--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাকৰিৰ বৰ্ধিত চাহিদাৰ ফলত দেশৰ পাঁচখন বৃহৎ ৰাজ্যত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টী আঁচনিৰ (এমজিএনআৰইজিএছ) অধীনত এই বছৰ অধিক পুঁজি ব্যয় কৰা হৈছে। উল্লেখ্য যে এই ৰাজ্যকেইখনত মহামাৰীৰৰ ফলত ব্যাপক হাৰত প্ৰব্ৰজনকাৰী শ্ৰমিক সৃষ্টি হৈছে। যাৰ বাবে এই সিদ্ধান্ত লৈছে চৰকাৰে। বিহাৰ, য’ত ২০২০ বৰ্ষত ক’ভিড-১৯ মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত সৰ্বাধিক সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক ঘূৰি আহিছিল, ২০১৯-২০ বৰ্ষত বিহাৰৰ পূৰ্বনিৰ্ধাৰিত ৩,৩৭১ কোটিৰ তুলনাত আঁচনিখনৰ অধীনত ₹৫,৭৭১ কোটি টকা ব্যয় কৰিছে। মধ্য প্ৰদেশে এনৰেগা আঁচনিৰ অধীনত ২০১৯-২০বৰ্ষত ৪,৯৪৯ কোটি টকা ব্যয় কৰিছিল। এই বছৰ, ইয়াক বৃদ্ধি কৰি ৭,৩৫৪ কোটি টকা ব্যয় কৰিছে, যি পূৰ্বতকৈ ৩২% বৃদ্ধি হৈছে। সমান্তৰালকৈ উড়িশাই ২০১৯-২০ বৰ্ষত ২,৮৩৬ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে ব্যয় কৰিছে ৫,৩৭৫ কোটি টকা। আনহাতে পশ্চিম বংগই ২০১৯-২০ বৰ্ষত ৭,৪৮০ কোটি টকা ব্যয় কৰিছিল কিন্তু এই বছৰ ব্যয় হৈছে ১০,১১৮ কোটি টকা। তামিলনাডুয়ে ২০১৯-২০ বৰ্ষত ৫,৬২১ কোটি টকাৰ তুলনাত এই বছৰ ৮,৯৬১ কোটি ব্যয় কৰিছে। অসমৰ ক্ষেত্ৰত এই আঁচনিৰ ধন ২০২০-২১ত ২৫টকা ব্যয় কৰাৰ সময়তে, ২০২১-২২ত ৬৪৬ কোটি টকা ব্যয় কৰিছে, যি আনকেইখন ৰাজ্যৰ তুলনাত আঁচনিৰ এই ধন খুবেই নগন্য। ইফালে কৰ’নাই বিধস্ত কৰাৰ পাছত চৰকাৰে প্ৰবজনকাৰী শ্ৰমিকৰ প্ৰসংগটো যেন একেবাৰে গা-এৰা মনোভাৱ গ্ৰহণ কৰিছে সৰ্বসাধাৰণে চৰকাৰক সমালোচনা কৰিছে। এনৰেগাৰ যোগেদিয়েই অসম চৰকাৰে প্ৰবজিত শ্ৰমিকৰ হকে কাম কৰাৰ থল আছিল যদিও বাস্তৱত চৰকাৰে সেয়া নকৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য