--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানিমুনি আমাৰ সকলোৰে পৰিচিত এবিধ শাক। ই এবিধ প্ৰসিদ্ধ ঔষধি শাক। মানিমুনি দুবিধ পোৱা যায়। এবিধ সৰু মানিমুনি আৰু এবিধ ডাঙৰ মানিমুনি। মানিমুনি কেঁচা চাটনি, ভাজি, আঞ্জা বনাইও খাব পাৰি। মাছৰ লগতো মানিমুনি শাকৰ জোল খাবলৈ বৰ ভাল। মানিমুনি শাকৰ জালুকীয়া জোল খাবলৈ অতি সোৱাদ। মানুহে সাধাৰণতে পেটৰ ৰোগ ভাল কৰিবলৈ মানিমুনি খায়। এই শাকৰ অনেক উপকাৰী গুণ আছে। জানো আহক কি কি। 

১) অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে।

২) মানিমুনি খালে হজম শক্তি বৃদ্ধি হয়।

৩) মানিমুনিয়ে চুলি গজাত সহায় কৰে আৰু চুলি সৰা ৰোধ কৰে।

৪) মানিমুনি মহিলাৰ জৰায়ুত ঘাঁ, বগাস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ্য৷

৫) মানিমুনিয়ে চৰ্মৰোগ- চ’ৰিয়’চিচ, খৰ, খহু,খজুৱতি,এলাৰ্জি, লুপাচ আদি নিৰাময় কৰে।

৬) ই লিভাৰৰ বাবে অতিকৈ উপযোগী।

৭) মানিমুনি মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ হয়৷

৮) মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়।

৯) মানিমুনি হেপাটাইটিচ-বি ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয় ৷

১০)  মানিমুনি কাঁহ,জ্বৰ,টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ৷

১১) মানিমুনিয়ে স্নায়ুতন্ত্ৰৰ উপকাৰিতা- মগজুৰ সতেজতা,সক্ৰিয়তা,স্মৃতিশক্তি বঢ়ায় ৷

১২) পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত মানিমুনি অতি উপযোগী ঔষধি৷

১৩)  মানিমুনি খালে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।

১৪)  মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ আতৰ হয় ৷

১৫)  গোধ (Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।

১৬) গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত, উচ্চ ৰক্তচাপ,স্নায়বিক দুৰ্বলতা, অনিদ্ৰা ৰোগত মনিমুনিৰ ৰস উপকাৰী ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ