--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোছাকৰ বাবেই প্ৰতিদিনে কটাক্ষৰ সন্মুখীন হয় উৰ্ফি জাভেদ। ফেশ্বন চেন্সৰ বাবে প্ৰায়ে উপহাস কৰা হয় উৰ্ফিক। অৱশ্যে, নেটিজেনৰ কথাক ইমান গুৰুত্ব নিদিয়ে ডেমকেয়াৰ উৰ্ফিয়ে। নিজৰ ছন্দত, নিজৰ ইচ্ছানুসাৰে পোছাক পৰিধান কৰে তেওঁ। এইবাৰ হলিউডৰ ডিজাইনাৰ হেৰিছ ৰিডে উৰ্ফিৰ ফেশ্বন চেন্সৰ প্ৰশংসা কৰা দেখা গৈছে।

উৰ্ফিয়ে পূৰ্বেও উল্লেখ কৰিছে যে, তেওঁ নিজৰ পোছাক নিজে ডিজাইন কৰে। কেতিয়াবা কেণ্ডি ফ্লছ, কেতিয়াবা ছেফটিপিন, কেতিয়াবা আকৌ ৰছীৰেই পোছাক তৈয়াৰ কৰি সংবাদ শিৰোনাম দখল কৰিছে উৰ্ফি জাভেদে। উৰ্ফিয়ে অলপতে বস্তাৰে তৈয়াৰী পোছাক পিন্ধি কটাক্ষৰ সন্মুখীন হ’বলগীয়া হৈছে। কিন্তু যাৰ ফেশ্বন চেন্সক ছ’চিয়েল মিডিয়াত ইমান উপহাস কৰা হৈছে তেওঁকে হলীউড ডিজাইনাৰ হেৰিছ ৰিডে প্ৰশংসাৰে উপচাই দিছে।


কিছুদিন পূৰ্বে উৰ্ফিয়ে হলটাৰ নেক শ্বৰ্টেষ্ট ক্ৰপ টপ  পিন্ধিছিল, য’ত কেৱল কাপোৰেৰে তৈয়াৰী দুখন হাতে আবৃত কৰি ৰাখিছিল অভিনেত্ৰীগৰাকীৰ বক্ষযুগল। সেই পোছাক হেৰিছৰ পোছাকৰ পৰা অনুপ্ৰাণিত হৈ তৈয়াৰ কৰিছিল উৰ্ফিয়ে। উৰ্ফিৰ সেই ভিডিঅ’টো নিজেই দেখিছিল ডিজাইনাৰগৰাকীয়ে। এটা ভিডিঅ’ত তেওঁ কয় যে, ‘এই ছোৱালীজনী অতি জনপ্ৰিয়। তাই মোৰ এযোৰ পোছাকৰ ষ্টাইলত পোছাক পিন্ধিছে আৰু ৪.৫ কোটি অনুৰাগীয়ে ইয়াক দেখিছে। সঁচাকৈয়ে আপ্লুত হৈ পৰিছো। ’ এই প্ৰশংসাবাণীয়ে উৰ্ফিক বা ক’লৈ লৈ যায় সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?