--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অন্য দেশৰ তুলনাত ভাৰতৰ সামগ্ৰিকভাৱে মহামাৰী পৰিস্থিতি উন্নত হৈ আহিছে৷ কিছুসংখ্যক দেশত কৰ'না ভাইৰাছৰ দৈনিক বৃদ্ধিয়ে বিপদাশংকা সৃষ্টি কৰিছে যদিও তাৰ তুলনাত ভাৰতত ইয়াৰ পৰিমাণ হ্ৰাস পাইছে৷ এনে পৰিপ্ৰেক্ষিতত মোডী চৰকাৰে দেওবাৰৰ পৰা পুনৰ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল আৰম্ভ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ ডেশ্বব'ৰ্ড অনুসৰি ভাৰতে মঙলবাৰে ১,২৫৯ টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে৷ যাৰ ফলত ক'ভিডৰ সংক্ৰমণ সামান্য হ্ৰাস হোৱা পৰিলক্ষিত হৈছে৷ সোমবাৰে ১,২৭০টা নতুন ঘটনাৰ তুলনাত এয়াৰ পৰিমাণ কম হোৱা দেখা গৈছে৷ যাৰ ফলত ক'ভিডৰ আক্ৰান্তৰ হাৰ মুঠ ৪,৩০,২১,৯৮২জনলৈ বৃদ্ধি হৈছে। ইপিনে ২৪ ঘণ্টাত ৩৫জন ৰোগীৰ মৃত্যু হোৱাৰ বাবে দেশৰ সামগ্ৰিক মৃত্যুৰ সংখ্যা ৫,২১,০৭০লৈ বৃদ্ধি পাইছে। দেশত সক্ৰিয় ৰোগীৰ হাৰ ১৫,৩৭৮লৈ হ্ৰাস পাইছে৷ মঙলবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাত ১,৭০৫জন ৰোগী আৰোগ্য হোৱাৰ পাছত সামগ্ৰিক আৰোগ্য ৪.২৫ কোটিৰ ওচৰত চাপে। বৰ্তমান ক'ভিড-১৯ আৰোগ্যৰ হাৰ হৈছে ৯৮.৭৫ শতাংশ। দৈনিক আৰু সাপ্তাহিক ইতিবাচকতাৰ হাৰ ক্ৰমান্বয়ে ০.২২ শতাংশ আৰু ০.২৫ শতাংশ হয়৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে মঙলবাৰে কয় যে বিগত ২৪ ঘণ্টাত ক'ভিড-১৯ৰ বাবে ৫.৭৭ লাখতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছিল আৰু সামগ্ৰিক পৰীক্ষাৰ পৰিমাণ প্ৰায় ৭৯ কোটিলৈ বৃদ্ধি হৈছে। বিগত কেইবাসপ্তাহ ধৰি ভাৰতত ক'ভিড-১৯ পৰিস্থিতি উন্নতৰ দিশে আগবাঢ়িছে, কিন্তু আন দেশত দৈনিক সংক্ৰমণ বৃদ্ধিয়ে বিপদাশংকা সৃষ্টি কৰিব পাৰে কিয়নো দুবছৰৰ ব্যৱধানৰ পাছত কেন্দ্ৰই দেওবাৰে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল পুনৰ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন