--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কে কেৰ স্মৃতিচাৰণ। দিও বুলি কোনেও কাকো বিদায় দিব নোৱাৰে। জ্যোতিৰ মন মাজুলীত কে কে আজিও জীৱন্ত। ইজনে সিজনৰ হাতত ধৰি ওচৰতে যেন থিয় হৈ আছে কেকে-জ্যোতি। এইদৰেই প্ৰয়াত কণ্ঠশিল্পী কে কেৰ পত্নী জ্যোতি কৃষ্ণই কেনভাছত ৰং-তুলিকাৰ পৰশেৰে পুনৰ জীৱন্তৰূপ দিবলৈ চেষ্টা কৰিছে দুয়োৰে অমৰ প্ৰেমক। জ্যোতিয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এই বিশেষ ছবিখন।

বৃহস্পতিবাৰে জ্যোতি কৃষ্ণই ছ’চিয়েল মিডিয়াত ছবিখন পোষ্ট কৰি লিখিছে, ‘মই আকৌ আঁকিবলৈ চেষ্টা কৰিছো। ’ জ্যোতি কৃষ্ণৰ এই পোষ্টটোত এতিয়া মন্তব্যৰ বন্যা। জ্যোতিৰ পোষ্টটোৰ প্ৰতি সঁহাৰি জনাই এজন অনুৰাগীয়ে লিখিছে, ‘আমাৰ হৃদয়ত আৰু আপুনি অংকন কৰা ছবিবোৰত কেকে সদায় জীয়াই থাকিব।’ আন এজনে লিখিছে, ‘সঁচা প্ৰেমৰ মৃত্যু নাই। শক্তিশালী হোৱা জ্যোতি।' জ্যোতিৰ প্ৰশংসা কৰি আন এজন ব্যক্তিয়ে লিখিছে, ‘তোমাৰ প্ৰতিও বহুত মৰম আছে মেম ... মই জানো আপোনাৰ অবিহনে কে কে কেতিয়াও কে কে হ’ব নোৱাৰিলেহেঁতেন। আপোনালোকৰ বাবে আমি ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ। সংগীতৰ মাজেৰেই কে কে আমাৰ মাজত জীয়াই থাকিব আজীৱন।'

স্মৰ্তব্য যে, জ্যোতি কৃষ্ণৰ সৈতে কে কে প্ৰেম শৈশৱৰ পৰাই। ১৯৬১ চনত সংগীত জীৱন আৰম্ভ হোৱাৰ পূৰ্বে কে কে  জ্যোতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ৩১ মে’ত নাজৰুলমঞ্চত অনুষ্ঠান পৰিৱেশন কৰি কে কে অসুস্থ অনুভৱ কৰিছিল। অনুষ্ঠানৰ অন্তত তেওঁ পুনৰ হোটেললৈ যায় আৰু পলকতে বিয়পি পৰে সেই অনাকাংক্ষিত, কাহানিও শুনিবলৈ নিবিচৰা খবৰটো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?