--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম, বিবাহ, সম্পৰ্কৰ গুঞ্জন কিম্বা সম্পৰ্ক ভাঙি যোৱাৰ খবৰ, এই কথাবোৰ যেন বলীউড তাৰকা পৰিয়ালত নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। প্ৰেম আৰু সম্পৰ্কৰ এনে ৰোমাঞ্চকৰ খবৰৰ প্ৰতি অনুৰাগী আগ্ৰহী হোৱাটো স্বাভাৱিক। এই খবৰ যদি আকৌ বিগ-বি অমিতাভ বচ্চনৰ পৰিয়ালক লৈ হয়- তেতিয়া ৰৈ বৈ নাযাব নে?

শুনিবলৈ পোৱা মতে, অমিতাভ কন্যা শ্বেতা বচ্চন নন্দই এগৰাকী বলীউড তাৰকাৰ প্ৰেমত হাবু ডাবু খাইছিল। হৃত্বিক ৰোছনৰ প্ৰেমত পৰিছিল হেনো অমিতাভ জীয়ৰীয়ে। কেৱল প্ৰেমেই নহয়, শ্বেতা-হৃত্বিকৰ সম্পৰ্কৰ গভীৰতা ক্ৰমে গভীৰতালৈ শিপাই যোৱা বুলিও খবৰ ওলাইছিল।

ভাতৃ অভিষেক বচ্চনৰ সৈতে এটা অনুষ্ঠানলৈ যাওঁতে হেনো হৃত্বিকৰ সৈতে ভাব বিনিময় কৰিছিল শ্বেতাই। তাৰ পৰাই আৰম্ভ হৈছিল সিহঁতৰ বন্ধুত্ব। হৃত্বিকৰ প্ৰতি শ্বেতাৰ মৰম ইমানেই বাঢ়ি আহিল যে সিহঁতে গোপনে আৰম্ভ কৰিছিল ডেটিং। হৃত্বিকৰ সৈতে ক্ৰমশঃ বাঢ়ি যোৱা ভালপোৱাৰ টানৰ বাবে কেইমাহমানৰ আগতে শ্বেতাই স্বামী নিখিল নন্দা আৰু তেওঁৰ পৰিয়ালৰ পৰা আঁতৰত থাকিবলৈ আৰম্ভ কৰিছিল। বিষয়টো গুৰুত্ব সহকাৰে লৈছিল অমিতাভ বচ্চনেও।

অমিতাভ বচ্চনে জীয়েকৰ কৰ্মক আওকাণ কৰা নাছিল। শ্বেতাৰ সংসাৰ ভাঙিব পাৰে বুলি আশংকা জন্মাত ৰোছন পৰিয়ালৰ সৈতে দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছিল বিগ-বিয়ে। বিগ-বিৰ এই সিদ্ধান্তৰ প্ৰভাৱ পৰিছিল শ্বেতা আৰু হৃত্বিকৰ ওপৰত। এক প্ৰকাৰ বাধ্যত পৰিয়েই নিজৰ মাজত দূৰত্বৰ সৃষ্টি কৰে তেওঁলোকে।

হৃত্বিকৰ পৰা আঁতৰি যোৱাৰ পিছতো এতিয়া স্বামী নিখিল নন্দাৰ সৈতে দিল্লীত নহয়, মুম্বাইত থাকে অমিতাভ জীয়ৰী শ্বেতাই। অৱশ্যে, ফেশ্বনত নতুন কেৰিয়াৰ আৰম্ভ কৰিবলৈ অমিতাভৰ কন্যা মুম্বাইত থাকিবলগীয়া হৈছে বুলি হৈছে চৰ্চা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ