--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কেটৰিনা কাইফ (কেট) আৰু বিকি কৌশলৰ বিবাহৰ খবৰ বিগত কেইদিনমানৰ পৰা ভাইৰেল হৈ আছে। দুয়োজন সোনকালেই বিবাহপাশত আৱদ্ধ হ'ব বুলি বিভিন্ন মহলে কৈছে যদিও যদিও এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই৷

অৱশ্যে দুয়োগৰাকী ছুপাৰষ্টাৰ শ্বুটিংৰ কামত ব্যস্ত থকাৰ বাবে বিয়াৰ বাবে তেওঁলোকে নিৰ্দিষ্ট দিন ধাৰ্য কৰিব পৰা নাই৷ বিকিয়ে ২০২২ চনৰ মে মাহত ছবিখনৰ দৃশ্যগ্ৰহণ শেষ কৰি বিয়াত বহিব বিচাৰিছে৷ কিন্তু কেটে ইমান দীঘলীয়া অপেক্ষা কৰিবলৈ বিচৰা নাই৷ তেওঁ ক’য় যে, যিহেতু বিয়াৰ বাবে স্থানলৈকে যেতিয়া ঠিক হৈ গৈছে, তেনেহ’লে ইমান দিন অপেক্ষা কৰাৰ প্ৰয়োজন নাই৷

বিকি আৰু কেটৰিনাৰ (কেট) এক ঘনিষ্ঠ সূত্ৰই ক’য় যে, কেটে বিয়াৰ বাবে ইতিমধ্যে সাজ-পোছাকলৈকে প্ৰস্তুত কৰিছে, আৰু সেই পোছাকযোৰ গৰমৰ দিনৰ বাবে একেবাৰে অনুপযুক্ত, কাৰণ বিকিয়ে যদি মে’ মাহত বিয়াত বহে তেনেহ’লে সেই কাপোৰযোৰ গৰমত পিন্ধিবলৈ একেবাৰে অনুপযুক্ত হ’ব৷ কাৰণ তেওঁলোকৰ বিয়াখন ৰাজস্থানৰ এটা বিশেষ ৰাজমহলত অনুষ্ঠিত হ’ব আৰু মে’ মাহত তাত যথেষ্ট গৰম হয়, সেইবাবে কেটে এইবছৰৰ ডিচেম্বৰৰ শেষৰফালে বিয়াত বহিব বিচাৰে৷ তদুপৰি তেওঁলোকৰ বিয়াখন দিনৰ ভাগত অনুষ্ঠিত হ’ব আৰু বিয়াখনৰ নিয়ম কানুনসমূহ গোটেই দিনজোৰা কাৰ্যসূচীৰে হ’ব গতিকে ইমান হেভি কষ্টিউম পিন্ধি কেটে মে’ মাহত বিয়াত বহিবলৈ কোনোপধ্যেই ৰাজি নহয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ