--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তদন্তকাৰীসকলে আল ফালাহ বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰ আৰ ডি এক্স বা আন ধৰণৰ বিস্ফোৰক তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল নেকি, সেই সন্দৰ্ভত অনুসন্ধান কৰি আছে।

ডিজিটেল ডেস্কঃ দিল্লীত সোমবাৰে হোৱা ভয়ংকৰ কাৰ বোমা বিস্ফোৰণৰ সৈতে ফৰিদাবাদত উৎখাত কৰা সন্ত্রাসবাদী চক্ৰটোৰ সম্পর্ক থকাটো নিশ্চিত হৈছে। ইয়াৰ পাছতে ফৰিদাবাদত এই চক্ৰটোৰ মূল ঘাটি হৈ পৰা আল ফালাহ বিশ্ববিদ্যালয়খনত আৰক্ষীৰ প্ৰায় এহেজাৰ লোকে ব্যাপক তালাচী অভিযান চলায়।


তদন্তকাৰীসকলে আল ফালাহ বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰ আৰ ডি এক্স বা আন ধৰণৰ বিস্ফোৰক তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল নেকি, সেই সন্দৰ্ভত অনুসন্ধান কৰি আছে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ কাষৰ ধৌজৰ পৰা আৰক্ষীয়ে প্রায় ২৯০০ কিল'গ্রাম এম 'নিয়াম নাইট্রেট আৰু আন অস্ত্র-শস্ত্র তথা বিস্ফোৰণত ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰিছিল।


ফৰিদাবাদৰ আৰক্ষীয়ে ধৌজ গাঁৱৰ উপৰি ফতেহপুৰ তগাতো ঘৰে ঘৰে গৈ তালাচী অভিযান চলোৱাৰ লগতে সোধা-পোছাও কৰে। ইয়াৰ লগতে বিশ্ববিদ্যালয়খনত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ লগতে পূৰ্বৰ সকলো তথ্য তথা তেওঁলোকৰ গতি-বিধিৰ তথ্য সংগ্ৰহ কৰাৰ কামো কৰি আছে।


উল্লেখযোগ্য যে আল ফালাহ বিশ্ববিদ্যালয়খন ১৯৯৭ চনত অভিযান্ত্রিক মহাবিদ্যালয়ৰূপে স্থাপন কৰা হৈছিল। ২০১৩ চনত বিশ্ববিদ্যালয়ৰ ৰূপ লোৱা আল ফালাহে নাকৰ এ-গ্রেড লাভ কৰে। ২০১৫ চনত বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভ কৰে। ২০১৪ চনত হাৰিয়ানা চৰকাৰে আল ফালাহক বিশ্ববিদ্যালয়ৰূপে স্বীকৃতি দিয়ে। ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়খন আল ফালাহ দাতব্য ন্যাসে পৰিচালনা কৰে। 'নাক'ৰ এ-গ্রেড লাভ কৰা বিশ্ববিদ্যালয়খনত বিভিন্ন শৈক্ষিক আৰু ব্যাৱসায়িক পাঠ্যক্রম আছে।


ইয়াত ইঞ্জিনীয়াৰিং, প্রযুক্তি, বিজনেছ মেনেজমেন্ট, কম্পিউটাৰ ছায়েন্স, আইন তথা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আছে। চিকিৎসালয়খনত ছাত্ৰ আৰু ছাত্ৰীৰ বাবে সুকীয়া সুকীয়া হোষ্টেল আছে, কৰ্মচাৰী আৰু চিকিৎসকলৰ বাবেও আৱাসিক এলেকা আছে। বিশ্ববিদ্যালয় চৌহদত ৬৫০খন বিছনাযুক্ত এখন চিকিৎসালয়ো আছে।


ইফালে, বিশ্ববিদ্যালয়খনত মঙলবাৰে তালাচী চলোৱাৰ সময়ত ১৩জন লোকক আটক কৰে। ইয়াৰ ভিতৰত সাতজন চিকিৎসক, পাঁচজন ছাত্ৰ আৰু এগৰাকী যুৱতীও আছে। আনহাতে, তবলিগি জামাতৰ প্রায় ১০জন লোকক সোধা-পোছাৰ বাবে আটক কৰা হয় যদিও পাছত যাবলৈ দিয়া হয়। আৰক্ষীয়ে একাংশ ছাত্রই ম'বাইল ফ'নত ডিলিট কৰা ছাটো উদ্ধাৰ কৰে। দিল্লীত আত্মঘাতী বোমা বিস্ফোৰণ কৰা বুলি সন্দেহ কৰা ডাঃ ওমৰ আৰু ডাঃ মোজাম্মিল আল ফালাহ স্কুল অব্ মেডিকেল ছায়েন্সেজ এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ সৈতে জড়িত। বিশ্ববিদ্যালয়খন পৰিচালনা কৰা দাতব্য ন্যাসৰ মুৰব্বী হ'ল জৱাদ আহমেদ ছিদ্দিকী। ইয়াৰ উপাচার্য ভূপিন্দৰ কৌৰ আনন্দ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ