--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোছাকৰ বাবেই প্ৰতিদিনে কটাক্ষৰ সন্মুখীন হয় উৰ্ফি জাভেদ। ফেশ্বন চেন্সৰ বাবে প্ৰায়ে উপহাস কৰা হয় উৰ্ফিক। অৱশ্যে, নেটিজেনৰ কথাক ইমান গুৰুত্ব নিদিয়ে ডেমকেয়াৰ উৰ্ফিয়ে। নিজৰ ছন্দত, নিজৰ ইচ্ছানুসাৰে পোছাক পৰিধান কৰে তেওঁ। এইবাৰ হলিউডৰ ডিজাইনাৰ হেৰিছ ৰিডে উৰ্ফিৰ ফেশ্বন চেন্সৰ প্ৰশংসা কৰা দেখা গৈছে।

উৰ্ফিয়ে পূৰ্বেও উল্লেখ কৰিছে যে, তেওঁ নিজৰ পোছাক নিজে ডিজাইন কৰে। কেতিয়াবা কেণ্ডি ফ্লছ, কেতিয়াবা ছেফটিপিন, কেতিয়াবা আকৌ ৰছীৰেই পোছাক তৈয়াৰ কৰি সংবাদ শিৰোনাম দখল কৰিছে উৰ্ফি জাভেদে। উৰ্ফিয়ে অলপতে বস্তাৰে তৈয়াৰী পোছাক পিন্ধি কটাক্ষৰ সন্মুখীন হ’বলগীয়া হৈছে। কিন্তু যাৰ ফেশ্বন চেন্সক ছ’চিয়েল মিডিয়াত ইমান উপহাস কৰা হৈছে তেওঁকে হলীউড ডিজাইনাৰ হেৰিছ ৰিডে প্ৰশংসাৰে উপচাই দিছে।


কিছুদিন পূৰ্বে উৰ্ফিয়ে হলটাৰ নেক শ্বৰ্টেষ্ট ক্ৰপ টপ  পিন্ধিছিল, য’ত কেৱল কাপোৰেৰে তৈয়াৰী দুখন হাতে আবৃত কৰি ৰাখিছিল অভিনেত্ৰীগৰাকীৰ বক্ষযুগল। সেই পোছাক হেৰিছৰ পোছাকৰ পৰা অনুপ্ৰাণিত হৈ তৈয়াৰ কৰিছিল উৰ্ফিয়ে। উৰ্ফিৰ সেই ভিডিঅ’টো নিজেই দেখিছিল ডিজাইনাৰগৰাকীয়ে। এটা ভিডিঅ’ত তেওঁ কয় যে, ‘এই ছোৱালীজনী অতি জনপ্ৰিয়। তাই মোৰ এযোৰ পোছাকৰ ষ্টাইলত পোছাক পিন্ধিছে আৰু ৪.৫ কোটি অনুৰাগীয়ে ইয়াক দেখিছে। সঁচাকৈয়ে আপ্লুত হৈ পৰিছো। ’ এই প্ৰশংসাবাণীয়ে উৰ্ফিক বা ক’লৈ লৈ যায় সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ