--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অন্য দেশৰ তুলনাত ভাৰতৰ সামগ্ৰিকভাৱে মহামাৰী পৰিস্থিতি উন্নত হৈ আহিছে৷ কিছুসংখ্যক দেশত কৰ'না ভাইৰাছৰ দৈনিক বৃদ্ধিয়ে বিপদাশংকা সৃষ্টি কৰিছে যদিও তাৰ তুলনাত ভাৰতত ইয়াৰ পৰিমাণ হ্ৰাস পাইছে৷ এনে পৰিপ্ৰেক্ষিতত মোডী চৰকাৰে দেওবাৰৰ পৰা পুনৰ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল আৰম্ভ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ ডেশ্বব'ৰ্ড অনুসৰি ভাৰতে মঙলবাৰে ১,২৫৯ টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে৷ যাৰ ফলত ক'ভিডৰ সংক্ৰমণ সামান্য হ্ৰাস হোৱা পৰিলক্ষিত হৈছে৷ সোমবাৰে ১,২৭০টা নতুন ঘটনাৰ তুলনাত এয়াৰ পৰিমাণ কম হোৱা দেখা গৈছে৷ যাৰ ফলত ক'ভিডৰ আক্ৰান্তৰ হাৰ মুঠ ৪,৩০,২১,৯৮২জনলৈ বৃদ্ধি হৈছে। ইপিনে ২৪ ঘণ্টাত ৩৫জন ৰোগীৰ মৃত্যু হোৱাৰ বাবে দেশৰ সামগ্ৰিক মৃত্যুৰ সংখ্যা ৫,২১,০৭০লৈ বৃদ্ধি পাইছে। দেশত সক্ৰিয় ৰোগীৰ হাৰ ১৫,৩৭৮লৈ হ্ৰাস পাইছে৷ মঙলবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাত ১,৭০৫জন ৰোগী আৰোগ্য হোৱাৰ পাছত সামগ্ৰিক আৰোগ্য ৪.২৫ কোটিৰ ওচৰত চাপে। বৰ্তমান ক'ভিড-১৯ আৰোগ্যৰ হাৰ হৈছে ৯৮.৭৫ শতাংশ। দৈনিক আৰু সাপ্তাহিক ইতিবাচকতাৰ হাৰ ক্ৰমান্বয়ে ০.২২ শতাংশ আৰু ০.২৫ শতাংশ হয়৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে মঙলবাৰে কয় যে বিগত ২৪ ঘণ্টাত ক'ভিড-১৯ৰ বাবে ৫.৭৭ লাখতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছিল আৰু সামগ্ৰিক পৰীক্ষাৰ পৰিমাণ প্ৰায় ৭৯ কোটিলৈ বৃদ্ধি হৈছে। বিগত কেইবাসপ্তাহ ধৰি ভাৰতত ক'ভিড-১৯ পৰিস্থিতি উন্নতৰ দিশে আগবাঢ়িছে, কিন্তু আন দেশত দৈনিক সংক্ৰমণ বৃদ্ধিয়ে বিপদাশংকা সৃষ্টি কৰিব পাৰে কিয়নো দুবছৰৰ ব্যৱধানৰ পাছত কেন্দ্ৰই দেওবাৰে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল পুনৰ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন