--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ ফলত এজন ভাৰতীয় ছাত্ৰৰ মৃত্যু ঘটিছিল। মিছাইল আক্ৰমণৰ ফলত ছাত্ৰজনৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়ত আন এজন ছাত্ৰ যুদ্ধৰ পাৰ্শ্বক্ৰিয়াত ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল। ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে খাৰকিভত নিহত হোৱা ছাত্ৰজনৰ নশ্বৰদেহ স্বভূমিলৈ ঘূৰাই অনা হ’ব। এইক্ষেত্ৰত পূৰ্বে সিদ্ধান্ত লোৱা হৈছিল যে ছাত্ৰজনৰ মৃতদেহ দেওবাৰে স্বভূমিত উপস্থিত হ’ব। কিন্তু এই ক্ষেত্ৰত কিছু সাল-সলনি আহি পৰিছে। এই সন্দৰ্ভত টুইটাৰযোগে সবিশেষ জনাইছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই। তেওঁ টুইট কৰি কয় যে দেওবাৰে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত নিহত হোৱা ছাত্ৰজনৰ মৃতদেহ আহি ভাৰতত উপস্থিত নহ’ব। ইয়াৰ পৰিৱৰ্তে সোমবাৰে কৰ্ণাটক পাবহি ছাত্ৰজনৰ মৃতদেহ। টুইটাৰযোগে মুখ্যমন্ত্ৰীজনে কয় যে, ‘ইউক্ৰেইনত শেহতীয়াকৈ ৰাছিয়াৰ গুলীবৰ্ষণত নিহত হোৱা নবীন জ্ঞানগৌড়াৰ নশ্বৰদেহ সোমবাৰে পুৱা ৩ বজাত বাংগালুৰুলৈ অনা হ’ব।’ সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে মৃতদেহটো ঘূৰাই অনাৰ ক্ষেত্ৰত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈ আছিল। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে মৃতদেহটো দেওবাৰে অনা হ’ব। কিছু বিষয়াৰ মতে দেওবাৰে মৃতদেহটো ঘূৰাই অনা হ’ব বুলি সিদ্ধান্ত লোৱা হোৱা নাছিল। বোম্মাইৰ এজন ঘনিষ্ঠ সহায়কে কয়, ‘এতিয়া স্পষ্ট কৰি দিয়া হৈছে যে মৃতদেহটো সোমবাৰে অনা হ’ব, দেওবাৰে নহয়, কিয়নো আগতে কোৱা হৈছিল যে মৃতদেহটো দেওবাৰে আহিব পাৰে।’ উল্লেখযোগ্য যে, খাৰকিভ চহৰৰ চতুৰ্থ বৰ্ষৰ চিকিৎসা শিক্ষাৰ্থী নবীনে খাদ্য আৰু ধনসংগ্ৰহ কৰিবলৈ বাংকাৰৰ পৰা ওলাই যোৱাৰ সময়ত মৃত্যুক সাৱটি লৈছিল। তেওঁ এটা ৰাছিয়ান মিছাইলৰ বিস্ফোৰণৰ সন্মুখীন হৈছিল যাৰ বাবে নবীন নিহত হৈছিল। কৰ্ণাটকৰ হাভেৰীৰ ৰানেবেন্নুৰ তালুকৰ চালাগাৰী গাঁৱৰ ২২ বছৰীয়া ছাত্ৰ নবীন আছিল শেখৰাপ্পা জ্ঞানগৌড়াৰ দ্বিতীয় পুত্ৰ। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক