--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ত হাজিৰ হ’ল মৃত শিশু! হয়, শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য৷ যেতিয়া এটা শিশুৱে নিজৰ হত্যাৰ গোচৰৰ শুনানিত আদালতত উপস্থিত হৈছিল, তেতিয়া আদালতত উপস্থিত থকা সকলো ব্যক্তি স্তম্ভিত হৈ পৰিছিল। 

বিগত সপ্তাহত অনুষ্ঠিত এক শুনানিৰ সময়ত এজন ১১ বছৰীয়া ল’ৰাই আদালতত হাজিৰ হৈ কয়, মহাশয়, মই জীয়াই আছোঁ।

এই গোচৰটো উত্তৰ প্ৰদেশৰ পিলিভিট জিলাৰ। এই আৱেদন গ্ৰহণ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে আবেদনকাৰীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব। এই গোচৰটোৰ পৰৱৰ্তী শুনানি জানুৱাৰী, ২০২৪ অৰ্থাৎ নতুন বছৰত অনুষ্ঠিত হ’ব। ইয়াৰ লগতে আদালতে উত্তৰ প্ৰদেশ চৰকাৰ, পিলিভিট এছপি আৰু নুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো জাননী জাৰি কৰিছে।

আৱেদনকাৰীৰ অধিবক্তাৰ মতে, শিশুটোৰ দেউতাকে যৌতুকৰ বাবে মাকক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল। শিশুটোৰ পিতৃ-মাতৃয়ে ২০১০ত বিবাহপাশত আৱদ্ধ হৈছিল। ক্ৰমাৎ তেওঁলোকৰ মাজত গাৰ্হস্থ্য হিংসা  বাঢ়িবলৈ আৰম্ভ কৰিছিল। ২০১৩ৰ মাৰ্চত মাৰপিটৰ ফলত শিশুটিৰ মাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হৈছিল। সেই সময়ছোৱাত এই শিশুটোৱে তেওঁৰ ককাকৰ সৈতে বাস কৰিছিল।

ইফালে, শিশুটোৰ জিম্মাক লৈ তেওঁৰ মাক আৰু আইতাক— দুয়োপক্ষৰ মাজত তৰ্ক তীব্ৰতৰ হৈ পৰিছিল। দেউতাকে তেওঁৰ পুত্ৰৰ জিম্মা বিচাৰিছিল। আনহাতে, শিশুটোৰ ককাদেউতাকে যৌতুকৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৩০৪-বি (যৌতুকমৃত্যু)ৰ অধীনত এজাহাৰ দাখিল কৰিছিল। অৰ্থাৎ, দুয়োটা পক্ষই ইটোৱে সিটো পক্ষৰ বিৰুদ্ধে মোকৰ্দমা দাখিল কৰিছিল। ২০২৩ৰ আৰম্ভণিতে শিশুটোৰ দেউতাকে শিশুটোৰ হত্যাৰ বাবে তেওঁৰ ককাক আৰু চাৰিজন মোমায়েকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। শিশুটিৰ দেউতাকৰ অভিযোগৰ পাছত আৰক্ষীয়ে তেওঁক আইপিচি ধাৰা ৩০২ (হত্যা), ৫০৪ (ইচ্ছাকৃত অপমান) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি)ৰ অধীনত গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ