--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তদন্তকাৰীসকলে আল ফালাহ বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰ আৰ ডি এক্স বা আন ধৰণৰ বিস্ফোৰক তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল নেকি, সেই সন্দৰ্ভত অনুসন্ধান কৰি আছে।

ডিজিটেল ডেস্কঃ দিল্লীত সোমবাৰে হোৱা ভয়ংকৰ কাৰ বোমা বিস্ফোৰণৰ সৈতে ফৰিদাবাদত উৎখাত কৰা সন্ত্রাসবাদী চক্ৰটোৰ সম্পর্ক থকাটো নিশ্চিত হৈছে। ইয়াৰ পাছতে ফৰিদাবাদত এই চক্ৰটোৰ মূল ঘাটি হৈ পৰা আল ফালাহ বিশ্ববিদ্যালয়খনত আৰক্ষীৰ প্ৰায় এহেজাৰ লোকে ব্যাপক তালাচী অভিযান চলায়।


তদন্তকাৰীসকলে আল ফালাহ বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰ আৰ ডি এক্স বা আন ধৰণৰ বিস্ফোৰক তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল নেকি, সেই সন্দৰ্ভত অনুসন্ধান কৰি আছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ কাষৰ ধৌজৰ পৰা আৰক্ষীয়ে প্রায় ২৯০০ কিল'গ্রাম এম 'নিয়াম নাইট্রেট আৰু আন অস্ত্র-শস্ত্র তথা বিস্ফোৰণত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰিছিল।


ফৰিদাবাদৰ আৰক্ষীয়ে ধৌজ গাঁৱৰ উপৰি ফতেহপুৰ তগাতো ঘৰে ঘৰে গৈ তালাচী অভিযান চলোৱাৰ লগতে সোধা-পোছাও কৰে। ইয়াৰ লগতে বিশ্ববিদ্যালয়খনত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ লগতে পূৰ্বৰ সকলো তথ্য তথা তেওঁলোকৰ গতি-বিধিৰ তথ্য সংগ্ৰহ কৰাৰ কামো কৰি আছে।


উল্লেখযোগ্য যে আল ফালাহ বিশ্ববিদ্যালয়খন ১৯৯৭ চনত অভিযান্ত্রিক মহাবিদ্যালয়ৰূপে স্থাপন কৰা হৈছিল। ২০১৩ চনত বিশ্ববিদ্যালয়ৰ ৰূপ লোৱা আল ফালাহে নাকৰ এ-গ্রেড লাভ কৰে। ২০১৫ চনত বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভ কৰে। ২০১৪ চনত হাৰিয়ানা চৰকাৰে আল ফালাহক বিশ্ববিদ্যালয়ৰূপে স্বীকৃতি দিয়ে। ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়খন আল ফালাহ দাতব্য ন্যাসে পৰিচালনা কৰে। 'নাক'ৰ এ-গ্রেড লাভ কৰা বিশ্ববিদ্যালয়খনত বিভিন্ন শৈক্ষিক আৰু ব্যাৱসায়িক পাঠ্যক্রম আছে।


ইয়াত ইঞ্জিনীয়াৰিং, প্রযুক্তি, বিজনেছ মেনেজমেন্ট, কম্পিউটাৰ ছায়েন্স, আইন তথা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আছে। চিকিৎসালয়খনত ছাত্ৰ আৰু ছাত্ৰীৰ বাবে সুকীয়া সুকীয়া হোষ্টেল আছে, কৰ্মচাৰী আৰু চিকিৎসকলৰ বাবেও আৱাসিক এলেকা আছে। বিশ্ববিদ্যালয় চৌহদত ৬৫০খন বিছনাযুক্ত এখন চিকিৎসালয়ো আছে।


ইফালে, বিশ্ববিদ্যালয়খনত মঙলবাৰে তালাচী চলোৱাৰ সময়ত ১৩জন লোকক আটক কৰে। ইয়াৰ ভিতৰত সাতজন চিকিৎসক, পাঁচজন ছাত্ৰ আৰু এগৰাকী যুৱতীও আছে। আনহাতে, তবলিগি জামাতৰ প্রায় ১০জন লোকক সোধা-পোছাৰ বাবে আটক কৰা হয় যদিও পাছত যাবলৈ দিয়া হয়। আৰক্ষীয়ে একাংশ ছাত্রই ম'বাইল ফ'নত ডিলিট কৰা ছাটো উদ্ধাৰ কৰে। দিল্লীত আত্মঘাতী বোমা বিস্ফোৰণ কৰা বুলি সন্দেহ কৰা ডাঃ ওমৰ আৰু ডাঃ মোজাম্মিল আল ফালাহ স্কুল অব্ মেডিকেল ছায়েন্সেজ এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ সৈতে জড়িত। বিশ্ববিদ্যালয়খন পৰিচালনা কৰা দাতব্য ন্যাসৰ মুৰব্বী হ'ল জৱাদ আহমেদ ছিদ্দিকী। ইয়াৰ উপাচার্য ভূপিন্দৰ কৌৰ আনন্দ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু