--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লেই 'কা' বলবৎ হ’ব, পিছুৱাই অহাৰ প্ৰশ্নই নুঠে বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহে 'কা'ৰ সন্দৰ্ভত কয় যে, ''চৰকাৰে এতিয়ালৈকে প্ৰস্তুত কৰিব পৰা নাই কা-ৰ বিধি, কিন্তু ক’ৰোনাৰ সংহাৰ কমাৰ পিছতেই বলবৎ কৰা হ’ব কা। যেতিয়ালৈকে কৰ’নাৰ পৰা সম্পূ্ৰ্ণ পৰিত্ৰাণ পোৱা নাযায় তেতিয়ালৈকে 'কা'ক প্ৰাধান্য দিয়া নহয়। 'কা' অহাৰ প্ৰায় ২ বছৰ পাছতেই কৰ’নাই দেশত ত্ৰাসৰ সৃষ্টি কৰিছে। সেইবাবে আমি আগুৱাই যাব পৰা নাই কিন্তু ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লেই দেশজুৰি 'কা' বলবৎ হ’ব, ইয়াৰ পৰা পিছুৱাই অহাৰ প্ৰশ্নয়েই নুঠে। উল্লেখ্য যে 'কা'ৰ উদ্দেশ্য হৈছে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসকলৰ দৰে নিৰ্যাতিত সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা। ২০১৯ চনত সংসদৰ দ্বাৰা 'কা' গৃহীত হোৱাৰ পাছত দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। 'কা'ৰ বিৰোধিতা কৰা সকলে দাবী কৰিছিল যে ই ধৰ্মৰ ভিত্তিত বৈষম্যমূলক আৰু ই সংবিধান উলংঘা কৰিব। তেওঁলোকে এইটোও অভিযোগ কৰিছিল যে 'কা'ৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উদ্দেশ্য হৈছে ভাৰতৰ মুছলমান লোকক লক্ষ্য কৰি লোৱা। অৱশ্যে অমিত শ্বাহে এই অভিযোগবোৰ খাৰিজ কৰিছিল আৰু 'কা'ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক 'ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত' বুলি বৰ্ণনা কৰিছিল। তেওঁ দৃঢ়তাৰে কৈছিল যে আইনখনৰ বাবে কোনো ভাৰতীয়ই অস্তিত্ব নেহেৰুৱায়। পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নিৰ্যাতিত অ-মুছলমান সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সুবিধা প্ৰদান কৰা কা ১১ ডিচেম্বৰ, ২০১৯ ত সংসদৰ দ্বাৰা গৃহীত হৈছিল আৰু পাছদিনা এই আইনে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছিল। অৱশ্যে আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই কিয়নো 'কা'ৰ অধীনত থকা নিয়মবোৰ এতিয়াও প্ৰস্তুত কৰা হোৱা নাই। আৰু পঢ়কঃ ৰাশিফলে আজি আপোনাৰ বাবে কি কঢ়িয়াই আনিছে…জানো আহক

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন