--°C
Loading...
Listen to Article
2 min read
80%

খালী হ’ব অসমৰ দুখন আসন

প্ৰস্তুতি আৰম্ভ কংগ্ৰেছ-বিজেপিৰ
ডিজিটেল ডেস্ক: আজি ভাৰতৰ নিৰ্বাচন আয়োগে ৩১ মাৰ্চত ভাৰতৰ ছয়খন ৰাজ্যত ১৩খন আসনৰ ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে৷ পঞ্জাবত পাঁচখন, কেৰালাত তিনিখন, অসমত দুখন, হিমাচল প্ৰদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডত এখন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ ৰাজ্যসভাৰ কাৰ্যকাল শেষ হ’বলগীয়া সাংসদসকল হৈছে- অসমৰ ৰাণী নৰহ আৰু ৰিপুণ বৰা, হিমাচল প্ৰদেশৰ আনন্দ শৰ্মা, এ কে এণ্টনী, এম ভি শ্ৰেয়ামছ কুমাৰ আৰু কেৰালাৰ সোমাপ্ৰসাদ কে, নগালেণ্ডৰ কে জি কেনি, ত্ৰিপুৰাৰ ঝৰ্ণা দাস (বাইদ্য), সুখদেৱ সিং, পাৰ্টপ সিং বাজৱা, নৰেশ মালিক, নৰেশ গুয়েৰছ চামৰুল সিং। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি হ’ব ১৪ মাৰ্চত৷ মনোনয়ন-পত্ৰ দাখিল কৰাৰ অন্তিম দিন ২১মাৰ্চ ধাৰ্য কৰা হৈছে৷ মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব ২২মাৰ্চত৷ ২১ মাৰ্চ, ২৪ মাৰ্চ হৈছে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন৷ ভোটদানৰ তাৰিখ ৩১ মাৰ্চ নিৰ্ধাৰণ কৰিছে নিৰ্বাচন আয়োগে৷ ভোটদানৰ সময় পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ৷ ভোটগ্ৰহণৰ দিনটোতে সন্ধিয়া পাঁচ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগণনা প্ৰক্ৰিয়া৷ আয়োগে নিৰ্দেশ দিছে যে বেলট পেপাৰত অগ্ৰাধিকাৰ চিহ্নিত কৰাৰ উদ্দেশ্যে ৰিটাৰ্ণিং বিষয়াই প্ৰদান কৰা পূৰ্ব-নিৰ্ধাৰিত নিৰ্দিষ্টকৰণৰ কেৱল একত্ৰিত বেঙুনীয়া ৰঙৰ স্কেচপেন(বোৰ) ব্যৱহাৰ কৰা হ’ব। এই নিৰ্বাচনত আন কোনো কলম কোনো পৰিস্থিতিতে ব্যৱহাৰ কৰা নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান