--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লেই 'কা' বলবৎ হ’ব, পিছুৱাই অহাৰ প্ৰশ্নই নুঠে বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহে 'কা'ৰ সন্দৰ্ভত কয় যে, ''চৰকাৰে এতিয়ালৈকে প্ৰস্তুত কৰিব পৰা নাই কা-ৰ বিধি, কিন্তু ক’ৰোনাৰ সংহাৰ কমাৰ পিছতেই বলবৎ কৰা হ’ব কা। যেতিয়ালৈকে কৰ’নাৰ পৰা সম্পূ্ৰ্ণ পৰিত্ৰাণ পোৱা নাযায় তেতিয়ালৈকে 'কা'ক প্ৰাধান্য দিয়া নহয়। 'কা' অহাৰ প্ৰায় ২ বছৰ পাছতেই কৰ’নাই দেশত ত্ৰাসৰ সৃষ্টি কৰিছে। সেইবাবে আমি আগুৱাই যাব পৰা নাই কিন্তু ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লেই দেশজুৰি 'কা' বলবৎ হ’ব, ইয়াৰ পৰা পিছুৱাই অহাৰ প্ৰশ্নয়েই নুঠে। উল্লেখ্য যে 'কা'ৰ উদ্দেশ্য হৈছে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসকলৰ দৰে নিৰ্যাতিত সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা। ২০১৯ চনত সংসদৰ দ্বাৰা 'কা' গৃহীত হোৱাৰ পাছত দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। 'কা'ৰ বিৰোধিতা কৰা সকলে দাবী কৰিছিল যে ই ধৰ্মৰ ভিত্তিত বৈষম্যমূলক আৰু ই সংবিধান উলংঘা কৰিব। তেওঁলোকে এইটোও অভিযোগ কৰিছিল যে 'কা'ৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উদ্দেশ্য হৈছে ভাৰতৰ মুছলমান লোকক লক্ষ্য কৰি লোৱা। অৱশ্যে অমিত শ্বাহে এই অভিযোগবোৰ খাৰিজ কৰিছিল আৰু 'কা'ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক 'ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত' বুলি বৰ্ণনা কৰিছিল। তেওঁ দৃঢ়তাৰে কৈছিল যে আইনখনৰ বাবে কোনো ভাৰতীয়ই অস্তিত্ব নেহেৰুৱায়। পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নিৰ্যাতিত অ-মুছলমান সংখ্যালঘুসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সুবিধা প্ৰদান কৰা কা ১১ ডিচেম্বৰ, ২০১৯ ত সংসদৰ দ্বাৰা গৃহীত হৈছিল আৰু পাছদিনা এই আইনে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিছিল। অৱশ্যে আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই কিয়নো 'কা'ৰ অধীনত থকা নিয়মবোৰ এতিয়াও প্ৰস্তুত কৰা হোৱা নাই। আৰু পঢ়কঃ ৰাশিফলে আজি আপোনাৰ বাবে কি কঢ়িয়াই আনিছে…জানো আহক

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি