ডিজিটেল ডেস্কঃ চাকৰিৰ বৰ্ধিত চাহিদাৰ ফলত দেশৰ পাঁচখন বৃহৎ ৰাজ্যত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টী আঁচনিৰ (এমজিএনআৰইজিএছ) অধীনত এই বছৰ অধিক পুঁজি ব্যয় কৰা হৈছে। উল্লেখ্য যে এই ৰাজ্যকেইখনত মহামাৰীৰৰ ফলত ব্যাপক হাৰত প্ৰব্ৰজনকাৰী শ্ৰমিক সৃষ্টি হৈছে। যাৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে।
বিহাৰ, য’ত ২০২০ বৰ্ষত ক’ভিড-১৯ মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত সৰ্বাধিক সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক ঘূৰি আহিছিল, ২০১৯-২০ বৰ্ষত বিহাৰৰ পূৰ্বনিৰ্ধাৰিত ৩,৩৭১ কোটিৰ তুলনাত আঁচনিখনৰ অধীনত ₹৫,৭৭১ কোটি টকা ব্যয় কৰিছে।
মধ্য প্ৰদেশে এনৰেগা আঁচনিৰ অধীনত ২০১৯-২০বৰ্ষত ৪,৯৪৯ কোটি টকা ব্যয় কৰিছিল। এই বছৰ, ইয়াক বৃদ্ধি কৰি ৭,৩৫৪ কোটি টকা ব্যয় কৰিছে, যি পূৰ্বতকৈ ৩২% বৃদ্ধি হৈছে। সমান্তৰালকৈ উড়িশাই ২০১৯-২০ বৰ্ষত ২,৮৩৬ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে ব্যয় কৰিছে ৫,৩৭৫ কোটি টকা। আনহাতে পশ্চিম বংগই ২০১৯-২০ বৰ্ষত ৭,৪৮০ কোটি টকা ব্যয় কৰিছিল কিন্তু এই বছৰ ব্যয় হৈছে ১০,১১৮ কোটি টকা। তামিলনাডুয়ে ২০১৯-২০ বৰ্ষত ৫,৬২১ কোটি টকাৰ তুলনাত এই বছৰ ৮,৯৬১ কোটি ব্যয় কৰিছে।
অসমৰ ক্ষেত্ৰত এই আঁচনিৰ ধন ২০২০-২১ত ২৫টকা ব্যয় কৰাৰ সময়তে, ২০২১-২২ত ৬৪৬ কোটি টকা ব্যয় কৰিছে, যি আনকেইখন ৰাজ্যৰ তুলনাত আঁচনিৰ এই ধন খুবেই নগন্য। ইফালে কৰ’নাই বিধস্ত কৰাৰ পাছত চৰকাৰে প্ৰবজনকাৰী শ্ৰমিকৰ প্ৰসংগটো যেন একেবাৰে গা-এৰা মনোভাৱ গ্ৰহণ কৰিছে সৰ্বসাধাৰণে চৰকাৰক সমালোচনা কৰিছে। এনৰেগাৰ যোগেদিয়েই অসম চৰকাৰে প্ৰবজিত শ্ৰমিকৰ হকে কাম কৰাৰ থল আছিল যদিও বাস্তৱত চৰকাৰে সেয়া নকৰিলে।