহৰূখৰ জীৱনলৈ। ব্যক্তিগত কামতো নিৰন্তৰ লাগি গৈছে শ্বাহৰূখে। আনন্দে মনে নতুন ছবিৰ কামতো হাত দিছে শ্বাহৰূখে। উল্লেখ্য যে, ২০২২ চনৰ স্বাধীনতা দিৱসত মুক্তি পোৱাৰ কথা আছিল শ্বাহৰূখ খানৰ নতুন ছবি 'পাঠান'। কিন্তু মাজভাগত ড্ৰাগছ কাণ্ডত পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ হোৱাৰ পাছত বাদশ্বাহে চলচ্চিত্ৰৰ সকলো কামৰ পৰা বিৰত আছিল। ঘৰৰ ল’ৰা ঘৰলৈ উভতি অহাৰ পাছত সাময়িক সকাহ পাইছে কিং খানে। এইবাৰ ফুল ছুইঙত কাম কৰাৰ অংগীকাৰ কিং খানৰ।

আগন্তুক মাহৰ আৰম্ভণিতে নতুন ছবি 'পাঠান'ৰ দৃশ্যগ্ৰহণৰ বাবে স্পেইনলৈ উৰা মাৰিব বলীউড বাদশ্বাহ। উল্লেখ্য যে, যশৰাজ ফিল্মছ প্ৰযোজিত 'পাঠান'ৰ লগতে দাক্ষিণাত্যৰ পৰিচালক আতলিৰ হিন্দী চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ কামো স্থগিত ৰাখিছিল শ্বাহৰূখে। পুত্ৰৰ সমস্যা সমাধান হ'লেই নিজৰ কামত মনোনিৱেশ কৰিব বুলি কৈছিল শ্বাহৰূখে। সমাগত বাদশ্বাহ তনয়ৰ জন্মদিন।উথপ্ থপ্ শ্বাহৰূখৰ মন্নত। ১৩ নৱেম্বৰত পুত্ৰৰ জন্মদিনৰ পাছতেই দৈনন্দিন কাৰ্যত ব্যস্ত হৈ পৰিব বাদশ্বাহ। ছবিখনৰ কাম আৰম্ভ কৰা সন্দৰ্ভত আলোচনা ইতিমধ্যে আগবাঢ়িছে। স্পেইনৰ বিভিন্ন ঠাইত 'পাঠান'ৰ দুটা গীতৰ দৃশ্যগ্ৰহণ কৰা হ'ব। পূৰ্বে বলীউড ছবিৰ দৃশ্যগ্ৰহণ নোহোৱা স্থান বাচনি কৰি লোৱা হৈছে গীত দুটিৰ বাবে। ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ। দীপিকা পাডুকন আৰু জন আব্ৰাহামক শ্বাহৰূখৰ সৈতে 'পাঠান'ত দেখিবলৈ পাব অনুৰাগীয়ে। শ্বাহৰূখৰ বাবেই অপেক্ষা কৰিছে জন-দীপিকাই। শ্বাহৰূখ-দীপিকাৰ যুটিয়ে এইবাৰ যে ৰূপালী পৰ্দাত খলকনি তুলিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। স্মৰ্তব্য যে, কিং খানক শেষবাৰৰ বাবে ২০১৭ চনৰ 'জিৰো' ছবিখনত দেখিবলৈ পোৱা গৈছিল। ২০২২ চনৰ ১৫ আগষ্টত পুনৰ অনুৰাগীসকলৰ বাবে এটা নতুন চৰিত্ৰ সন্মুখলৈ অনাৰ কথা আছিল কিং খানৰ। কিন্তু পুত্ৰৰ কাণ্ডই আহুকাল লগাইছিল শ্বাহৰূখৰ পূৰ্ব পৰিকল্পনাবোৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ