--°C
Loading...
Listen to Article
2 min read
80%

খালী হ’ব অসমৰ দুখন আসন

প্ৰস্তুতি আৰম্ভ কংগ্ৰেছ-বিজেপিৰ
ডিজিটেল ডেস্ক: আজি ভাৰতৰ নিৰ্বাচন আয়োগে ৩১ মাৰ্চত ভাৰতৰ ছয়খন ৰাজ্যত ১৩খন আসনৰ ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে৷ পঞ্জাবত পাঁচখন, কেৰালাত তিনিখন, অসমত দুখন, হিমাচল প্ৰদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডত এখন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷ ৰাজ্যসভাৰ কাৰ্যকাল শেষ হ’বলগীয়া সাংসদসকল হৈছে- অসমৰ ৰাণী নৰহ আৰু ৰিপুণ বৰা, হিমাচল প্ৰদেশৰ আনন্দ শৰ্মা, এ কে এণ্টনী, এম ভি শ্ৰেয়ামছ কুমাৰ আৰু কেৰালাৰ সোমাপ্ৰসাদ কে, নগালেণ্ডৰ কে জি কেনি, ত্ৰিপুৰাৰ ঝৰ্ণা দাস (বাইদ্য), সুখদেৱ সিং, পাৰ্টপ সিং বাজৱা, নৰেশ মালিক, নৰেশ গুয়েৰছ চামৰুল সিং। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি হ’ব ১৪ মাৰ্চত৷ মনোনয়ন-পত্ৰ দাখিল কৰাৰ অন্তিম দিন ২১মাৰ্চ ধাৰ্য কৰা হৈছে৷ মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব ২২মাৰ্চত৷ ২১ মাৰ্চ, ২৪ মাৰ্চ হৈছে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন৷ ভোটদানৰ তাৰিখ ৩১ মাৰ্চ নিৰ্ধাৰণ কৰিছে নিৰ্বাচন আয়োগে৷ ভোটদানৰ সময় পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ৷ ভোটগ্ৰহণৰ দিনটোতে সন্ধিয়া পাঁচ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগণনা প্ৰক্ৰিয়া৷ আয়োগে নিৰ্দেশ দিছে যে বেলট পেপাৰত অগ্ৰাধিকাৰ চিহ্নিত কৰাৰ উদ্দেশ্যে ৰিটাৰ্ণিং বিষয়াই প্ৰদান কৰা পূৰ্ব-নিৰ্ধাৰিত নিৰ্দিষ্টকৰণৰ কেৱল একত্ৰিত বেঙুনীয়া ৰঙৰ স্কেচপেন(বোৰ) ব্যৱহাৰ কৰা হ’ব। এই নিৰ্বাচনত আন কোনো কলম কোনো পৰিস্থিতিতে ব্যৱহাৰ কৰা নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক