--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম, বিবাহ, সম্পৰ্কৰ গুঞ্জন কিম্বা সম্পৰ্ক ভাঙি যোৱাৰ খবৰ, এই কথাবোৰ যেন বলীউড তাৰকা পৰিয়ালত নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। প্ৰেম আৰু সম্পৰ্কৰ এনে ৰোমাঞ্চকৰ খবৰৰ প্ৰতি অনুৰাগী আগ্ৰহী হোৱাটো স্বাভাৱিক। এই খবৰ যদি আকৌ বিগ-বি অমিতাভ বচ্চনৰ পৰিয়ালক লৈ হয়- তেতিয়া ৰৈ বৈ নাযাব নে?

শুনিবলৈ পোৱা মতে, অমিতাভ কন্যা শ্বেতা বচ্চন নন্দই এগৰাকী বলীউড তাৰকাৰ প্ৰেমত হাবু ডাবু খাইছিল। হৃত্বিক ৰোছনৰ প্ৰেমত পৰিছিল হেনো অমিতাভ জীয়ৰীয়ে। কেৱল প্ৰেমেই নহয়, শ্বেতা-হৃত্বিকৰ সম্পৰ্কৰ গভীৰতা ক্ৰমে গভীৰতালৈ শিপাই যোৱা বুলিও খবৰ ওলাইছিল।

ভাতৃ অভিষেক বচ্চনৰ সৈতে এটা অনুষ্ঠানলৈ যাওঁতে হেনো হৃত্বিকৰ সৈতে ভাব বিনিময় কৰিছিল শ্বেতাই। তাৰ পৰাই আৰম্ভ হৈছিল সিহঁতৰ বন্ধুত্ব। হৃত্বিকৰ প্ৰতি শ্বেতাৰ মৰম ইমানেই বাঢ়ি আহিল যে সিহঁতে গোপনে আৰম্ভ কৰিছিল ডেটিং। হৃত্বিকৰ সৈতে ক্ৰমশঃ বাঢ়ি যোৱা ভালপোৱাৰ টানৰ বাবে কেইমাহমানৰ আগতে শ্বেতাই স্বামী নিখিল নন্দা আৰু তেওঁৰ পৰিয়ালৰ পৰা আঁতৰত থাকিবলৈ আৰম্ভ কৰিছিল। বিষয়টো গুৰুত্ব সহকাৰে লৈছিল অমিতাভ বচ্চনেও।

অমিতাভ বচ্চনে জীয়েকৰ কৰ্মক আওকাণ কৰা নাছিল। শ্বেতাৰ সংসাৰ ভাঙিব পাৰে বুলি আশংকা জন্মাত ৰোছন পৰিয়ালৰ সৈতে দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছিল বিগ-বিয়ে। বিগ-বিৰ এই সিদ্ধান্তৰ প্ৰভাৱ পৰিছিল শ্বেতা আৰু হৃত্বিকৰ ওপৰত। এক প্ৰকাৰ বাধ্যত পৰিয়েই নিজৰ মাজত দূৰত্বৰ সৃষ্টি কৰে তেওঁলোকে।

হৃত্বিকৰ পৰা আঁতৰি যোৱাৰ পিছতো এতিয়া স্বামী নিখিল নন্দাৰ সৈতে দিল্লীত নহয়, মুম্বাইত থাকে অমিতাভ জীয়ৰী শ্বেতাই। অৱশ্যে, ফেশ্বনত নতুন কেৰিয়াৰ আৰম্ভ কৰিবলৈ অমিতাভৰ কন্যা মুম্বাইত থাকিবলগীয়া হৈছে বুলি হৈছে চৰ্চা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু