--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কে কেৰ স্মৃতিচাৰণ। দিও বুলি কোনেও কাকো বিদায় দিব নোৱাৰে। জ্যোতিৰ মন মাজুলীত কে কে আজিও জীৱন্ত। ইজনে সিজনৰ হাতত ধৰি ওচৰতে যেন থিয় হৈ আছে কেকে-জ্যোতি। এইদৰেই প্ৰয়াত কণ্ঠশিল্পী কে কেৰ পত্নী জ্যোতি কৃষ্ণই কেনভাছত ৰং-তুলিকাৰ পৰশেৰে পুনৰ জীৱন্তৰূপ দিবলৈ চেষ্টা কৰিছে দুয়োৰে অমৰ প্ৰেমক। জ্যোতিয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এই বিশেষ ছবিখন।

বৃহস্পতিবাৰে জ্যোতি কৃষ্ণই ছ’চিয়েল মিডিয়াত ছবিখন পোষ্ট কৰি লিখিছে, ‘মই আকৌ আঁকিবলৈ চেষ্টা কৰিছো। ’ জ্যোতি কৃষ্ণৰ এই পোষ্টটোত এতিয়া মন্তব্যৰ বন্যা। জ্যোতিৰ পোষ্টটোৰ প্ৰতি সঁহাৰি জনাই এজন অনুৰাগীয়ে লিখিছে, ‘আমাৰ হৃদয়ত আৰু আপুনি অংকন কৰা ছবিবোৰত কেকে সদায় জীয়াই থাকিব।’ আন এজনে লিখিছে, ‘সঁচা প্ৰেমৰ মৃত্যু নাই। শক্তিশালী হোৱা জ্যোতি।' জ্যোতিৰ প্ৰশংসা কৰি আন এজন ব্যক্তিয়ে লিখিছে, ‘তোমাৰ প্ৰতিও বহুত মৰম আছে মেম ... মই জানো আপোনাৰ অবিহনে কে কে কেতিয়াও কে কে হ’ব নোৱাৰিলেহেঁতেন। আপোনালোকৰ বাবে আমি ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ। সংগীতৰ মাজেৰেই কে কে আমাৰ মাজত জীয়াই থাকিব আজীৱন।'

স্মৰ্তব্য যে, জ্যোতি কৃষ্ণৰ সৈতে কে কে প্ৰেম শৈশৱৰ পৰাই। ১৯৬১ চনত সংগীত জীৱন আৰম্ভ হোৱাৰ পূৰ্বে কে কে  জ্যোতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ৩১ মে’ত নাজৰুলমঞ্চত অনুষ্ঠান পৰিৱেশন কৰি কে কে অসুস্থ অনুভৱ কৰিছিল। অনুষ্ঠানৰ অন্তত তেওঁ পুনৰ হোটেললৈ যায় আৰু পলকতে বিয়পি পৰে সেই অনাকাংক্ষিত, কাহানিও শুনিবলৈ নিবিচৰা খবৰটো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ