--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শ্বাহৰূখ খান। নামেই যাৰ পৰিচয়। বিগত কেইবামাহ ধৰি চৰ্চাত আছে বলীউড বাদশ্বাহ শ্বাহৰূখ খান। ড্ৰাগছৰ গোচৰত কাৰাবন্দী পুত্ৰৰ জামিনৰ বাবে বাট কুৰি বাই থাকোতে ব্যক্তিগত কামত মনোনিৱেশ কৰাৰ কোনো অৱকাশে পোৱা নাছিল শ্বাহৰূখে। কিন্তু প্ৰিয় পুত্ৰই মুকলি আকাশৰ তললৈ অহাৰ লগে লগে ক্ৰমাত্‍ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিছে শ্বাহৰূখৰ জীৱনলৈ। ব্যক্তিগত কামতো নিৰন্তৰ লাগি গৈছে শ্বাহৰূখে। আনন্দে মনে নতুন ছবিৰ কামতো হাত দিছে শ্বাহৰূখে। উল্লেখ্য যে, ২০২২ চনৰ স্বাধীনতা দিৱসত মুক্তি পোৱাৰ কথা আছিল শ্বাহৰূখ খানৰ নতুন ছবি 'পাঠান'। কিন্তু মাজভাগত ড্ৰাগছ কাণ্ডত পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ হোৱাৰ পাছত বাদশ্বাহে চলচ্চিত্ৰৰ সকলো কামৰ পৰা বিৰত আছিল। ঘৰৰ ল’ৰা ঘৰলৈ উভতি অহাৰ পাছত সাময়িক সকাহ পাইছে কিং খানে। এইবাৰ ফুল ছুইঙত কাম কৰাৰ অংগীকাৰ কিং খানৰ।

আগন্তুক মাহৰ আৰম্ভণিতে নতুন ছবি 'পাঠান'ৰ দৃশ্যগ্ৰহণৰ বাবে স্পেইনলৈ উৰা মাৰিব বলীউড বাদশ্বাহ। উল্লেখ্য যে, যশৰাজ ফিল্মছ প্ৰযোজিত 'পাঠান'ৰ লগতে দাক্ষিণাত্যৰ পৰিচালক আতলিৰ হিন্দী চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ কামো স্থগিত ৰাখিছিল শ্বাহৰূখে। পুত্ৰৰ সমস্যা সমাধান হ'লেই নিজৰ কামত মনোনিৱেশ কৰিব বুলি কৈছিল শ্বাহৰূখে। সমাগত বাদশ্বাহ তনয়ৰ জন্মদিন।উথপ্ থপ্ শ্বাহৰূখৰ মন্নত। ১৩ নৱেম্বৰত পুত্ৰৰ জন্মদিনৰ পাছতেই দৈনন্দিন কাৰ্যত ব্যস্ত হৈ পৰিব বাদশ্বাহ। ছবিখনৰ কাম আৰম্ভ কৰা সন্দৰ্ভত আলোচনা ইতিমধ্যে আগবাঢ়িছে। স্পেইনৰ বিভিন্ন ঠাইত 'পাঠান'ৰ দুটা গীতৰ দৃশ্যগ্ৰহণ কৰা হ'ব। পূৰ্বে বলীউড ছবিৰ দৃশ্যগ্ৰহণ নোহোৱা স্থান বাচনি কৰি লোৱা হৈছে গীত দুটিৰ বাবে। ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ। দীপিকা পাডুকন আৰু জন আব্ৰাহামক শ্বাহৰূখৰ সৈতে 'পাঠান'ত দেখিবলৈ পাব অনুৰাগীয়ে। শ্বাহৰূখৰ বাবেই অপেক্ষা কৰিছে জন-দীপিকাই। শ্বাহৰূখ-দীপিকাৰ যুটিয়ে এইবাৰ যে ৰূপালী পৰ্দাত খলকনি তুলিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। স্মৰ্তব্য যে, কিং খানক শেষবাৰৰ বাবে ২০১৭ চনৰ 'জিৰো' ছবিখনত দেখিবলৈ পোৱা গৈছিল। ২০২২ চনৰ ১৫ আগষ্টত পুনৰ অনুৰাগীসকলৰ বাবে এটা নতুন চৰিত্ৰ সন্মুখলৈ অনাৰ কথা আছিল কিং খানৰ। কিন্তু পুত্ৰৰ কাণ্ডই আহুকাল লগাইছিল শ্বাহৰূখৰ পূৰ্ব পৰিকল্পনাবোৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু