--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চতম ন্যায়ালয়ত হাজিৰ হ’ল মৃত শিশু! হয়, শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য৷ যেতিয়া এটা শিশুৱে নিজৰ হত্যাৰ গোচৰৰ শুনানিত আদালতত উপস্থিত হৈছিল, তেতিয়া আদালতত উপস্থিত থকা সকলো ব্যক্তি স্তম্ভিত হৈ পৰিছিল। 

বিগত সপ্তাহত অনুষ্ঠিত এক শুনানিৰ সময়ত এজন ১১ বছৰীয়া ল’ৰাই আদালতত হাজিৰ হৈ কয়, মহাশয়, মই জীয়াই আছোঁ।

এই গোচৰটো উত্তৰ প্ৰদেশৰ পিলিভিট জিলাৰ। এই আৱেদন গ্ৰহণ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে আবেদনকাৰীসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব। এই গোচৰটোৰ পৰৱৰ্তী শুনানি জানুৱাৰী, ২০২৪ অৰ্থাৎ নতুন বছৰত অনুষ্ঠিত হ’ব। ইয়াৰ লগতে আদালতে উত্তৰ প্ৰদেশ চৰকাৰ, পিলিভিট এছপি আৰু নুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো জাননী জাৰি কৰিছে।

আৱেদনকাৰীৰ অধিবক্তাৰ মতে, শিশুটোৰ দেউতাকে যৌতুকৰ বাবে মাকক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল। শিশুটোৰ পিতৃ-মাতৃয়ে ২০১০ত বিবাহপাশত আৱদ্ধ হৈছিল। ক্ৰমাৎ তেওঁলোকৰ মাজত গাৰ্হস্থ্য হিংসা  বাঢ়িবলৈ আৰম্ভ কৰিছিল। ২০১৩ৰ মাৰ্চত মাৰপিটৰ ফলত শিশুটিৰ মাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হৈছিল। সেই সময়ছোৱাত এই শিশুটোৱে তেওঁৰ ককাকৰ সৈতে বাস কৰিছিল।

ইফালে, শিশুটোৰ জিম্মাক লৈ তেওঁৰ মাক আৰু আইতাক— দুয়োপক্ষৰ মাজত তৰ্ক তীব্ৰতৰ হৈ পৰিছিল। দেউতাকে তেওঁৰ পুত্ৰৰ জিম্মা বিচাৰিছিল। আনহাতে, শিশুটোৰ ককাদেউতাকে যৌতুকৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৩০৪-বি (যৌতুকমৃত্যু)ৰ অধীনত এজাহাৰ দাখিল কৰিছিল। অৰ্থাৎ, দুয়োটা পক্ষই ইটোৱে সিটো পক্ষৰ বিৰুদ্ধে মোকৰ্দমা দাখিল কৰিছিল। ২০২৩ৰ আৰম্ভণিতে শিশুটোৰ দেউতাকে শিশুটোৰ হত্যাৰ বাবে তেওঁৰ ককাক আৰু চাৰিজন মোমায়েকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। শিশুটিৰ দেউতাকৰ অভিযোগৰ পাছত আৰক্ষীয়ে তেওঁক আইপিচি ধাৰা ৩০২ (হত্যা), ৫০৪ (ইচ্ছাকৃত অপমান) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি)ৰ অধীনত গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক