--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানাড়া চলচ্চিত্ৰ অভিনেতা নবীন কুমাৰ গৌড়া অৰ্থাৎ যশে আজি সমগ্ৰ ভাৰততে জনপ্ৰিয়তা লাভ কৰিছে। কানাড়া ছবি কে. জি. এফ চেপ্টাৰ-১ ছবিখনে বিপুল জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত আজি সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰপ্ৰেমীৰ মন-মাজুলীত স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেতা যশে। এই ছবিখনৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ পাছতে তেওঁৰ ছবিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকে শ্ৰোতা-দৰ্শকে। প্ৰথম খণ্ডৰ দৰে কে. জি. এফ চেপ্টাৰ-২ ছবিখনেও দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি। পিছে ৰূপালী পৰ্দাত দৰ্শকক মনোৰঞ্জন দিয়া অভিনেতা, ছুপাৰষ্টাৰ যশৰ জীৱন যাত্ৰা কিন্তু সংগ্ৰামৰ বহু কাহিনীৰে ভৰপূৰ। 

কৰ্ণাটকৰ এখন সৰু জিলাৰ পৰা উঠি অহা যশ এতিয়া চিনেপ্ৰেমীৰ চিনাকি নাম।  অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা পুত্ৰ যছে সৰুৰে পৰা সপোন দেখিছিল নায়ক হোৱাৰ। এই সপোন পূৰাবলৈ আধাতে বিদ্যালয় ত্যাগ কৰিছিল তেওঁ। বৰ্তমান সময়ত অৱশ্যে তেওঁৰ সপোন বাস্তৱায়িত হৈছে। কে. জি. এফ চেপ্টাৰ-২ মুক্তি পোৱাৰ পিছত যশ হৈ পৰিছে বহুল সমাদৃত ছুপাৰষ্টাৰ।

বৰ্তমান কে.জি.এফ-ৰ তাৰকা যশৰ হাতত আছে প্ৰায় ৬০ কোটি টকা। অৱশ্যে, বহুতে হয়তো নাজানে যে যশ আজি ছুপাৰষ্টাৰ হ’লেও যশৰ পিতৃ অৰুণ কুমাৰ আজিও এজন বাছ চালক। পুত্ৰৰ গৰিমাই গৌৰৱান্বিত কৰি তুলিলেও নিজৰ বৃত্তি পাহৰি যোৱা নাই পিতৃয়ে। শেহতীয়াকৈ, পৰিচালক ৰাজামৌলীয়ে এই কথা ৰাজহুৱা কৰিছে।

পৰিচালক ৰাজামৌলীয়ে যশ আৰু তেওঁৰ পৰিয়ালক লৈ কৰা ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। ৰাজামৌলীয়ে কয়, ‘মোক সোধা হৈছিল যে যশ এজন বাছ চালকৰ পুত্ৰ। যশৰ পিতৃ এতিয়াও জীয়াই আছে বুলি জানি মই আৰু বেছি আচৰিত হ’লোঁ, তেওঁৰ পেছাটোৱে তেওঁৰ পুত্ৰক তাৰকা হোৱাত সহায় কৰিছে বুলিও কৈছিল যশ পিতৃয়ে।’

জানিব পৰা মতে, জীৱনৰ আৰম্ভণিতে যেতিয়া যশে পঢ়া-শুনা এৰি অভিনয়ৰ প্ৰতি ইচ্ছা প্ৰকাশ কৰিছিল, তেতিয়া পৰিয়ালৰ সন্মতি লাভ কৰা নাছিল যশে। তেওঁৰ পৰিয়ালে বিচাৰিছিল যে তেওঁ পঢ়া-শুনা শেষ কৰি নিজৰ পছন্দৰ কেৰিয়াৰ বাছি লোৱাটো। পৰিয়ালৰ মতানৈক্যৰ বাবেই যশে বিদ্যালয় এৰি অভিনয়ক বৃত্তি হিচাপে বাছি লৈছিল।

ৰাজামৌলীয়ে কয়, ‘যেতিয়া যশে অভিনয়ৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল, তেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে ভাবিছিল যে তেওঁৰ পুত্ৰ কেইদিনমানৰ পিছত ঘৰলৈ উভতি যাব, জীৱনটো প্ৰকৃততে কিমান কঠিন সেই কথা উপলব্ধি কৰিব।’ কিন্তু ভবামতে নহ’ল কথাবোৰ। জানিবলৈ পোৱা মতে, যশে এটা সৰু চৰিত্ৰ পাবলৈ এসময়ত অপেক্ষা কৰি আছিল। কেজিএফ মুক্তি পোৱাৰ পিছত ক্ৰমাত্‍ যেন ভাগ্য সলনি হ’ল যশৰ।

ব্যক্তিগত জীৱনত ২০১৬ চনত প্ৰেমিকা ৰাধিকাক বিয়া কৰাইছিল যশে। বৰ্তমান কে.জি.এফ ছুপাৰষ্টাৰজনৰ দুটি সন্তানৰ সৈতে এটা সুখী পৰিয়াল।

২০০৪ চনত কানাড়া ধাৰাবাহিক ‘উত্তৰায়ণ’ৰ জৰিয়তে অভিনয়ত অভিষেক ঘটা যশে এই ধাৰাবাহিকখনৰ যোগেদি অনুৰাগীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত তেওঁ বহুতো কানাড়া ধাৰাবাহিক যেনে – ‘নন্দ গোকুলা’; ‘প্ৰীতি এলাদা মেলা’; ‘শিৱ’ আদিত অভিনয় কৰিছে।

পৰৱৰ্তী সময়ত ২০০৮ চনত তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ হয় আৰু তেওঁ লাভ কৰে কেৰিয়াৰৰ প্ৰথমখন ছবি ‘জাম্বাদা হুদুগী’। এই ছবিখনৰ পিছত তেওঁৰ চলচ্চিত্ৰ জীৱন আৰম্ভ হয় আৰু এতিয়া তেওঁৰ কে. জি. এফ চেপ্টাৰ নামৰ বহুল সমাদৃত ছবিখনে সমগ্ৰ ভাৰততে এক বিশেষ পৰিচয় গঢ়ি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ