--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড এৰিনাত বহু দম্পতীয়ে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকক কেন্দ্ৰ কৰি সময়ে সময়ে নানা মুখৰোচক কথাৰ ৰোল উঠাও দেখা যায়। বলীউডত এয়া কোনো নতুন কথা নহয়। তেনে দম্পতীৰ ভিতৰত লেখত ল’বলগীয়া হৈছে শিল্পা-ৰাজৰ যুগলবন্দী। শিল্পা-ৰাজৰ স্নিগ্ধ প্ৰেম সৰ্বজন বিদিত। সকলো ঠিকেই চলি আছিল। ইয়াৰ মাজতে বিনা মেঘে যেন বজ্ৰপাতহে পৰিল শিল্পাৰ সুখৰ সংসাৰত। পৰ্ণগ্ৰাফীৰ গোচৰত অভিযুক্ত বুলি আৰক্ষীৰ কোপ দৃষ্টি পৰিছিল স্বামী ৰাজ কুন্দ্ৰাৰ ওপৰত। সেই গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাতো। সামাজিক মাধ্যমত শিল্পাই কেইবাটাও প’ষ্টেৰে বিষন্ন সময়ৰ দিনিলিপিৰ বিষয়ে অৱগত কৰিছিল অনুৰাগীক। বহু প্ৰতীক্ষাৰ অন্তত হেৰুৱা হাঁহি উভতাই পাইছিল শিল্পাই। এইবাৰ শিল্পা-ৰাজৰ আন এক খবৰেহে সংবাদ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে। ৰাজ কুন্দ্ৰাই জামিন পোৱাৰ পাছত ৰাজহুৱাভাৱে দীৰ্ঘদিন ওলাই অহা নাছিল তেওঁ। প্ৰায় দুমাহ ধৰি লোকচক্ষুৰ আঁৰত আছিল ৰাজ কুন্দ্ৰা।

বিতৰ্কৰ পৰা হাত সাৰিবলৈ সামাজিক মাধ্যমৰ একাউণ্টো ডিলিট কৰিছিল ৰাজ কুন্দ্ৰাই। ইয়াৰ মাজতে শেহতীয়াকৈ শিল্পা ছেট্টীৰ হিমাচল ট্ৰিপ ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমতো জেলৰ পৰা মুকলি হৈ অহাৰ পাছত স্বামীৰ সৈতে শিল্পাৰ প্ৰথম ৰাজহুৱা ভ্ৰমণৰ ফটোবোৰ সৰ্বত্ৰে লাভ কৰিছে চৰ্চা। ছবিখনত শিল্পাই স্বামী ৰাজকুন্দ্ৰাৰ হাতত ধৰি হিমাচলৰ জ্বালাজী দেৱী আৰু মা চামুণ্ডা দেৱী মন্দিৰত প্ৰাৰ্থনা কৰা দেখা গৈছে। পতি-পত্নীৰ একে পোছাকেও সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা। উল্লেখ্য যে, পৰ্ণগ্ৰাফীৰ গোচৰত ৰাজ কুন্দ্ৰাক ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পৰ্ণ ছবি নিৰ্মাণ আৰু ইয়াক বিভিন্ন মাধম্যত প্ৰচাৰ কৰা বুলি ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল। তাৰ পাছত ১৫ ছেপ্টেম্বৰত মুম্বাই দণ্ডাধীশৰ আদালতত ৰাজৰ বিৰুদ্ধে ১৫০০ পৃষ্ঠাৰ পৰিপূৰক অভিযোগপত্ৰ দাখিল কৰিছিল মুম্বাই আৰক্ষীয়ে। ৰাজ কুন্দ্ৰাই জামিন বিচাৰি ১৮ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ আদালতত আবেদন কৰিছিল। ৰুজু হোৱা গোচৰটোত ৰাজৰ বিৰুদ্ধে কোনো আৰক্ষীৰ ওচৰত কোনো প্ৰামাণিক তথ্য নাই বুলি ৰাজকুন্দ্ৰাৰ ব্যক্তিগত অধিবক্তাই দাবীও কৰিছিল।অৱশেষত, ২০ ছেপ্টেম্বৰত ৫০,০০০ টকাৰ ব্যক্তিগত বণ্ডত জামিন পাইছিল ৰাজ কুন্দ্ৰাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ