--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ ফলত এজন ভাৰতীয় ছাত্ৰৰ মৃত্যু ঘটিছিল। মিছাইল আক্ৰমণৰ ফলত ছাত্ৰজনৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়ত আন এজন ছাত্ৰ যুদ্ধৰ পাৰ্শ্বক্ৰিয়াত ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল। ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে খাৰকিভত নিহত হোৱা ছাত্ৰজনৰ নশ্বৰদেহ স্বভূমিলৈ ঘূৰাই অনা হ’ব। এইক্ষেত্ৰত পূৰ্বে সিদ্ধান্ত লোৱা হৈছিল যে ছাত্ৰজনৰ মৃতদেহ দেওবাৰে স্বভূমিত উপস্থিত হ’ব। কিন্তু এই ক্ষেত্ৰত কিছু সাল-সলনি আহি পৰিছে। এই সন্দৰ্ভত টুইটাৰযোগে সবিশেষ জনাইছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই। তেওঁ টুইট কৰি কয় যে দেওবাৰে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত নিহত হোৱা ছাত্ৰজনৰ মৃতদেহ আহি ভাৰতত উপস্থিত নহ’ব। ইয়াৰ পৰিৱৰ্তে সোমবাৰে কৰ্ণাটক পাবহি ছাত্ৰজনৰ মৃতদেহ। টুইটাৰযোগে মুখ্যমন্ত্ৰীজনে কয় যে, ‘ইউক্ৰেইনত শেহতীয়াকৈ ৰাছিয়াৰ গুলীবৰ্ষণত নিহত হোৱা নবীন জ্ঞানগৌড়াৰ নশ্বৰদেহ সোমবাৰে পুৱা ৩ বজাত বাংগালুৰুলৈ অনা হ’ব।’ সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে মৃতদেহটো ঘূৰাই অনাৰ ক্ষেত্ৰত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈ আছিল। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে মৃতদেহটো দেওবাৰে অনা হ’ব। কিছু বিষয়াৰ মতে দেওবাৰে মৃতদেহটো ঘূৰাই অনা হ’ব বুলি সিদ্ধান্ত লোৱা হোৱা নাছিল। বোম্মাইৰ এজন ঘনিষ্ঠ সহায়কে কয়, ‘এতিয়া স্পষ্ট কৰি দিয়া হৈছে যে মৃতদেহটো সোমবাৰে অনা হ’ব, দেওবাৰে নহয়, কিয়নো আগতে কোৱা হৈছিল যে মৃতদেহটো দেওবাৰে আহিব পাৰে।’ উল্লেখযোগ্য যে, খাৰকিভ চহৰৰ চতুৰ্থ বৰ্ষৰ চিকিৎসা শিক্ষাৰ্থী নবীনে খাদ্য আৰু ধনসংগ্ৰহ কৰিবলৈ বাংকাৰৰ পৰা ওলাই যোৱাৰ সময়ত মৃত্যুক সাৱটি লৈছিল। তেওঁ এটা ৰাছিয়ান মিছাইলৰ বিস্ফোৰণৰ সন্মুখীন হৈছিল যাৰ বাবে নবীন নিহত হৈছিল। কৰ্ণাটকৰ হাভেৰীৰ ৰানেবেন্নুৰ তালুকৰ চালাগাৰী গাঁৱৰ ২২ বছৰীয়া ছাত্ৰ নবীন আছিল শেখৰাপ্পা জ্ঞানগৌড়াৰ দ্বিতীয় পুত্ৰ। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক