কোৱা হয় দিল্লীৰ ক্ষমতা দখলৰ বাট উত্তৰ প্ৰদেশ ৰ মাজেদিয়েই যায়। উত্তৰ প্ৰদেশৰ ৮০খন লোকসভাৰ আসনৰ ভিতৰত যিটো দলেই সৰ্বাধিক আসন দখল কৰে, সেইটো দলৰ বাবে দিল্লীৰ গাদী দখল বহুখিনি উজু হৈ পৰে। যাৰ বাবে প্ৰতিটো আগশাৰীৰ ৰাজনৈতিক দলেই উত্তৰ প্ৰদেশৰ লোকসভা নিৰ্বাচনৰ লগতে বিধানসভাৰ নিৰ্বাচনকো যথেষ্ট গুৰুত্ব সহকাৰে লয়। বিজেপিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত দখল কৰিছিল ৭১খন আসন। যাৰ বাবে সেইবাৰ কেন্দ্ৰৰ ক্ষমতা দখল বিজেপিৰ বাবে সুচল হৈ পৰিছিল।
২০১৯ চনতো উত্তৰ প্ৰদেশত দলটোৱে ৬১খন আসনত বিজয় সাব্যস্ত কৰাটোৱে সহায় কৰিছিল দিল্লীৰ ক্ষমতাত পুনৰ অধিষ্ঠিত হোৱাত। আনহাতে, ২০১৭ৰ বিধানসভা নিৰ্বাচনত হিন্দী বলয়ৰ এই ৰাজ্যখনত বিজেপিয়ে মোদী ঢৌৰ সহায়ত ৩১২খন আসন অধিকাৰ কৰি ক্ষমতালৈ আহিছিল। ৰাজ্যত শাসনত থকাৰ সুফল দলটোৱে ২০১৯ৰ লোকসভা নিৰ্বাচনত লাভ কৰিছিল। সমাজবাদী পাৰ্টী আৰু বহুজন সমাজ পাৰ্টীৰ শক্তিশালী মহাজোঁটক পৰাভূত কৰাত শাসনাধীষ্ঠ দল হোৱাৰ অনুকূল পৰিস্থিতিয়ে বিজেপিক নিশ্চিতভাৱে সহায় কৰিছিল।
এইবাৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি দিয়েই বিজেপিৰ লগতে প্ৰতিটো আগশাৰীৰ দলৰ বাবে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন অতিকৈ গুৰুত্বপূৰ্ণ। ২০২৪ত হেট্ৰিক কৰিবলৈ হ’লে বিজেপিয়ে ২০২১ত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰাটো হৈ পৰিছে অতিকৈ প্ৰয়োজন। এইবাৰ উত্তৰ প্ৰদেশত বিজয় সাব্যস্ত কৰা মানে দলটোৱে আত্মবিশ্বাসী হৈ ২০২৪ত সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আনহাতে, পৰাস্ত হোৱা মানে বিৰোধীক আত্মবিশ্বাসী হৈ মহাজোঁট গঠন কৰাৰ বাবে এঢাপ আগুৱাই দিয়া।
কিন্তু, ২০২১ৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিজেপিৰ পথ একেবাৰে মসৃণ নহয়। মোদী আৰু যোগীৰ বাবে এয়া হৈ পৰিছে অগ্নি পৰীক্ষাসদৃশ। কৃষি আইন বিৰোধী আন্দোলন আৰু লখিমপুৰ খিৰিত কৃষক হত্যাক লৈ বিজেপিৰ ওপৰত যথেষ্ট অসন্তুষ্ট ৰাজ্যখনৰ কৃষক সমাজ। সমাজবাদী পাৰ্টী আৰু কৃষককেন্দ্ৰিক দল ৰাষ্ট্ৰীয় লোক দলৰ পক্ষত যথেষ্ট সংখ্যক কৃষকে অৱস্থান লোৱাটো স্পষ্ট হৈছে। লখিমপুৰ খিৰিত কৃষক হত্যাত অভিযুক্ত আশিস মিশ্রক আদালতে জামিন দিয়াক লৈ কৃষকৰ অসন্তুষ্টি দুগুণে চৰিছে। বিজেপিৰ ব্ৰাহ্মণ ভোট বেংকৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিসক জামিন পোৱাৰ পৰিস্থিতিৰ সৃষ্টি কৰা হ’ল বুলি বদ্ধমূল ধাৰণা লৈছে কৃষক জনতাৰ বহুজনে। শেহতীয়াকৈ সম্পন্ন হোৱা তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণেও বিজেপিৰ বাবে বৰ বেছি শুভ সংকেত কঢ়িয়াই অনা নাই বুলিয়েই অভিমত নিৰ্বাচন বিশেষজ্ঞসকলৰো।
কাৰণ, ভোটগ্ৰহণৰ হাৰ কম হৈছে। এই তিনিটা পৰ্যায়ত বিগত ২০১৭ৰ বিধানসভা নিৰ্বাচনতকৈ প্রায় ২ শতাংশ কম ভোট পৰিছে। যিটোৱে বিজেপিকে ক্ষতি কৰিব বুলি ধাৰণা কৰা হৈছে। কাৰণ ২০১২তকৈ ২০১৭ত যেতিয়া প্ৰথম তিনিটা পৰ্যায়ত অধিক হাৰত ভোটগ্ৰহণ হৈছিল, তেতিয়া বিজেপি যথেষ্ট লাভান্বিত হৈছিল। উদাহৰণস্বৰূপে পশ্চিম উত্তৰ প্ৰদেশত ২০১৭ চনত ২০১২ চনতকৈ অধিক হাৰত ভোটগ্ৰহণ হওঁতে বিজেপিয়ে লাভ কৰিছিল ৫৮খন আসনৰ ৫৩খন আসন।
২০১২ত এই অঞ্চলত দলটোৱে লাভ কৰিছিল ১০খন আসন। ২০১২ত পশ্চিম উত্তৰ প্ৰদেশত হৈছিল ৬১.০৩ শতাংশ হাৰত ভোটদান। ২০১৭ত হৈছিল ৬৪.৫৬ শতাংশ। এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পশ্চিম উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ ৬০.১৭ শতাংশ। আন দুটা পৰ্যায়তো ভোটদানৰ হাৰ এনেদৰেই ১-২ শতাংশত কমিছে। এই সূত্ৰত একাংশ ৰাজনৈতিক বিশেষজ্ঞৰ অভিমত প্ৰথম তিনিটা পৰ্যায়ত বিজেপিৰ আসন ২০১৭ৰ তুলনাত হ্ৰাস পাব। বিজেপিৰ হিন্দুত্বৰ ইছ্যুত দলটোৰ পক্ষত জনতাই আন সকলো ইছ্যু পাহৰি একত্ৰিত হৈ যে ভোট দিয়া নাই, এয়া তাৰেই প্ৰমাণ বুলি মন্তব্য বিশেষজ্ঞৰ।
বিজেপি তথা মোদী আৰু যোগী নিৰ্বাচনত অৱতীৰ্ণ হৈছে হিন্দুত্ব, ৰাম মন্দিৰ নিৰ্মাণ, বিকাশৰ ইছ্যু লৈ। নিৰ্বাচনৰ পূৰ্বে এক্সপ্ৰেছ হাইৱে’ মুকলি কৰি, আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ আধাৰশিলা স্থাপন কৰি মোদী-যোগীয়ে বিকাশৰ বাৰ্তা দিছে। কিন্তু এই ইছ্যুকেইটাক লৈ উত্তৰ প্ৰদেশৰ জনতাই বহুলভাৱে বিজেপিক পৰৱৰ্তী চাৰিটা পৰ্যায়ৰ নিৰ্বাচনত ভোট দিব নে নাই, সেয়া হৈ পৰিছে সন্দেহৰ বিষয়। এই নিৰ্বাচনত অসন্তুষ্ট কৃষক সমাজে বহুলাংশে বাস্তৱ ক্ষেত্ৰত বিজেপি বিৰোধী হৈ ভোট দিলে দলটো সংকটত পৰাটো নিশ্চিত। গতিকে, প্ৰথম তিনিটা ভোটগ্ৰহণৰ পৰ্যায়ৰ পাছত উত্তৰ প্ৰদেশৰ নিৰ্বাচনে ক্ৰমান্বয়ে উদ্বিগ্নতা বৃদ্ধি কৰিছে মোদী-যোগীৰ। প্ৰথম তিনিটা পৰ্যায়ত বিজেপিৰ বাবে নহ'ল শুভ আৰম্ভণি।